ETV Bharat / bharat

Hindu-Muslim bonhomie: মন্দিৰ চৌহদত একেলগে শিক্ষা আহৰণ দুই ধৰ্মৰ শিক্ষাৰ্থীৰ - Kumari Anjana Prasad headmaster

মন্দিৰ চৌহদত পাঠদান কৰি একতাৰ অনন্য নিদৰ্শন দাঙি ধৰিছে এখন চৰকাৰী বিদ্যালয়ে ৷ বিদ্যালয়খনৰ নিজা ভৱন নথকাত কেইবা বছৰ কোনো ভেদাভেদ নকৰাকৈ দুই সম্প্ৰদায়ৰ শিক্ষাৰ্থীক একেলগে পাঠদান কৰি আহিছে বিদ্যালয়ৰ কৰ্তৃপক্ষই(Muslim students study on temple premises) ।

Hindu-Muslim bonhomie
মন্দিৰ চৌহদত একেলগে শিক্ষা আহৰণ দুই সম্প্ৰদায়ৰ শিক্ষাৰ্থীৰ
author img

By

Published : Dec 22, 2022, 4:38 PM IST

নিউজ ডেস্ক, 22 ডিচেম্বৰ: বিহাৰৰ গয়া বাকচুবিঘা চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ নিজা ভৱন নথকাত সম্প্ৰতি এটা মন্দিৰৰ চৌহদতে পাঠদান কৰা হৈছে(Baksubigha Government Primary School) ৷ বিদ্যালয়খনে হিন্দু-মুছলমান দুয়োটা সম্প্ৰদায়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কোনো বৈষম্য নকৰাকৈ পাঠদান কাৰ্য অব্যাহত ৰাখিছে ৷ মুছলমান আৰু হিন্দু অভিভাৱকসকলেও তেওঁলোকৰ সন্তানক জ্ঞান আহৰণৰ জৰিয়তে দেশৰ এজন সু-নাগৰিক হিচাপে গঢ় দিয়াৰ লক্ষ্যৰে এই 'শিক্ষাৰ মন্দিৰ'লৈ প্ৰেৰণ কৰে(Muslim students study on temple premises) ।

বিহাৰৰ গয়া জিলাৰ বাকচুবিঘা অঞ্চলৰ জয় মা দেৱী মন্দিৰৰ(Jai Maa Devi temple Baksubigha Gaya Bihar) চৌহদত চলি থকা এই অনন্য প্ৰাথমিক বিদ্যালয়খনৰ বিষয়ে উল্লেখ কৰি এগৰাকী শিক্ষয়িত্ৰী অৰ্চনা ৰাণীয়ে কয়, "দুয়োটা সম্প্ৰদায়ৰ শিক্ষাৰ্থী এই বিদ্যালয়লৈ আহে আৰু নিষ্ঠাৰে অধ্যয়ন কৰে । মন্দিৰৰ চৌহদত চলি থকা এই বিদ্যালয়ত অধ্যয়ন কৰা ক্ষেত্ৰত মুছলমান শিক্ষাৰ্থীসকলৰ কোনো বাধা নাই । তেওঁলোকেও এইক্ষেত্ৰত আপত্তি কৰা নাছিল । আমি তেওঁলোকক নৈতিক শিক্ষা দিওঁ যে জ্ঞান লাভ কৰাটোহে অধিক গুৰুত্বপূৰ্ণ ।"

আনহাতে বিদ্যালয়খনৰ প্ৰধান শিক্ষক কুমাৰী অঞ্জনা প্ৰসাদে কয়, "আমি দুয়োজনেই যথাসাধ্য চেষ্টা কৰি আছো যাতে দৰিদ্ৰ পাৰিবাৰিক পৃষ্ঠভূমিৰ পৰা অহা এই শিক্ষাৰ্থীসকলে জ্ঞান লাভ কৰিব পাৰে যাতে তেওঁলোকে ভাল জীৱন যাপন কৰিব পাৰে । মুছলমান সম্প্ৰদায়ৰ কমেও ২৫ জন শিক্ষাৰ্থীয়ে বিদ্যালয়খনত অধ্যয়ন কৰি আছে । আমি সাম্প্ৰদায়িক ভিত্তিত চিন্তা নকৰোঁ আৰু শিক্ষাৰ্থীসকলেও তেনেধৰণে চিন্তা নকৰে ।" শিক্ষাৰ্থীসকলেও তেওঁলোকে মন্দিৰৰ চৌহদত একেলগে শিক্ষা আহৰণ কৰিবলৈ অহাৰ সময়ত অভিভাৱকসকলে আগবঢ়াই দিয়াৰ কথা জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: Hindu-Muslim Brotherhood: নামঘৰ নিৰ্মাণৰ বাবে ভূমি দান কৰিলে ইছলাম ধৰ্মাৱলম্বী লোকে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.