ETV Bharat / bharat

মছজিদৰ ভিতৰত শিৱলিংগ উদ্ধাৰৰ পোষ্ট দি গ্ৰেপ্তাৰ হিন্দু মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক - Hindu College associate professor arrested

বাৰাণসীৰ জ্ঞানবাপী মছজিদ কমপ্লেক্সৰ ভিতৰত শিৱলিংগ উদ্ধাৰ হোৱা বুলি কৰা আপত্তিজনক ছ’চিয়েল মিডিয়া পোষ্টৰ বাবে দিল্লী বিশ্ববিদ্যালয়ৰ হিন্দু মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ৰতন লালক গ্ৰেপ্তাৰ (Hindu College associate professor arrest ) ৷ এই সন্দৰ্ভত কৰা পোষ্টটোক সমৰ্থন কৰি লালে ক’লে ''মই এজন ইতিহাসবিদ '' ৷

hindu-college-associate-professor-arrested-over-objectionable-social-media-post
মছজিদৰ ভিতৰত শিৱলিংগ উদ্ধাৰৰ পোষ্ট দি গ্ৰেপ্তাৰ হিন্দু মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক
author img

By

Published : May 21, 2022, 12:07 PM IST

নেশ্বনেল ডেস্ক, 21 মে’: দিল্লী বিশ্ববিদ্যালয়ৰ হিন্দু মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ৰতন লালে বাৰাণসীৰ জ্ঞানবাপী মছজিদ কমপ্লেক্সৰ ভিতৰত শিৱলিংগ উদ্ধাৰ হোৱা বুলি কৰা আপত্তিজনক ছ’চিয়েল মিডিয়া পোষ্টৰ বাবে তেওঁক শুকুৰবাৰে নিশা গ্ৰেপ্তাৰ কৰা হয় (professor objectionable social media post ) । জানিব পৰা গৈছে যে ,ভাৰতীয় দণ্ডবিধিৰ ধাৰা ১৫৩এ (ধৰ্ম, জাতি, জন্মস্থান, বাসস্থান, ভাষা আদিৰ ভিত্তিত বিভিন্ন গোটৰ মাজত শত্ৰুতা প্ৰসাৰ কৰা, আৰু সম্প্ৰীতি বজাই ৰখাৰ প্ৰতি ক্ষতিকাৰক কাৰ্য্য কৰা) আৰু ২৯৫এ (ইচ্ছাকৃতভাৱে যিকোনো শ্ৰেণীৰ ধৰ্মীয় অনুভৱক অপমান কৰি ক্ষোভিত কৰা )।

দিল্লীস্থিত এজন অধিবক্তাই দাখিল কৰা এজাহাৰৰ ভিত্তিত মঙলবাৰে নিশা লালৰ বিৰুদ্ধে এফ আই আৰ দাখিল কৰা হয় । তেওঁৰ অভিযোগত অধিবক্তা ভিনীত জিন্দলে কয় যে শেহতীয়াকৈ লালে শিৱলিংগক লৈ “অপমানজনক, উচটনিমূলক ” টুইট শ্বেয়াৰ কৰিছে । অভিযোগত তেওঁ কয় যে, লালে তেওঁৰ টুইটাৰ একাউণ্টত দিয়া বক্তব্য 'উত্তেজক'। জ্ঞানবাপী মছজিদ কমপ্লেক্সত উদ্ধাৰ হোৱা ‘শিৱলিংগ’ৰ বিষয়টোক লৈ এই বিবৃতিটো পোষ্ট কৰা হৈছে যিটো অতি স্পৰ্শকাতৰ আৰু বিষয়টো আদালতত বিচাৰাধীন হৈ আছে বুলি অধিবক্তাগৰাকীয়ে তেওঁৰ এজাহাৰত প্ৰকাশ কৰিছে।

ইয়াৰ পূৰ্বে আত্ম পক্ষ সমৰ্থন কৰি লালে কৈছিল, "ভাৰতত যদি আপুনি কিবা কথা কয়, তেন্তে কাৰোবাৰ নহয় কাৰোবাৰ আৱেগত আঘাত হ’বই । গতিকে এয়া নতুন কথা নহয়। মই এজন ইতিহাসবিদ আৰু কেইবাটাও পৰ্যবেক্ষণ মই কৰিছো আৰু সেইবোৰ মই লিখি থৈছো, মই মোৰ পোষ্টটোত অতি সাৱধানে ভাষা ব্যৱহাৰ কৰিছো ।"

লগতে পঢ়ক : প্ৰতিকূল বতৰৰ বাবে আগ্ৰালৈ ডাইভাৰ্ট কৰা হ’ল ৰাজনাথ সিঙৰ বিমান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.