ETV Bharat / bharat

দশম শ্ৰেণীলৈকে হিন্দী বাধ্যতামূলক হ'ব উত্তৰ-পূবৰ ৰাজ্যসমুহত: অমিত শ্বাহ - কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

উত্তৰ-পূবৰ আঠখন ৰাজ্যতে এতিয়া দশম শ্ৰেণীলৈকে হিন্দী বাধ্যতামূলক কৰা হ'ব ৷ বৃহস্পতিবাৰে ৩৭ সংখ্যক সংসদীয় চৰকাৰী ভাষা সমিতিৰ বৈঠকত সভাপতিত্ব কৰি শ্বাহে এই কথা সদৰি কৰে (Hindi will be made compulsory in Northeastern states) ৷

hindi-will-be-made-compulsory-in-northeastern-states-says-amit-shah
দশম শ্ৰেণীলৈকে হিন্দী বাধ্যতামূলক হ'ব উত্তৰ-পূবৰ ৰাজ্যসমুহত: অমিত শ্বাহ
author img

By

Published : Apr 8, 2022, 8:29 PM IST

নতুন দিল্লী: কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে, উত্তৰ-পূবৰ আঠখন ৰাজ্যতে এতিয়া দশম শ্ৰেণীলৈকে হিন্দী বাধ্যতামূলক কৰা হ'ব ।

শ্বাহে কয়, "উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যত বাইশ হাজাৰ হিন্দী শিক্ষক নিয়োগ কৰা হৈছে । উত্তৰ-পূৰ্বাঞ্চলৰ নটা জনজাতীয় সম্প্ৰদায়ে তেওঁলোকৰ উপভাষাৰ লিপিসমূহ দেৱনাগৰীলৈ ইতিমধ্যেই ৰূপান্তৰ কৰিছে ।"

বৃহস্পতিবাৰে ৩৭ সংখ্যক সংসদীয় চৰকাৰী ভাষা সমিতিৰ বৈঠকত সভাপতিত্ব কৰি শ্বাহে এই কথা সদৰি কৰে আৰু উল্লেখ কৰে যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চৰকাৰ চলোৱাৰ মাধ্যম হিচাপে চৰকাৰী ভাষা ব্য়ৱহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ই নিশ্চিতভাৱে হিন্দীৰ গুৰুত্ব বৃদ্ধি কৰিব ।

কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে হিন্দীক "ভাৰতৰ ভাষা" বুলি অভিহিত কৰি কয় যে, ইয়াক বিভিন্ন ৰাজ্যৰ নাগৰিকে ইজনে সিজনৰ সৈতে যোগাযোগ কৰিবলৈ ব্যৱহাৰ কৰিব লাগে (Hindi will be made compulsory in Northeastern states) ।

বিভিন্ন ৰাজ্যৰ সকলো লোকে ইংৰাজীৰ বিকল্প হিচাপে হিন্দী ভাষা গ্ৰহণ কৰা উচিত । তেওঁ কয় যে, তেওঁ হিন্দী ভাষাই স্থানীয় ভাষাৰ স্থান লোৱাৰ বিৰোধী, কিন্তু হিন্দী ভাষাটো সকলো ৰাজ্যৰ মাজত মুল সংযোগী ভাষা হিচাপে কাম কৰিব পাৰে ।

লগতে, "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সিদ্ধান্ত লৈছে যে চৰকাৰ চলোৱাৰ মাধ্যম হৈছে চৰকাৰী ভাষা, আৰু ই নিশ্চিতভাৱে হিন্দীৰ গুৰুত্ব বৃদ্ধি কৰিব । এতিয়া সময় আহি পৰিছে চৰকাৰী ভাষাক দেশৰ ঐক্যৰ এক গুৰুত্বপূৰ্ণ অংশ কৰি তোলাৰ । যেতিয়া আন ভাষা কোৱা ৰাজ্যৰ নাগৰিকসকলে ইজনে সিজনৰ সৈতে কথা পাতে বা ভাব বিনিময় কৰে তেতিয়া ই ভাৰতৰ ৰাষ্ট্ৰভাষাৰ জৰিয়তে হ'ব লাগে" এই বুলি শ্বাহে কয় ।

তেওঁ কয় যে, এতিয়া কেবিনেটৰ কাৰ্যসূচীৰ ৭০ শতাংশ হিন্দীত প্ৰস্তুত কৰা হয় । আন স্থানীয় ভাষাৰ শব্দ গ্ৰহণ কৰি হিন্দীক নমনীয় কৰিলেহে এই ভাষাৰ প্ৰচাৰ আৰু বেছি হ'ব বুলিও উল্লেখ কৰে শ্বাহে । তেওঁ হিন্দী অভিধান সমুহো সংশোধন কৰি পুনৰ প্ৰকাশ কৰাৰ পৰামৰ্শ দিয়ে ৷

আনহাতে, কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়াই শুকুৰবাৰে হিন্দীক যোগাযোগৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰাৰ বিষয়ে গৃহমন্ত্ৰী অমিত শ্বাহৰ বক্তব্যৰ ওপৰত তীব্ৰ আপত্তি উত্থাপন কৰে । এক টুইটৰ জৰিয়তে সিদ্ধাৰামাইয়াই হিন্দীক ৰাষ্ট্ৰীয় ভাষা হিচাপে গ্ৰহণ কৰাৰ কথা অস্বীকাৰ কৰে আৰু ইয়াক এক হ'বলৈ নিদিয়াৰ হুংকাৰ দিয়ে ।

কংগ্ৰেছ নেতাজনে লগতে কেন্দ্ৰৰ বিৰুদ্ধে ৰাজ্যসমূহক হিন্দক যোগাযোগৰ মাধ্যম হিচাপে গ্ৰহণ কৰিবলৈ বাধ্য কৰাৰ অভিযোগ উত্থাপন কৰি কয় যে ভাৰতে "বলপূৰ্বক ফেডাৰেলিজম" ত কৈ "সহযোগিতামূলক ফেডাৰেলিজমৰ" পক্ষত থিয় দিব লাগে। কৰ্ণাটকৰ নেতাজনে অ-হিন্দী ভাষী ৰাজ্যসমূহৰ ওপৰত হিন্দী জাপি দিয়াৰ অতীতত কৰা প্ৰচেষ্টাৰ বিফলতাৰ কথাও সোৱৰাই দিয়ে ।

লগতে পঢ়ক : যাত্ৰা: ছাগলী চৰোৱা লোকৰ পৰা আইএএছ বিষয়া হোৱালৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.