ETV Bharat / bharat

আজি হিন্দী দিৱস : গৃহমন্ত্ৰী অমিত শ্বাহৰ শুভেচ্ছা

author img

By

Published : Sep 14, 2022, 11:45 AM IST

কেন্দ্ৰীয় গৃহ আৰু সহযোগিতা মন্ত্ৰী অমিত শ্বাহে কয় যে, হিন্দী সকলো ভাৰতীয় ভাষাৰ বন্ধু আৰু ই চৰকাৰী ভাষা হিচাপে সমগ্ৰ দেশক একতাৰ ডোলেৰে একত্ৰিত কৰি ৰাখিছে (Amit Shah congratulated to Hindi Diwas) ।

Hindi Diwas
Hindi Diwas

নিউজ ডেস্ক, ১৪ ছেপ্টেম্বৰ : বুধবাৰে দেশজুৰি পালন কৰা হৈছে হিন্দী দিৱস (Hindi Diwas observed today) । হিন্দী দিৱস উপলক্ষে কেন্দ্ৰীয় গৃহ আৰু সহযোগিতা মন্ত্ৰী অমিত শ্বাহে কয় যে, হিন্দী সকলো ভাৰতীয় ভাষাৰ বন্ধু আৰু ই সমগ্ৰ দেশক এক চৰকাৰী ভাষা হিচাবে একতাৰ ডোলেৰে বান্ধি ৰাখিছে (Amit Shah congratulated to Hindi Diwas) ।

গৃহমন্ত্ৰীয়ে মাইক্ৰ'-ব্লগিং ছাইট টুইটাৰত উক্ত হিন্দী দিৱস সন্দৰ্ভত নিজৰ মতামত ব্যক্ত কৰি স্পষ্ট কৰি দিয়ে যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখন হিন্দীকে ধৰি সকলো স্থানীয় ভাষাৰ সমান্তৰাল বিকাশৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ ।

"চৰকাৰী ভাষা হিন্দীয়ে দেশক একতাৰ ডোলেৰে একত্ৰিত কৰি ৰাখিছে । হিন্দী সকলো ভাৰতীয় ভাষাৰ বন্ধু । মোডী চৰকাৰ হিন্দীকে ধৰি সকলো স্থানীয় ভাষাৰ সমান্তৰাল বিকাশৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ । হিন্দীৰ সংৰক্ষণ আৰু প্ৰচাৰত অৱদান আগবঢ়াই অহা মহান ব্যক্তিসকলক মই অভিবাদন জনাইছোঁ । সকলোকে 'হিন্দী দিৱস'ৰ শুভেচ্ছা (Happy Hindi Diwas to all) ।" অমিত শ্বাহে হিন্দীতে কৰা টুইটটোত এনেদৰে কয় ।

উল্লেখ্য, চুৰাটত হিন্দী দিৱস উপলক্ষে আয়োজিত দ্বিতীয় সৰ্বভাৰতীয় চৰকাৰী ভাষা সন্মিলনত অংশগ্ৰহণ কৰাৰ কেইঘণ্টামান পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে এই মতামত আগবঢ়ায় । প্ৰতি বছৰে ১৪ ছেপ্টেম্বৰত হিন্দী দিৱস পালন কৰা হয় (September 14 Hindi Diwas) । এই দিনটো ভাৰতে হিন্দীক চৰকাৰী ভাষা হিচাপে ঘোষণা কৰাৰ পিছত হিন্দী ভাষাৰ প্ৰতি উৎসৰ্গিত কৰা হয় (official language of India Hindi) ।

ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী (first Prime Minister of India) জৱাহৰলাল নেহৰুৱে ১৪ ছেপ্টেম্বৰক আনুষ্ঠানিকভাৱে হিন্দী দিৱস হিচাপে ঘোষণা কৰিছিল (Jawaharlal Nehru officially declared Hindi Diwas) । ভাৰতৰ সংবিধান সভাই ১৯৪৯ চনৰ ১৪ ছেপ্টেম্বৰত দেৱনাগৰি লিপিত লিখা হিন্দীক ভাৰত ৰাষ্ট্ৰৰ চৰকাৰী ভাষা হিচাপে ঘোষণা কৰে । ইংৰাজী হৈছে দ্বিতীয় চৰকাৰী ভাষা ।

১৯৫০ চনৰ ২৬ জানুৱাৰীত ভাৰতৰ সংবিধানে হিন্দীক ভাৰতৰ চৰকাৰী ভাষা হিচাপে ব্যৱহাৰ কৰাৰ সিদ্ধান্তক বৈধতা প্ৰদান কৰিছিল । বহুভাষিক ৰাষ্ট্ৰত চৰকাৰী কাৰ্যকলাপ সুশৃংখল কৰাৰ বাবে হিন্দীক অন্যতম চৰকাৰী ভাষা হিচাপে গণ্য কৰা হৈছিল । আনহাতে, 258 নিযুত লোকে স্থানীয় ভাষা হিচাপে কোৱা হিন্দীক বিশ্বৰ চতুৰ্থ সৰ্বাধিক কথিত ভাষা হিচাপে স্বীকৃতি দিয়া হয় (fourth most spoken language in world Hindi) ।

লগতে পঢ়ক :জম্মুৰ পুঞ্চ জিলাত পথ দুৰ্ঘটনাত নিহত ৯ জন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.