নিউজ ডেস্ক, 26 নৱেম্বৰ : অসম-মিজোৰামৰ দীৰ্ঘদিনীয়া সীমা সমস্যা (Assam Mizoram border dispute)ৰ সমাধানসূত্ৰ বিচাৰি শুকুৰবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমৃত শ্বাহক সাক্ষাৎ কৰিব অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু মিজোৰামৰ মুখ্যমন্ত্ৰী জ’ৰাম থাংগাই (Chief Minister of Mizoram Zoram thanga) ৷
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক সাক্ষাতৰ পূৰ্বে বৃহস্পতিবাৰে নিশা দিল্লীৰ অসম ভৱনত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী দুগৰাকীয়ে আহাৰ গ্ৰহণ কৰে ৷ নৈশ আহাৰ গ্ৰহণৰ সময়ত অসমৰ মুখ্যমন্ত্ৰীগৰাকীক সংগ দিয়ে অসম মন্ত্ৰীসভাৰ মন্ত্ৰী অতুল বৰাই ৷
যিহেতু কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে পূৰ্বে উত্তৰ-পূবৰ ৰাজ্যসমূহৰ সকলো আন্তঃৰাজ্যিক সীমা সমস্যা(Inter state border dispute) সমাধান কৰাৰ বাবে 2022 চনৰ 15 আগষ্ট সময়সীমা নিৰ্ধাৰণ কৰিছিল, সেয়েহে আজি অনুষ্ঠিত হ’বলগীয়া ত্ৰিপাক্ষিক বৈঠকখন অধিক গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হৈছে ৷
উল্লেখ্য যে, উত্তৰ-পূবৰ ৰাজ্যসমূহ সীমা নিৰ্ধাৰণৰ অভাৱৰ বাবেই আন্তঃৰাজ্যিক সীমাত আৰক্ষী আৰু অসামৰিক লোকৰ মাজত প্ৰায়েই সংঘৰ্ষ হৈ আহিছে ।
শেহতীয়াকৈ এই বৰ্ষৰ জুলাই মাহত অসম আৰু মিজোৰামৰ মাজত সীমান্ত বিবাদ বৃদ্ধি পোৱাৰ উপৰিও অসম আৰু মিজোৰাম আৰক্ষীৰ মাজত গুলীয়াগুলীৰ ঘটনা সংঘটিত হৈছিল(Assam Mizoram biorder firing) ৷ যাৰ ফলত আঠজনকৈ অসম আৰক্ষীৰ জোৱান আৰু মিজোৰামৰ এজন সাধাৰণ লোক নিহত হোৱাৰ লগতে আৰু ৫০ জনৰো অধিক লোক আহত হৈছিল ।
সীমামূৰীয়া ৰাজ্য দুখনৰ মাজত দেখা দিয়া এনে জ্বলন্ত সমস্যাৰ সময়তে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে একেলগে দেশৰ গৃহমন্ত্ৰীগৰাকী (Minister of home affairs)ৰ কাষ চপাটোৱে স্বাভাৱিকতেই আশাৰ সঞ্চাৰ কৰিছে ৷
লগতে পঢ়ক: Constitution Day : সংবিধান দিৱসত ড০ বি আৰ আম্বেদকাৰ, ৰাজেন্দ্ৰ প্ৰসাদক স্মৰণ প্ৰধানমন্ত্ৰী মোডীৰ