ETV Bharat / bharat

Himanta Biswa sarma slammed the Opposition:‘ভাৰত’ৰ সমৰ্থনত যুযুধান ৰূপত হিমন্ত বিশ্ব শৰ্মা - কংগ্ৰেছ নেতা ৰাহুল গান্ধী

‘ভাৰত জোড়ো যাত্ৰা’ক ‘ইণ্ডিয়া জোড়ো যাত্ৰা’ নাম নিদিলে কিয় ? ৰাহুল গান্ধীলৈ হিমন্ত বিশ্ব শৰ্মাই এৰিলে তীব্ৰ বাক্যবাণ ৷

Himanta Biswa sarma slammed the Opposition
যুযুধান হিমন্ত বিশ্ব শৰ্মা
author img

By ETV Bharat Assamese Team

Published : Sep 5, 2023, 10:59 PM IST

যুযুধান হিমন্ত বিশ্ব শৰ্মা

নতুন দিল্লী, ৫ ছেপ্টেম্বৰ : আমাৰ দেশৰ নাম INDIA ৰ ঠাইত হ'ব 'ভাৰত' ৷ সংসদৰ বিশেষ অধিৱেশনত উঠিব সংকল্প প্ৰস্তাৱ ৷ President of India নহয়, PRESIDENT OF BHARAT ৰ নামত G20 ৰ নৈশভোজৰ নিমন্ত্ৰণীক লৈ বিৰোধীৰ ঘোৰ সমালোচনা বিজেপি নেতৃত্বাধীন চৰকাৰক । উত্তাল দেশৰ ৰাজনীতি ৷ ৰাজধানী দিল্লীত এই প্ৰসংগত বিৰোধীক প্ৰত্যুত্তৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ আক্ৰমণ ৰাহুল গান্ধীক ।

জি-২০ৰ বাবে 'President of India' ৰ পৰিৱৰ্তে 'PRESIDENT OF BHARAT' ৰ নামত G20ৰ নৈশভোজৰ নিমন্ত্ৰণীক লৈ চৰকাৰক সমালোচনা কৰা বিৰোধী দলটোক সমালোচনাৰ লক্ষ্য কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁলোকে প্ৰথমে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক সুধিব লাগে যে ‘ভাৰত জোড়ো যাত্ৰা’ক কিয় ‘ইণ্ডিয়া জোড়ো যাত্ৰা’ নামেৰে নামাকৰণ কৰা নহ’ল ?

নতুন দিল্লীত মঙলবাৰে আবেলি সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য, "সংবিধানত স্পষ্টকৈ উল্লেখ আছে যে India is Bharat...এই ভাৰত নামটো হাজাৰ হাজাৰ বছৰ ধৰি আছে আৰু সেয়েহে ভাৰতৰ নামত আন কোনো পৰিচয়ৰ প্ৰয়োজন নাই ।" লগতে মুখ্যমন্ত্ৰী ড° শৰ্মাই কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰি কয় যে কংগ্ৰেছে ইণ্ডিয়া নহয় INDI বুলি মিত্ৰজোঁট গঠন কৰিছে । কাৰণ I.N.D.I.A alliance বুলি কলে A আখৰটো অপ্ৰাসংগিক হৈ যায় ৷ alliance শব্দটো দুবাৰ কেনেকৈ আহিব পাৰে?

বিৰোধীৰ মিত্ৰজোঁটক দোকান আখ্যা দি হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য, "মানুহে দোকান খোলে, দোকান আকৌ বন্ধও হৈ যায়... INDI মিত্ৰতাও বন্ধ হৈ পৰিব । কিন্তু সূৰ্য্য বা চন্দ্ৰৰ নাম যিমান পুৰণি...ভাৰত নামত নামটোও সিমান পুৰণি । সূৰ্য্য আৰু চন্দ্ৰ থকালৈকে ভাৰতো থাকিব ।"

হিমন্ত বিশ্ব শৰ্মাই প্ৰশ্ন তুলিলে কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাক লৈয়ো । কংগ্ৰেছৰ প্ৰচাৰ অভিযান ‘ভাৰত জোড়ো যাত্ৰা’লৈ আঙুলি টোঁৱাই তেওঁৰ কংগ্ৰেছলৈ প্ৰশ্ন, “ভাৰত নামটোৰ সৈতে কংগ্ৰেছ দলৰ যদি ইমানেই সমস্যা হৈছে তেন্তে তেওঁলোকে কিয় ‘INDIA জোড়ো যাত্ৰা’ নামেৰে নামকৰণ নকৰি, কিয় ‘ভাৰত জোড়ো যাত্ৰা’ বুলি নামকৰণ কৰিলে ?”

বিজেপিত ৰাষ্ট্ৰীয় পৰ্যায়ত সবল স্থিতি গঢ়িবলৈ সক্ষম হোৱা অসমৰ মুখ্যমন্ত্ৰী গৰাকীৰ এই সমালোচনা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বিৰোধীয়ে কিমান গুৰুত্ব দিয়ে সেয়া লক্ষণীয় হ’ব ৷

লগতে পঢ়ক : 'President of Bharat' : ইণ্ডিয়াক 'ভাৰত' বুলি কোৱাত কোনো সাংবিধানিক আপত্তি নাই; শশী থাৰুৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.