ETV Bharat / bharat

ভক্ত অবিহনে মুকলি যমুনোত্ৰীৰ দ্বাৰ - ভক্ত অবিহনে মুকলি

ক'ভিড-১৯ ৰ বৰ্ধিত সংক্ৰমণ অব্যাহত থকাৰ মাজতে শুকুৰবাৰে মুকলি হ'ল উত্তৰাখণ্ডৰ যমুনোত্ৰী মন্দিৰৰ দ্বাৰ । অৱশ্যে মন্দিৰত পূজা আগবঢ়োৱাৰ বাবে সকলো ভক্তকে অনুমতি দিয়া হোৱা নাই । কেৱল কেইগৰাকীমান নিৰ্বাচিত পুৰোহিত আৰু প্ৰশাসনিক বিষয়াৰ উপস্থিতিত যমুনোত্ৰী মন্দিৰৰ দুৱাৰ খোলা হয় । সকলোকে ঘৰতে থাকি প্ৰাৰ্থনা জনাবলৈ আহ্বান জনায় উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী তীৰথ সিং ৰাৱটে ।

Himalayan Yamunotri shrine opens without devotees
ভক্ত অবিহনে মুকলি হ'ল যমুনোত্ৰী মন্দিৰ
author img

By

Published : May 15, 2021, 1:55 PM IST

নেশ্যনেল ডেস্ক,১৫ মে': সুদীৰ্ঘ ৬ মাহৰ অন্তত মুকলি হ'ল উত্তৰাখণ্ডৰ যমুনোত্ৰী মন্দিৰৰ দ্বাৰ । শুকুৰবাৰে ভক্ত অবিহনেই মন্দিৰৰ দুৱাৰ মুকলি পৰ্ব অনুষ্ঠিত কৰা হয় । কেৱল কেইগৰাকীমান নিৰ্বাচিত পুৰোহিত আৰু প্ৰশাসনিক বিষয়াৰ উপস্থিতিত যমুনোত্ৰী মন্দিৰৰ দুৱাৰ মুকলি কৰা হৈছিল । মহামাৰীৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি তীৰ্থযাত্ৰীসকলৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে মন্দিৰত ।

Himalayan Yamunotri shrine opens without devotees
ভক্ত অবিহনে মুকলি হ'ল যমুনোত্ৰী মন্দিৰ

একেৰাহে দ্বিতীয় বছৰৰ বাবে মন্দিৰটো ৬ মাহৰ বাবে বন্ধ হৈ থকাৰ পিছত শুকুৰবাৰে মুকলি কৰা হয় । যমুনোত্ৰী মন্দিৰৰ তীৰ্থ পুৰোহিত পৱন উনিয়ালে কয় যে 'তীৰ্থ পুৰোহিত' আৰু প্ৰশাসনিক বিষয়াসহ মাত্ৰ ২৫ জন লোকৰ উপস্থিতিত অক্ষয় তৃতীয়া উপলক্ষে শুকুৰবাৰে দুপৰীয়া ১২.১৫ বজাত মন্দিৰৰ দুৱাৰ মুকলি কৰা হয় । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ হৈ মন্দিৰৰ দুৱাৰ খোলাৰ পিছত প্ৰথম পূজা আগবঢ়োৱা হয় আৰু ১,১০১ টকা যমুনোত্ৰী ধাম মন্দিৰ সমিতিৰ একাউণ্টলৈ স্থানান্তৰ কৰা হয় ।

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী তীৰথ সিং ৰাৱটে ভক্তসকলক ঘৰতে থাকি প্ৰাৰ্থনা কৰিবলৈ আহ্বান জনায় । পৰ্যটন মন্ত্ৰী সতপাল মহাৰাজে কয় যে, দেৱস্থানম ব'ৰ্ডক চাৰধাম যাত্ৰাৰ ভাৰ্চুৱেল দৰ্শনৰ ব্যৱস্থা কৰিবলৈ কোৱা হৈছে । ইফালে, দেৱস্থানম ব'ৰ্ডৰ মিডিয়া ভাৰপ্ৰাপ্ত বিষয়া ড৹ হৰিশ গৌৰে কয় যে, মাস্ক পিন্ধা, সামাজিক দূৰত্ব বৰ্তাই ৰখা, হাত ছেনিটাইজ কৰা, থাৰ্মেল স্ক্ৰীনিং আৰু ক'ভিড পৰীক্ষাৰ সৈতে সম্পৰ্কিত সকলো সুৰক্ষা প্ৰট'কল বাধ্যতামূলকভাৱে মানি চলা হৈছে ।

উদ্বোধনী অনুষ্ঠানত উপস্থিত থকা মানুহৰ সংখ্যা ২৫ জনলৈ সীমাবদ্ধ কৰা হয় । ক'ভিড-১৯ ত আক্ৰান্তৰ সংখ্য বৃদ্ধিৰ বাবে চলিত বৰ্ষত যমুনোত্ৰী মন্দিৰলৈ তীৰ্থযাত্ৰীৰ আগমনত বাধা আৰোপ কৰাৰ লগতে চাৰধাম যাত্ৰা বাতিল কৰা হয় । কেৱল পুৰোহিতসকলক নিয়মীয়া পূজা কৰাৰ বাবে অনুমতি দিয়া হৈছে । শনিবাৰে গংগোত্ৰী মন্দিৰ মুকলি হোৱাৰ লগতে ১৭ মে'ত কেদাৰনাথ আৰু ১৮ মে'ত বদ্ৰীনাথ মন্দিৰৰ দ্বাৰ মুকলি কৰা হ'ব । কেদাৰ মদমহেশ্বৰ মন্দিৰ ২০ মে'ত আৰু কেদাৰ তুংনাথ জী আৰু কেদাৰ ৰুদ্ৰনাথ জীৰ মন্দিৰৰ দুৱাৰ ১৭ মে'ত মুকলি হ'ব ।

লগতে পঢ়ক: ত্ৰিপুৰাৰ দুৰ্গম অঞ্চলত টীকাকৰণ প্ৰক্ৰিয়া আৰম্ভ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.