ETV Bharat / bharat

Brutal Punishment : চুৰিৰ অপৰাধত কিশোৰক উলংগ কৰি প্ৰহাৰ; দোকানীয়ে চকুত সানিলে জলকীয়াৰ গুড়ি - shopkeeper puts chilli powder in boys eyes

ঘটনাটো ৩১ জুলাইত সংঘটিত হোৱা বুলি কোৱা হৈছে । প্ৰহাৰৰ ঘটনাৰ ভিডিঅ' ইতিমধ্যে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে । কিশোৰটোৰ পিতৃয়ে আৰক্ষীৰ ওচৰত অভিযোগ কৰে যে দোকানীজনে তেওঁৰ পুত্ৰক নিৰ্মমভাৱে প্ৰহাৰ কৰি তেওঁৰ কাপোৰ খুলি বজাৰত ঘূৰাই লৈ ফুৰাইছিল । শিশুটোৰ চকুত জলকীয়া সানি দিয়া বুলিও অভিযোগ কৰে ।

Brutal Punishment
Brutal Punishment
author img

By

Published : Aug 5, 2023, 6:36 PM IST

নিউজ ডেস্ক, ৫ আগষ্ট : হিমাচল প্ৰদেশৰ চিমলা জিলাত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা এক ঘটনা । চিমলা জিলাৰ ৰোহৰুৰ এজন দোকানীয়ে এটা কিশোৰৰ কাপোৰ খুলি বেয়াকৈ প্ৰহাৰ কৰাৰ লগতে তেওঁৰ চকুত জলকীয়া সানি দিয়ে । জানিব পৰা মতে, কিশোৰটোৱে দোকানখনৰ পৰা কিবা খোৱবস্তু চুৰি কৰাৰ অভিযোগত দোকানীজনে এই নিৰ্দয় আচৰণ কৰে ।

ভুক্তভোগী কিশোৰটো নেপালী মূলৰ আৰু তেওঁৰ বয়স ১৫ বছৰ বুলি জানিব পৰা গৈছে । ৩০ জুলাইত ৰোহৰুৰ টিক্কাৰৰ এখন দোকানৰ পৰা তেওঁ খাদ্য-সামগ্ৰী চুৰি কৰাৰ অভিযোগ । লগতে কোৱা হৈছে যে দোকানীজনে তেওঁক চুৰি কৰাটো দেখিছিল । কিন্তু দোকানীজনৰ হাতৰ পৰা কিশোৰটো পলাই যাবলৈ সক্ষম হৈছিল ।

পিছদিনা দোকানীজনে কিশোৰটোক বজাৰৰ মাজতে ৰখাই তীব্ৰ প্ৰহাৰ কৰে । এই ঘটনাটো ৩১ জুলাইত সংঘটিত হোৱা বুলি কোৱা হৈছে । প্ৰহাৰৰ ঘটনাৰ ভিডিঅ' ইতিমধ্যে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ আছে । কিশোৰটোৰ পিতৃয়ে পিছত আৰক্ষীৰ ওচৰত অভিযোগ কৰে যে দোকানীজনে তেওঁৰ পুত্ৰক নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল আৰু তাৰ পিছত তেওঁৰ কাপোৰ খুলি বজাৰত মুকলিমুৰীয়াকৈ ঘূৰাই লৈ ফুৰাইছিল । তেওঁ শিশুটোৰ চকুত জলকীয়া সানি দিয়া বুলিও অভিযোগ কৰে । কিশোৰটোৰ সৈতে এই অমানৱীয় ঘটনা সংঘটিত কৰাৰ সময়ত চাৰিওফালে বহু লোকে থৰ লাগি চাই আছিল ।

আন এক দুখজনক ঘটনা হৈছে যে কিশোৰটোৰ মাক অসুস্থ আছিল আৰু চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । একেদিনাই সন্ধিয়া চিকিৎসা চলি থকাৰ সময়তে কিশোৰটোৰ মাতৃৰ মৃত্যু হয় । ভুক্তভোগীৰ পিতৃয়ে আৰক্ষীৰ আগত কয় যে অভিযুক্ত দোকানীজনৰ নাম হৈছে সোনি । তেওঁ ১৫ বছৰীয়া পুত্ৰক বাটত ৰখাই নিৰ্দয়ভাৱে প্ৰহাৰ কৰিছিল । আনহাতে, কেইবাজনো লোকৰ সন্মুখত উলংগ কৰি তেওঁৰ চকুত জলকীয়াৰ গুড়ি ছটিয়াই দিছিল ।

আৰক্ষীয়ে ভুক্তভোগীৰ পিতৃৰ অভিযোগৰ ওপৰত এটা গোচৰ ৰুজু কৰিছে । বিষয়টো নিশ্চিত কৰি ৰোহৰুৰ ডিএছপি ৰবীন্দ্ৰ সিঙে কয় যে অভিযুক্ত দোকানীজনৰ বিৰুদ্ধে কিশোৰ ন্যায় আইনৰ বিভিন্ন ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে । গোচৰটোৰ তদন্ত টিক্কাৰ আৰক্ষী চকীৰ হেড কনিষ্টবল মদন সিঙে কৰিব । অৱশ্যে অভিযুক্ত দোকানীজনক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হোৱা নাই ।

আৰক্ষীয়ে কিশোৰ ন্যায় আইনৰ (জুভেনাইল জাষ্টিচ এক্ট) ৩৪১, ৩২৩ আৰু ৭৫ ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰিছে । ৰোহৰুৰ ডিএছপি ৰবীন্দ্ৰ নেগীয়ে কয় যে কোনো নিৰীহ লোকৰ সৈতে এই আচৰণ এটা গুৰুতৰ অপৰাধ আৰু আৰক্ষীয়ে বিষয়টো তদন্ত কৰি আছে । তেওঁ কয় যে অভিযুক্তক যিমান সম্ভৱ সোনকালে গ্ৰেপ্তাৰ কৰা হ'ব আৰু কঠোৰ ব্যৱস্থা লোৱা হ'ব । ডিএছপিয়ে কয় যে এই গোচৰটোৰ ভিডিঅ' ক্ৰমান্বয়ে ভাইৰেল হৈ আহিছে আৰু ভিডিঅ' লোৱাজনৰ লগতে ভিডিঅ'টো শ্বেয়াৰ কৰাসকলৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰা হ'ব । কিয়নো শিশুটোৰ পৰিচয় এই ভিডিঅ'টোত প্ৰকাশ কৰা হৈছে, যিটো কিশোৰ ন্যায় আইনৰ অধীনত এক অপৰাধ ।

লগতে পঢ়ক :Kolhapur Hindutvawadi Organisation protest : ছাত্ৰই উত্তৰ বহীত 'জয় শ্ৰী ৰাম' লিখাক লৈ তীব্ৰ হুলস্থূল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.