ETV Bharat / bharat

Shimla landslide: চিমলাৰ ভূমিস্খলনত ১৭ গৰাকী লোকৰ মৃত্যু; সন্ধানহীন কেইবাজনো

author img

By

Published : Aug 20, 2023, 3:40 PM IST

চিমলাত সংঘটিত ভূমিস্খলনত মৃতকৰ সংখ্যা ১৭ লৈ বৃদ্ধি পাইছে । সেনা, এছডিআৰএফ, এনডিআৰএফকে ধৰি স্থানীয় প্ৰশাসনে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে । এতিয়াও সন্ধানহীন কেইবাজনো ।

Shimla landslide toll rises
চিমলাৰ ভূমিস্খলনত ১৭ গৰাকী লোকৰ মৃত্যু

নেশ্যনেল ডেস্ক,২০ আগষ্ট : হিমাচল প্ৰদেশত প্ৰকৃতিৰ ধ্বংসলীলা অব্যাহত আছে । যোৱা ১৪ আগষ্টত হিমাচল প্ৰদেশৰ চিমলাৰ ছামাৰ হিলত হোৱা শোকাৱহ ভূমিস্খলনৰ পাছত নিৰাপত্তা বাহিনী আৰু দুৰ্যোগ সাহায্য বাহিনীয়ে একেৰাহে সপ্তম দিনাও অনুসন্ধান অভিযান অব্যাহত ৰাখিছে । ইফালে ভূমিস্খলনত মন্দিৰ খহি পৰাৰ ফলত মৃত্যু হোৱাৰ লোকৰ সংখ্যাও বৃদ্ধি পাইছে । উদ্ধাৰকাৰী দলে দেওবাৰে পুনৰ এটা মৃতদেহ উদ্ধাৰ কৰিছে । ইয়াৰ লগে লগে ঘটনাটোত মৃত্যু হোৱাৰ লোকৰ সংখ্যা ১৭ লৈ বৃদ্ধি পাইছে । এতিয়াও ৩ জন লোক সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছে । ঘটনাস্থলীত এছডিআৰএফ, এনডিআৰএফ আৰু ভাৰতীয় সেনাৰ দলে নিৰন্তৰভাৱে অভিযান চলাই আছে ।

চিমলা পৌৰ নিগমৰ ছামাৰ হিল ৱাৰ্ডৰ এগৰাকী স্থানীয় বিষয়াই জনোৱা মতে কঠোৰ প্ৰত্যাহ্বানৰ পাছতো উদ্ধাৰকাৰী দলে অনুসন্ধান অভিযান চলাই আছে । উদ্ধাৰ প্ৰচেষ্টাৰ বাবে অনা যন্ত্ৰবোৰ স্থানটোৰ তললৈ যাব পৰা নাই বুলিও উল্লেখ কৰিছে বিষয়াগৰাকীয়ে ।

উল্লেখ্য যে ১৪ আগষ্টত ভূমিস্খলনৰ ফলত ছামাৰ হিলৰ প্ৰাচীন শিৱবাৰী মন্দিৰ খহি পৰিছিল । য'ত বহু লোক আৱদ্ধ হৈ পৰিছিল । জিলা আৰক্ষী, সেনা, এছডিআৰএফ, এনডিআৰএফ আৰু খণ্ডসমূহত নিয়োজিত অগ্নি নিৰ্বাপক বাহিনীৰ যুটীয়া দলে একেৰাহে অভিযান চলাই আৰু এতিয়ালৈ ১৭ গৰাকী লোকৰ মৃতদেহ উদ্ধাৰ কৰিছে ।

আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ গান্ধীয়ে কোৱা মতে প্ৰশাসনে কিছুমান ভূমিস্খলনপ্ৰৱণ অঞ্চল চিনাক্ত কৰিছে আৰু তাত সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে । অঞ্চলবোৰত বাস কৰা লোকসকলক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে । জিলা প্ৰশাসনে কৃষ্ণনগৰ, ডাউনডেল আৰু ফাগলিকে ধৰি ভূমিস্খলন প্ৰভাৱিত অঞ্চলৰ পৰা প্ৰায় ২৫০ গৰাকী লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰিছে ।

ইফালে প্ৰতিকূল পৰিস্থিতিৰ বাবে স্থানীয় লোকৰ উপৰিও পৰ্যটকসকলো বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে । জানিব পৰা মতে ইণ্ডিয়ান ইনষ্টিটিউট অফ এডভান্সড ষ্টাডি (আইআইএএছ)ৰ আইকনিক ভৱনৰ প্ৰতিও ভাবুকি আহিছে ।

লগতে পঢ়ক :Himachal Govt to Declare State Disaster : হিমাচলত ৰাজ্যিক দুৰ্যোগ ঘোষণাৰ সিদ্ধান্ত সুখু চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.