ETV Bharat / bharat

Himachal Flood Situation : হিমাচলত ৩০ হাজাৰ পৰ্যটকক সুৰক্ষিতভাৱে উদ্ধাৰ; মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং - tourist rescued from flood affected Himachal

হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং চুখুৱে কয় যে বুধবাৰে সন্ধিয়াৰ ভিতৰত ৮০% পৰ্যটকক সুৰক্ষিতভাৱে তেওঁলোকৰ ঘৰলৈ প্ৰেৰণ কৰা হ'ব । তেওঁ কয় যে এতিয়ালৈকে কুল্লু, মানালী আৰু কাচোলৰ পৰা ৩০ হাজাৰ পৰ্যটকক সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হৈছে ।

Himachal Flood Situation
Himachal Flood Situation
author img

By

Published : Jul 12, 2023, 6:30 PM IST

নিউজ ডেস্ক, ১২ জুলাই : হিমাচল প্ৰদেশৰ বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে । লগতে চলি আছে ধাৰাসাৰ বৰষুণো । তাৰ মাজতে হিমাচল ৰাজ্য প্ৰশাসনে ৰাজ্যখনৰ বিভিন্ন পৰ্যটনস্থলীত আবদ্ধ হৈ থকা পৰ্যটকসকলক উদ্ধাৰৰ বাবে প্ৰচেষ্টা চলাই আছে । বিশেষকৈ কুল্লু জিলাৰ বিভিন্ন স্থানত আবদ্ধ হৈ আছে বহু পৰ্যটক । তেওঁলোকক উদ্ধাৰৰ কাম আৰম্ভ কৰা হৈছে । ৰাজ্য চৰকাৰে জনোৱা মতে, এতিয়ালৈকে কুল্লু জিলাৰ বিভিন্ন অঞ্চলৰ পৰা ৩০,০০০ পৰ্যটকক উদ্ধাৰ কৰা হৈছে । আনহাতে, বুধবাৰে সন্ধিয়ালৈকে ৮০% পৰ্যটকক সুৰক্ষিতভাৱে তেওঁলোকৰ ঘৰলৈ প্ৰেৰণ কৰা হ'ব বুলি জনাইছে ।

ধলপুৰত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং চুখুৱে কয় যে এতিয়ালৈকে কুল্লু, মানালী আৰু কাচোলৰ পৰা ৩০,০০০ পৰ্যটকক উদ্ধাৰ কৰি সুৰক্ষিতভাৱে প্ৰেৰণ কৰা হৈছে । তেওঁ কয় যে এইটো হৈছে এতিয়ালৈকে চলোৱা আটাইতকৈ ডাঙৰ উদ্ধাৰ অভিযান । অৱশ্যে ইয়াৰ দ্বাৰা মাত্ৰ ৫০ শতাংশ পৰ্যটককহে উদ্ধাৰ কৰা হৈছে । আৰু অধিক পৰ্যটক এতিয়াও তাত আবদ্ধ হৈ আছে । তেওঁ কয় যে বুধবাৰে সন্ধিয়ালৈকে ৮০ শতাংশ পৰ্যটকক উদ্ধাৰ কৰি নিজগৃহলৈ প্ৰেৰণ কৰা হ'ব । লগতে পথ, পানীযোগান আৰু বিদ্যুৎ ব্যৱস্থা পুনৰুদ্ধাৰৰ বাবেও প্ৰচেষ্টা চলাই থকা হৈছে বুলি তেওঁ কয় ।

মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং চুখুৱে কয় যে বানপানীৰ ফলত চাইঞ্জতো কোটি কোটি টকাৰ লোকচান হৈছে । যাৰ বাবে হেলিকপ্টাৰৰ জৰিয়তে সেই স্থানলৈ সাহায্য সামগ্ৰী প্ৰেৰণ কৰা হৈছে । প্ৰশাসনিক বিষয়াসকলো চাইঞ্জত গৈ উপস্থিত হৈছে আৰু মানুহক খাদ্য-সামগ্ৰী আৰু বাচন-বৰ্তন তথা কম্বল বিতৰণ কৰিছে । মুখ্যমন্ত্ৰীয়ে কয় যে ক্ষতিগ্ৰস্ত পৰিয়ালবোৰক এক লাখ টকাকৈ সাহায্য প্ৰদানৰ ব্যৱস্থা কৰা হৈছে আৰু শীঘ্ৰেই সকলো ক্ষতিগ্ৰস্ত পৰিয়ালক অস্থায়ী শিবিৰত ৰখাৰ ব্যৱস্থা কৰা হ'ব ।

আনহাতে, মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং চুখু চন্দ্ৰতাললৈ ৰাওনা হৈছে । তাত ৩০০ জন লোক বৰফৰ মাজত আবদ্ধ হৈ আছে । মুখ্যমন্ত্ৰীয়ে পৰিস্থিতিৰ বুজ ল'বলৈ তাত এক আকাশী জৰীপ কৰিব । তেওঁৰ লগত উদ্যানপালন মন্ত্ৰী জগত নেগী আৰু চিপিএছো আছে । সঞ্জয় অৱস্থিয়েও তালৈ যাত্ৰা কৰিছে । তেওঁ এই সময়ছোৱাত মানালীৰো এটা জৰীপ কৰিব । প্ৰাপ্ত তথ্য অনুসৰি, মন্ত্ৰী জগত নেগী আৰু চিপিএছ সঞ্জয় অৱস্থিয়ে বুধবাৰে চন্দ্ৰতলত আবদ্ধ হৈ থকা ৩০০ জন পৰ্যটকৰ সৈতে থাকিব আৰু তেওঁলোকৰ সৈতে নিশাটো কটাব ।

ইফালে প্ৰশাসনে বুধবাৰে সকলো পৰ্যটককে লোছাৰলৈ লৈ যোৱাৰ চেষ্টা কৰি আছে । সেয়েহে এই পৰ্যটকসকল য'তেই নাথাকক কিয়, মন্ত্ৰী আৰু চিপিএছ তাত তেওঁলোকৰ সৈতে থাকিব । মুখ্যমন্ত্ৰীয়ে কুল্লুৰ সংবাদ মাধ্যমক এই তথ্য প্ৰদান কৰে। মন্ত্ৰী জগত নেগী আৰু চিপিএছ সঞ্জয় অৱস্থিয়ে মুখ্যমন্ত্ৰীৰ সৈতে একেখন হেলিকপ্টাৰতে চন্দ্ৰতাললৈ গৈছে আৰু মুখ্যমন্ত্ৰী সন্ধিয়া তাৰ পৰা উভতি আহিব । আনহাতে, স্পিতি উপত্যকাৰ ৰাস্তাৰ পৰা বৰফ আঁতৰোৱা হৈছে আৰু তেওঁলোকৰ ওচৰলৈ যোৱাৰ চেষ্টা কৰা হৈছে ।

লগতে পঢ়ক :Himachal Floods Update : হিমাচলৰ বান পৰিস্থিতিত মৃত্যুৰ সংখ্যা ৮০ লৈ বৃদ্ধি; ক্ষতি ১০৫০ কোটিৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.