নতুন দিল্লী, 18 ডিচেম্বৰ: হিমাচলৰ মুখ্যমন্ত্ৰী জয় ৰাম ঠাকুৰে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰি ২৭ ডিচেম্বৰত ভাৰ্চুৱেল মোডৰ যোগেৰে ৰাজ্য চৰকাৰৰ তিনি বছৰীয়া বৰ্ষপুৰ্তি উদযাপনত তেওঁৰ সৈতে যোগদান কৰিবলৈ অনুৰোধ জনায় ৷ নতুন দিল্লীত অনুষ্ঠিত বৈঠকত মুখ্যমন্ত্ৰী গৰাকীয়ে কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙক কয় যে, COVID-19 প্ৰট'কলৰ বাবেই এই বছৰ ৱেবইনাৰৰ যোগেদিয়ে এই উৎসৱটো অনুষ্ঠিত কৰা হৈছে।
উল্লেখ্য যে, যোৱা তিনি বছৰত ৰাজ্য আৰু ইয়াৰ জন প্ৰতিনিধিসকলক সমৰ্থন কৰাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক ধন্যবাদ জনাই হিমাচলৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ লগতে জয় ৰাম ঠাকুৰে ৰাজ্যৰ সৈতে সম্পৰ্কিত বিভিন্ন বিষয়ৰ বিষয়ে আলোচনা কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ লগত । ৰাজনাথ সিঙেও তিনি বছৰীয়া কাৰ্যকাল সফলতাৰে সম্পূৰ্ণ কৰাৰ বাবে মুখ্যমন্ত্ৰী গৰাকীক নিজ কাৰ্যালয়তে অভিনন্দন জনাই আৰু ভৱিষ্যতে ৰাজ্যখনক সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ নিশ্চিতি প্ৰদান কৰে ৷
লগতে পঢ়ক: প্ৰতিবাদী কৃষকক টোমৰৰ পত্ৰ পঢ়িবলৈ আহ্বান প্ৰধানমন্ত্ৰী মোডীৰ