ETV Bharat / bharat

Hijab row: কৰ্ণাটকৰ ৫ ছাত্ৰীয়ে সলাব বিচাৰিলে কলেজ

author img

By

Published : Jun 20, 2022, 3:32 PM IST

হামপানাকাট্টা বিশ্ববিদ্যালয় কলেজৰ (Hampanakatta University College) পাঁচগৰাকীকৈ ছাত্ৰীয়ে এইবাৰ কৰ্তৃপক্ষৰ পৰা বিচাৰিলে বদলিৰ প্ৰমাণ-পত্ৰ। অভিযোগ, তেওঁলোকক হিজাব পিন্ধি শ্ৰেণীত পাঠ গ্ৰহণ কৰিব দিয়া হোৱা নাই (denied permission to attend classes wearing hijab)।

Hijab row in Karnataka
Hijab row: কৰ্ণাটকৰ ৫ ছাত্ৰীয়ে সলাব বিচাৰিলে কলেজ

নিউজ ডেস্ক, ২০ জুন : দেশত হিজাব বিতৰ্ক এতিয়াও মাৰ যোৱা নাই (Karnataka Hijab crisis)। বিশেষকৈ কৰ্ণাটকত হিজাব বিতৰ্কই যি ৰূপ ধাৰণ কৰিছিল সেয়া কিছু শাম কাটিলেও এতিয়াও যেন উমি উমি জ্বলি আছে এই বিতৰ্কৰ জুই। এইবাৰ মাংগালুৰুত এই বিতৰ্কৰ বাবেই পাঁচগৰাকীকৈ ছাত্ৰীয়ে নিজৰ শিক্ষানুষ্ঠান পৰিৱৰ্তন কৰিব বিচৰাৰ খবৰ আহিছে (5 girl students seek transfer certificates)।

হামপানাকাট্টা বিশ্ববিদ্যালয় কলেজৰ (Hampanakatta University College) পাঁচগৰাকীকৈ ছাত্ৰীয়ে এইবাৰ কৰ্তৃপক্ষৰ পৰা বিচাৰিলে বদলিৰ প্ৰমাণ-পত্ৰ। অভিযোগ, তেওঁলোকক হিজাব পিন্ধি শ্ৰেণীত পাঠ গ্ৰহণ কৰিব দিয়া হোৱা নাই (denied permission to attend classes wearing hijab)।

এই সন্দৰ্ভত অধ্যক্ষ অনুসূয়া ৰায়ে (Principal Anusuya Rai) সাংবাদিকৰ আগত কয় যে ছাত্ৰী পাঁচগৰাকীয়ে অন্য কলেজত নামভৰ্তি কৰিবলৈ বিচাৰিছে (seek for transfer certificate)। কিন্তু বদলিৰ প্ৰমাণ-পত্ৰৰ বাবে কোনো ধৰণৰ আবেদন জনোৱা নাই।

আনহাতে, মূল্যায়নৰ কামৰ বাবে উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ পাঠ্যক্ৰমৰ সকলো পাঠদান সোমবাৰৰ পৰা অনলাইনযোগে অনুষ্ঠিত হ'ব বুলিও অধ্যক্ষগৰাকীয়ে জনাইছে । কলেজখনৰ গৰিষ্ঠসংখ্যক ছাত্ৰ-ছাত্ৰীয়েই প্ৰকাশিত গাইড লাইন মতেই শ্ৰেণীত উপস্থিত থাকিব।

উল্লেখ্য, মাংগালুৰু চহৰৰ বিশ্ববিদ্যালয় কলেজত (University College in Mangaluru city) অধ্যয়নৰত শতাধিক ছাত্ৰ-ছাত্ৰীয়ে মুছলিম ছাত্ৰীসকলক শ্ৰেণীত হিজাব পিন্ধি উপস্থিত (allowing hijab in classrooms) হোৱাৰ অনুমতি দিয়াৰ প্ৰতিবাদত যোৱা ২৬ মে'ত শ্ৰেণী বৰ্জন কৰিছিল । তেওঁলোকৰ দাবী আছিল, কলেজ কৰ্তৃপক্ষই ছাত্ৰীসকলক শ্ৰেণীত হিজাব পৰিধান কৰি প্ৰৱেশ নিষিদ্ধ কৰিব লাগে । আদালত তথা চৰকাৰৰ নিৰ্দেশ সত্ত্বেও শ্ৰেণীকোঠাত ছাত্ৰীসকলক হিজাব পৰিধানত অনুমতি প্ৰদান কৰাত কলেজ কৰ্তৃপক্ষৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীসকলে ক্ষোভ প্ৰকাশ কৰিছিল।

হিজাব বিতৰ্কৰ সূত্ৰপাত ঘটিছিল কৰ্ণাটকৰ উডুপি কলেজৰ (Udupi Pre-University Girl's College) পৰা । কলেজখনৰ ৬গৰাকী ছাত্ৰীক হিজাব পিন্ধি শ্ৰেণীকোঠাত প্ৰৱেশত বাধা দিয়াৰ পিছত ছাত্ৰীকেইগৰাকীয়ে প্ৰতিবাদ কৰিছিল । সেই প্ৰতিবাদ ক্ৰমাৎ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তলৈ বিয়পি পৰে আৰু এটা সময়ত সমগ্ৰ দেশতেই হিজাব বিতৰ্কই এক অস্থিৰ পৰিৱেশৰ সৃষ্টি কৰে।

লগতে পঢ়ক :দিল্লী বিশ্ববিদ্যালয়ৰ নামভৰ্তিৰ আবেদনৰ অন্তিম তাৰিখ 30 জুনলৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.