নেশ্যনেল ডেস্ক, ১৫ মাৰ্চ : দেশত হিজাব বিতৰ্ক (Hijab controversy) চলি থকাৰ মাজতে কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান । হিজাব সম্পৰ্কে কৰ্ণাটক মহাবিদ্যালয়ে ঘোষণা কৰা নিৰ্দেশনা বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে (Karnataka High Court upheld Karnataka Colleges order)।
হিজাবৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা বাহাল ৰাখি উচ্চ ন্যায়ালয়ে কয় যে হিজাব ধৰ্মৰ অপৰিহাৰ্য অংশ নহয় (Hijab is not essential part of religion) । ইউনিফৰ্ম থাকিলে হিজাব পিন্ধিব নালাগে । হিজাব সম্পৰ্কে দাখিল কৰা এক আবেদন খাৰিজ কৰি আদালতে কয় যে হিজাব বাধ্যতামূলক নহয় ।
উল্লেখ্য যে, হিজাব সম্পৰ্কে দেশৰ ভিন্ন প্ৰান্তত উত্তেজনা অব্যাহত আছে । একাংশৰ মতে শিক্ষানুষ্ঠানত হিজাব নিষিদ্ধ কৰিব লাগে আনহাতে একাংশই দাবী কৰা মতে শিক্ষানুষ্ঠানত হিজাব নিষিদ্ধ কৰা উচিত নহয় । এনে বিতৰ্কৰ মাজতে কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ এই ৰায়দানে বিশেষ তাৎপৰ্য বহন কৰিছে ।
লগতে পঢ়ক : খাদ্যৰ পৰিৱৰ্তে সূৰ্যৰ শক্তি আৰু পানীৰ ব্যৱহাৰ কৰি জীৱন নিৰ্বাহ কৰা মানুহজন