ETV Bharat / bharat

ক'ভিড পৰিস্থিতি সন্দৰ্ভত অনুষ্ঠিত বৈঠকত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ

author img

By

Published : May 15, 2021, 2:11 PM IST

দেশৰ ক'ভিড পৰিস্থিতি আৰু টীকাকৰণ অভিযান সন্দৰ্ভত শনিবাৰে অনুষ্ঠিত হ'ব এখন উচ্চ পৰ্যায়ৰ বৈঠক । এই বৈঠকত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।

High level meeting on India's COVID situation
ক'ভিড পৰিস্থিতি সন্দৰ্ভত আয়োজিত উচ্চ পৰ্যায়ৰ বৈঠকত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ

নেশ্যনেল ডেস্ক,১৫ মে': শনিবাৰে এখন উচ্চ পৰ্যায়ৰ বৈঠকৰ সভাপতিত্ব কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । এই বৈঠকত বৰ্তমান দেশত চলি থকা টীকাকৰণ অভিযান আৰু ক'ভিড পৰিস্থিতিৰ বিষয়ে আলোচনা কৰা হ'ব । দেশত ক'ভিড-১৯ত আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত বুধবাৰে প্ৰধানমন্ত্ৰীয়ে অক্সিজেন আৰু ঔষধ মজুত থকা বিষয়ে পৰ্যালোচনা কৰিবলৈ এখন বৈঠকৰ আহ্বান জনাইছিল ।

বৈঠকত তেওঁক অৱগত কৰোৱা হয় যে, চৰকাৰে ক'ভিড-১৯ৰ লগতে মুকৰ্মাইকোছিছৰ চিকিৎসাত ব্যৱহৃত ঔষধৰ যোগান সক্ৰিয়ভাৱে নিৰীক্ষণ কৰি আছে । প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা প্ৰকাশ কৰা এক বিজ্ঞপ্তিত উল্লেখ কৰা হৈছে যে, বিভাগীয় মন্ত্ৰীসকলে প্ৰধানমন্ত্ৰীক জনাইছে যে, তেওঁলোকে প্ৰতিষেধকৰ উৎপাদন বৃদ্ধি আৰু প্ৰয়োজনীয় সকলো ধৰণৰ সহায় আগবঢ়োৱাৰ বাবে নিৰ্মাতাসকলৰ সৈতে নিয়মীয়া যোগাযোগ ৰাখিছে ।

ভাৰতত বৰ্তমান তৃতীয় পৰ্যায়ৰ টীকাকৰণ অভিযান অব্যাহত আছে । শুকুৰবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা অনুসৰি, দেশত এতিয়ালৈকে প্ৰতিষেধকৰ ১৮,০৪,২৯,২৬১টা পালি প্ৰদান কৰা হৈছে । ১৮-৪৪ বছৰ বয়সৰ মুঠ ৩,২৫,০৭১ জন হিতাধিকাৰীয়ে শনিবাৰে প্ৰথম পালি গ্ৰহণ কৰিছে । তৃতীয় পৰ্যায়ৰ টীকাকৰণ অভিযান আৰম্ভ হোৱাৰ পৰা ৩২ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত মুঠ ৪২,৫৫,৩৬২টা পালি ব্যৱহাৰ কৰা হৈছে ।

কেইবাখনো ৰাজ্য চৰকাৰ আৰু বিৰোধী দলে প্ৰতিষেধক প্ৰস্তুতৰ সূত্ৰ অন্যান্য সক্ষম কোম্পানীক দি প্ৰতিষেধকৰ উৎপাদন বৃদ্ধিৰ দাবী জনাই আহিছে । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত প্ৰায় ৩,২৬,০৯৮ জন লোক নতুনকৈ মহামাৰীত আক্ৰান্ত হৈছে ।

মাত্ৰ এটা দিনত ৩,৫৩,২৯৯ জন আৰোগ্য হৈ উঠিছে । আনহাতে, বিগত ২৪ ঘণ্টাত ৩,৮৯০ জন লোকে প্ৰাণ হেৰুৱাইছে । বৰ্তমান দেশত মুঠ আক্ৰান্তৰ সংখ্যা হৈছে ২,৪৩,৭২,৯০৭ জন আৰু ২,০৪,৩২,৮৯৮ জন সুস্থ হৈ উঠিছে । ইফালে, মহামাৰীৰে যুঁজি ২,৬৬,২০৭ জনৰ মৃত্যু হৈছে আৰু দেশত এতিয়া ৩৬,৭৩,৮০২ জন সক্ৰিয় ৰোগী আছে ।

লগতে পঢ়ক: ভাৰতত এদিনতে ৩.২৬ লাখ লোক কৰ'ণাত আক্ৰান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.