ETV Bharat / bharat

Indian Tea industry in trouble: ভাৰতৰ চাহ গ্ৰহণ নকৰে বহু দেশে...! - বহু দেশে ভাৰতৰ চাহ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে

ভাৰতীয় চাহত পোৱা গৈছে অত্যাধিক পৰিমাণৰ কীটনাশক আৰু ৰাসায়নিক পদাৰ্থ (Pesticides and Chemical found in Indian tea)। যাৰ বাবে ভাৰতে প্ৰেৰণ কৰা চাহ ল'বলৈ অস্বীকাৰ কৰিছে বহু দেশে । আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় বহু ক্ৰেতাই ভাৰতৰ চাহ প্ৰত্যাখ্যান কৰাৰ লগে লগে চাহ উদ্যোগত ব্যাপক প্ৰভাৱ পৰিছে ।

India
ভাৰতৰ চাহ গ্ৰহণ নকৰে বহু দেশে
author img

By

Published : Jun 3, 2022, 7:24 PM IST

নেশ্যনেল ডেস্ক,৩ জুন : অসম তথা ভাৰতৰ চাহ পৃথিৱী বিখ্যাত । কিন্তু অসমৰ লগতে ভাৰতৰ এই চাহ উদ্যোগলৈ সংকট নামি আহিছে (Indian Tea industry in trouble)। ইতিমধ্যে বহু দেশে ভাৰতৰ চাহ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে (Many countries send back Indian tea)। আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় বহু ক্ৰেতাই ভাৰতৰ পৰা ৰপ্তানি কৰা চাহ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে । চাহ উদ্যোগৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব পৰা এই খবৰে এতিয়া দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

ভাৰতীয় চাহ ৰপ্তানি সংস্থাৰ (ITEA) অধ্যক্ষ অংশুমান কানোৰিয়াই শুকুৰবাৰে এই সন্দৰ্ভত কয় যে ভাৰতৰ চাহত কীটনাশক আৰু ৰাসায়নিক পদাৰ্থ লাভ কৰাৰ বাবেই দেশৰ চাহ গ্ৰহণ কৰিবলৈ বিভিন্ন আন্তঃৰাষ্ট্ৰীয় ক্ৰেতাই অস্বীকাৰ কৰিছে (Buyers have rejected Indian tea consignments)। বিশ্বৰ অন্যতম চাহ উৎপাদনকাৰী দেশ শ্ৰীলংকাৰ দুৰ্যোগৰ বাবে ভাৰতে বিশ্ব বজাৰত চাহৰ চাহিদা পূৰণ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে । যাৰ বাবে শেহতীয়াকৈ ভাৰতে চাহৰ ৰপ্তানিও বৃদ্ধি কৰিছিল ।

কিন্তু এনেদৰে ভাৰতৰ চাহ প্ৰত্যাখ্যান কৰাৰ লগে লগে এতিয়া চিন্তিত ভাৰতীয় চাহ ব'ৰ্ড । সম্প্ৰতি ভাৰতে চাহৰ ৰপ্তানি হ্ৰাস কৰিছে ।

দেশত বিক্ৰী হোৱা সকলো চাহ ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানক প্ৰাধিকৰণৰ (FSSAI) নিয়ম অনুসৰি হ'ব লাগিব । অংশুমান কানোৰিয়াই জনোৱা মতে ইয়াৰ পাছতো বেছিভাগ ক্ৰেতাই অত্যাধিক ৰাসায়নিক সামগ্ৰী থকা চাহ ক্ৰয় কৰি আছে । ২০২১ চনত, ভাৰতে ১৯৫.৯০ নিযুত কিলোগ্ৰাম চাহ ৰপ্তানি কৰিছিল । চাহ ক্ৰয় কৰা মুখ্য ক্ৰেতাসকলৰ বেছিভাগেই আছিল ইউৰোপ, এছিয়া আৰু ইৰাণৰ ।

ভাৰতীয় চাহ ব'ৰ্ড এই বছৰ ৩০০ মিলিয়ন কিলোগ্ৰাম চাহ ৰপ্তানিৰ লক্ষ্য আগত ৰাখিছে । কানোৰিয়াই জনোৱা মতে বহুতো দেশে আকৌ চাহ গ্ৰহণৰ ক্ষেত্ৰত কঠোৰ নিয়মাৱলী অনুসৰণ কৰি আছে । বেছিভাগ দেশে ইউৰোপীয় ইউনিয়নৰ কঠোৰ নীতি-নিয়ম অনুসৰণ কৰিছে, যিবোৰ FSSAIৰ নিয়মতকৈ অধিক কঠোৰ ।

অংশুমান কানোৰিয়াই জনোৱা মতে কঠোৰ নিয়ম পালন কৰাৰ পৰিৱৰ্তে একাংশই আকৌ চৰকাৰক নিয়মবোৰ শিথিল কৰাৰ বাবে আহ্বান জনাইছে । কিন্তু এই আহ্বানে ভুল সংকেত প্ৰেৰণ কৰিব বুলি দাবী কৰিছে কানোৰিয়াই ।

চাহ ব'ৰ্ড এগৰাকী জ্যেষ্ঠ বিষয়াই জনোৱা মতে ভাৰতীয় চাহৰ ক্ষেত্ৰত বেছি অভিযোগ পেকিং কৰোতা আৰু ৰপ্তানিকাৰীসকলৰ পৰা পোৱা গৈছে । তেওঁ লগতে কয় যে এই ক্ষেত্ৰত ৰপ্তানিকাৰী দেশসমূহৰ নিয়মবোৰ মানি চলা অতি প্ৰয়োজন । ইফালে ভাৰতে ২০২১ চনত ৫,২৪৬.৮৯ কোটি টকাৰ চাহ ৰপ্তানি কৰিছিল ।

লগতে পঢ়ক :Border terrorism go 'Scot-free': ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত উদ্বেগ প্ৰকাশ ভাৰতৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.