ETV Bharat / bharat

Gyanvapi case : অখিলেশ যাদৱ আৰু আছাদুদ্দিন ওৱেইচিৰ বিৰুদ্ধে গোচৰ ৰুজু হ'ব নে ? - জ্ঞানবাপী মছজিদৰ শিৱলিংগৰ বিতৰ্ক

জ্ঞানবাপী মছজিদৰ শিৱলিংগৰ বিতৰ্কই (Gyanvapi controversy) সমগ্ৰ দেশতে উত্তেজনাৰ সৃষ্টি কৰিছে । শিৱলিংগ সন্দৰ্ভত অখিলেশ যাদৱ আৰু আছাদুদ্দিন ওৱেইচিয়ে কৰা মন্তব্যক লৈও সম্প্ৰতি বিভিন্ন মহলত চৰ্চা অব্যাহত । তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ আদালতত অধিবক্তা হৰিহৰ পাণ্ডেৰ আবেদন । বৃহস্পতিবাৰে হ'ব সেই আবেদনৰ শুনানি ।

Gyanvapi
অখিলেশ যাদৱ আৰু আছাদুদ্দিন ওৱেইচিৰ বিৰুদ্ধে গোচৰ ৰুজু
author img

By

Published : Jun 2, 2022, 1:44 PM IST

নেশ্যনেল ডেস্ক,২ জুন : জ্ঞানবাপী মছজিদৰ শিৱলিংগৰ বিতৰ্ক অব্যাহত আছে (Gyanvapi controversy in India)। ইতিমধ্যে এই বিষয়টোক লৈ দেশৰ ৰাজনীতিও গৰম হৈ আছে । ইফালে ধৰ্মীয় অনুভূতিক লৈ বিভিন্নজনে খেলা কৰাও দেখা গৈছে । কেইবাগৰাকী ৰাজনৈতিক নেতাই জ্ঞানবাপী মছজিদৰ শিৱলিংগ সম্পৰ্কত মন্তব্য কৰি তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে ।

সমাজবাদী পাৰ্টিৰ সভাপতি অখিলেশ যাদৱ আৰু লোকসভাৰ সাংসদ তথা AIMIM দলৰ সভাপতি আছাদুদ্দিন ওৱেইচিয়ে জ্ঞানবাপী মছজিদৰ শিৱলিংগক ফাউণ্টেইন বুলি দাবী কৰাৰ পাছতে তেওঁলোকৰ বিৰুদ্ধে সৰৱ হৈছে একাংশ লোক (Akhilesh Yadav and Asaduddin Owaisi on Gyanvapi controversy)। ইতিমধ্যে দুয়োগৰাকী নেতা আৰু কেইবাজনো লোকৰ বিৰুদ্ধে অধিবক্তা হৰিহৰ পাণ্ডেয়ে এক গোচৰ ৰুজু কৰিবলৈ আদালতত আবেদন জনাইছিল ।

জানিব পৰা মতে তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ দাবী সন্দৰ্ভত বৃহস্পতিবাৰে আদালতে শুনানি গ্ৰহণ কৰিব । বাৰাণসীৰ বিশেষ ন্যায়িক দণ্ডাধীশ পঞ্চমৰ আদালতে ১৫৬(৩) ধাৰাৰ অধীনত বিষয়টোৰ শুনানি গ্ৰহণ কৰিব ।

তথ্য অনুসৰি, অধিবক্তা হৰিহৰ পাণ্ডেয়ে আদালতত দাখিল কৰা আবেদনত কৈছে যে জ্ঞানবাপী চৌহদত উদ্ধাৰ হোৱা শিৱলিংগক অখিলেশ যাদৱ, আছাদুদ্দিন ওৱেইচি আৰু আন বহুতো লোকে ফাউণ্টেইন বুলি কৈছে । এই লোকসকলে নিৰন্তৰভাৱে এনে মন্তব্য দি হিন্দু ধৰ্মৰ বিশ্বাসক আঘাত কৰিছে । হৰিহৰ পাণ্ডেয়ে দাবী কৰিছে যে অখিলেশ যাদৱ, ওৱেইচি আৰু তেওঁৰ ভাতৃ আৰু বাৰানসীৰ মুছলমান দলসমূহকে ধৰি কিছুমান মুছলমান ধৰ্মগুৰু আৰু মছজিদত প্ৰাৰ্থনা কৰিবলৈ যোৱা ২,০০০ তকৈও অধিক লোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হ'ব ।

লগতে পঢ়ক :মছজিদৰ ভিতৰত শিৱলিংগ উদ্ধাৰৰ পোষ্ট দি গ্ৰেপ্তাৰ হিন্দু মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.