ETV Bharat / bharat

Modi surname case : মোডী উপাধি গোচৰত আজি পাটনা আদালতত ৰাহুল গান্ধী

author img

By

Published : Apr 12, 2023, 1:42 PM IST

ৰাহুল গান্ধীক লগ এৰা নাই মোডী উপাধিয়ে । মোডী উপাধিক অপমান কৰাৰ বাবে ইতিমধ্যে চূৰাট আদালতে দুবছৰৰ কাৰাদণ্ড বিহিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক । এইবাৰ একেটা গোচৰতে বিহাৰৰ পাটনাৰ সাংসদ/বিধায়ক আদালতত হাজিৰ হ'ব ৰাহুল গান্ধী (Rahul Gandhi to Appear Before Patna Court) । পূৰ্বতে তেওঁ এই গোচৰটোৰ শুনানি সময়ত দুবাৰকৈ উপস্থিত হোৱা নাছিল ।

Modi surname case
Modi surname case

নিউজ ডেস্ক, ১২ এপ্ৰিল : কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে মোডী উপাধি সন্দৰ্ভত কৰা মন্তব্যৰ বাবে বুধবাৰে পাটনাৰ এখন সাংসদ/বিধায়ক আদালতত হাজিৰ হ'ব (Rahul Gandhi to Appear Before Patna Court) । উল্লেখ্য, তেওঁৰ বিৰুদ্ধে এই গোচৰটো ২০১৯ চনত বিজেপি নেতা তথা সাংসদ সুশীল কুমাৰ মোডীয়ে দাখিল কৰিছিল । সাংসদ/বিধায়ক আদালতে তেওঁক চিআৰপিচিৰ ধাৰা ৩১৭-ৰ অধীনত আদালতত হাজিৰ হ'বলৈ আৰু তেওঁৰ বিবৃতি লিপিবদ্ধ কৰিবলৈ আহ্বান জনাইছে (Rahul Gandhis Modi surname case) ।

উল্লেখ্য যে ২০১৯ চনত সুশীল কুমাৰ মোডীয়ে দাখিল কৰা গোচৰটোত অভিযোগ কৰিছিল যে ৰাহুল গান্ধীয়ে মোডী সম্প্ৰদায়ক চোৰ বুলি অভিহিত কৰি অপমান কৰিছে (Rahul Gandhi defamation case on modi surname) । তাৰ পিচত গোচৰটোত কংগ্ৰেছ নেতাজনে আদালতৰ সন্মুখত আত্মসমৰ্পণ কৰে । ইয়াৰ পিচত তেওঁ জামিন লাভ কৰে । এই ক্ষেত্ৰত সুশীল কুমাৰ মোডীকে ধৰি পাঁচজন লোকৰ সাক্ষ্য সম্পূৰ্ণ হৈছে । গোচৰটোৰ আবেদনকাৰী, সাংসদ সুশীল মোডীয়ে কয় যে ৰাহুল গান্ধীয়ে দেশৰ লাখ লাখ মোডী উপাধিধাৰীক গালি পাৰিছে । আনহাতে, ৰাহুলে মোডী উপাধিৰ পিছপৰা সমাজৰ লোকসকলক অপমান কৰাৰো অভিযোগ ।

ইয়াৰ পূৰ্বে চূৰাটৰ এখন আদালতে মোডী উপাধি সন্দৰ্ভত কৰা মন্তব্যৰ অপৰাধমূলক মানহানিৰ গোচৰত ৰাহুল গান্ধীক দুবছৰৰ কাৰাদণ্ড প্ৰদান কৰে (Rahul Gandhi sentenced Surat Court) । শাস্তি ঘোষণা হোৱাৰ পিচত ৰাহুলৰ সংসদৰ সদস্য পদো বাতিল কৰা হৈছে । সদস্যপদ বাতিল হোৱাৰ পিচতো চৰকাৰে তাতেই থমকি নৰৈ তেওঁক চৰকাৰী বাংলো খালী কৰিবলৈও জাননী দিয়ে ।

অৱশ্যে ৰাহুল গান্ধীয়ে কয় যে আদানীৰ ওপৰত কথা কোৱাৰ বাবে তেওঁক শাস্তি দিয়া হৈছে । কিন্তু তেওঁ ভয় নকৰে আৰু চৰকাৰক প্ৰশ্ন কৰাটোও বন্ধ নকৰে । তেওঁ কয়, মই কেন্দ্ৰীয় চৰকাৰক সুধি থাকিম যে এই ২০,০০০ কোটি টকাৰ গৰাকী কোন (Rahul Gandhi on Adani row) ।

লগতে পঢ়ক :Punjab Military Station Firing : পঞ্জাবৰ সামৰিক কেন্দ্ৰত গুলীবৰ্ষণত নিহত ৪

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.