ETV Bharat / bharat

কিছু পৰিমাণে সুস্থিৰ মমতা বেনাৰ্জীৰ স্বাস্থ্য

বৰ্তমানেও চিকিৎসাধীন অৱস্থাত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী ৷ নন্দীগ্ৰামত সংঘটিত আক্ৰমণত আঘাতপ্ৰাপ্ত হোৱাৰ পাছতে চিকিৎসালত ভৰ্তি হৈছিল মমতা ৷ বৰ্তমান বেনাৰ্জীৰ স্বাস্থ্যৰ অৱস্থা কিছু সুস্থিৰ হৈছে বুলি জানিবলৈ দিছে চিকিৎসকে ৷

author img

By

Published : Mar 12, 2021, 10:24 AM IST

health condition of west bengal cm
কিছু পৰিমাণে সুস্থিৰ মমতা বেনাৰ্জীৰ স্বাস্থ্য

নেচনেল ডেস্ক, 12 মাৰ্চ: নন্দীগ্ৰামত সংঘটিত আক্ৰমণত আঘাতপ্ৰাপ্ত হোৱা মমতা বেনাৰ্জীৰ স্বাস্থ্য পূৰ্বতকৈ ভাল হোৱাৰ লগতে স্বাস্থ্যৰ অৱস্থা বৰ্তমান সুস্থিৰ বুলি জানিব পৰা গৈছে ৷ বেনাৰ্জীক চিকিৎসা প্ৰদান কৰি থকা এগৰাকী চিকিৎসকলে এই কথা দানিবলৈ দিছে ৷ চিকিৎসকে জানিবলৈ দিয়া মতে তৃণমূল কংগ্ৰেছৰ 66 বৰ্ষীয় নেতা গৰাকীৰ বিভিন্ন স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে আৰু চিকিৎসাৰ প্ৰতি বেনাৰ্জীৰ শৰীৰে সঠিকভাৱে সহাৰি দিছে ৷

বেনাৰ্জী চিকিৎসাধীন হৈ থকা এচএচকেএম চিকিৎসালয়ৰ এগৰাকী জ্যেষ্ঠ চিকিৎসকে জানিবলৈ দিয়ে যে, বেনাৰ্জীৰ বাঁওভৰিখনৰ এক্স-ৰে কৰা হৈছিল আৰু এক্স ৰেত তেঁও আঁঠুত গাঁঠিৰ অসুখত ভোগৰ কথা ধৰা পৰিছে ৷ চিকিৎসকৰ মতে মুখ্যমন্ত্ৰী গৰাকীৰ বাঁও গুৰুহা, ভড়িৰ হাড়ৰ উপৰিও বাঁও কান্ধ আৰু ডিঙিত আঘাত আছে ৷

ডিঙিৰ চিটি স্কেন আৰু পেটৰ ইউএচজি কৰা বুলি জানিবলৈ দি চিকিৎসকে জনাই যে, বেনাৰ্জীৰ তেজত ৰক্তৰ পৰিমাণ কমি গৈছে আৰু তাৰ বাবে তেঁওক ঔষধ প্ৰদান কৰি থকা হৈছে ৷ প্ৰাপ্ত তথ্য অনুসৰি চিকিৎসকৰ ছজনীয়া এটা দলে বৰ্তমান বেনাৰ্জীৰ স্বাস্থ্য পৰীক্ষা কৰি আছে ৷ শুকুৰবাৰে পুনৰ স্বাস্থ্য পৰীক্ষা কৰাৰ পাছত তেঁওক চিকিৎসলয়ৰ পৰা অব্যাহতি দিয়াৰ সন্দৰ্ভত সিদ্ধান্ত লোৱা হ'ব ৷

লগতে পঢ়ক: কলকাতাত আয়কৰ বিভাগৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.