নিউজ ডেস্ক,৭ মাৰ্চ: পঞ্জাৱ, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ শ শ কৃষকে দিল্লীৰ সীমান্তত ১০০ দিনতকৈও অধিক সময় ধৰি তিনিখন কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে ৷ তাৰ মাজতে টিক্ৰি-বাহাদুৰগড় সীমান্তত আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে । আৰক্ষীয়ে জনোৱা মতে দেওবাৰে সেই স্থানত ৫৫ বছৰীয়া হাৰিয়ানাৰ এজন কৃষকে আত্মহত্যা কৰে ।
এজোপা গছত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰা হয় ৰাজবীৰ নামৰ হাৰিয়ানাৰ হিছাৰ জিলাৰ কৃষকজনৰ মৃতদেহ । তিনিখন কৃষি আইনৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় সীমান্তত অব্যাহত থকা কৃষকৰ প্ৰতিবাদত তেওঁ অংশ লৈছিল । এই ঘটনাৰ পিছতে এতিয়া তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে কৃষকৰ প্ৰতিবাদস্থলীত ।
লগতে পঢ়ক: গুজৰাটত জৰুৰী অৱতৰণ ভাৰতীয় সেনাৰ হেলিকপ্তাৰ