ETV Bharat / bharat

17 খন ৰাজ্যকে ধৰি পাঁচখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ পঞ্চম ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা প্ৰকাশ - 17 খন ৰাজ্য আৰু পাঁচখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ পঞ্চম ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা প্ৰকাশ

17 খন ৰাজ্য আৰু পাঁচখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ পঞ্চম ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা প্ৰকাশ স্বাস্থ্যমন্ত্ৰী হৰ্ষ বৰ্ধনৰ ৷ স্বাস্থ্যৰ ক্ষেত্ৰত বহুকেইটা ক্ষেত্ৰত ভাৰতত গুৰুত্বপূৰ্ণ সকাৰত্মক পৰিৱৰ্তন ৷

5th National Family Health Survey
17 খন ৰাজ্য আৰু পাঁচখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ পঞ্চম ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা প্ৰকাশ
author img

By

Published : Dec 13, 2020, 1:04 PM IST

নেচনেল ডেস্ক, 13 ডিচেম্বৰ: ভাৰতৰ ৰাজ্যসমূহৰ লগতে কেন্দ্ৰীয় শাসিত অঞ্চলৰ জনসংখ্যা, স্বাস্থ্য আৰু পুষ্টি সম্পৰ্কীয় বিশদ তথ্যৰাজিৰে সৈতে শনিবাৰে স্বাস্থ্যমন্ত্ৰী হৰ্ষবৰ্ধনে পঞ্চম ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা প্ৰকাশ কৰে ৷

স্বাস্থ্য মন্ত্ৰালয়ৰ পৰা প্ৰকাশিত এক বিবৃতি অনুসৰি এই তথ্য যথেষ্ট গুৰুত্বপূৰ্ণ কিয়নো বহুক্ষেত্ৰৰ পৰা ইয়াক 90 খন দেশৰ ডেম'গ্ৰাফিক হেলথ্ চাৰ্ভেৰ সৈতে তুলনা কৰিব পাৰি ৷ ইয়াৰ উপৰিও এই তথ্যক অন্য দেশৰ সৈতে তুলনা কৰাৰ বাবেও ব্যৱহাৰ কৰিব পৰা যায় ৷

শনিবাৰে প্ৰকাশিত ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষাৰ বাবে মুঠ 6.1 লাখ ঘৰত জৰীপ চলোৱা হৈছিল ৷ এই জৰীপৰ সময়ত স্বাস্থ্য, পৰিয়াল পৰিকল্পনা, পুষ্টিগত সূচক আৰু জনসংখ্যাৰ সঠিক তথ্যৰ বাবে বিভিন্ন পৰিয়ালসমূহৰ সাক্ষাৎকাৰ গ্ৰহণ কৰা হৈছিল ৷

প্ৰথম পৰ্যায়ত অসম, বিহাৰ, মণিপুৰ, মেঘালয়, চিকিম, ত্ৰিপুৰাকে ধৰি অন্ধ্ৰপ্ৰদেশ, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, গুজৰাট, হিমাচল প্ৰদেশ, জম্মু আৰু কাশ্মীৰ, লাডাখ, কৰ্ণাটক, গোৱা, টেলাংগানা, পশ্চিমবংগ, মিজোৰাম, কেৰালা , লক্ষ্যদ্বীপ, ডাডৰা নগৰ হাভেলি আৰু ডমন ডিউ সহ মুঠ 17 কন ৰাজ্য আৰু পাঁচটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ তথ্য সামৰি লোৱা হৈছে ৷

দ্বিতীয় পৰ্যায়ত বাকী থকা 12 খন ৰাজ্য আৰু 2 খন কেন্দ্ৰীয় শাসিত অঞ্চলক সামৰি লোৱা হ'ব ৷ ক'ভিড-19 সৃষ্ট পৰিৱেশৰ এই কেইখন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ক্ষেত্ৰ জৰীপৰ কাম পিছুৱাই দিব লগা হোৱা বাবে তথ্য সমূহ প্ৰথম পৰ্যায়ত প্ৰকাশ কৰিব পৰা ন'গল ৷ জানিব পৰা মতে উক্ত জৰীপৰ কাম পুনৰ নৱেম্বৰৰ পৰা আৰম্ভ হৈছে আৰু 2021 ৰ মে' মাহৰ ভিতৰত এই কাম সম্পন্ন হ'ব ৷

বিজ্ঞপ্তি খনত প্ৰকাশ কৰা মতে 2015-16 বৰ্ষৰ চতূৰ্থ সমীক্ষাৰ তুলনাত এইবাৰ মাতৃ আৰু শিশুৰ স্বাস্থ্য উল্লেখযোগ্য উন্নতি হৈছে ৷ শিশুক প্ৰতিষেধক প্ৰদানৰ ক্ষেত্ৰতো প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত 12- 23 মহীয়া শিশুক সামৰি লোৱা পৰিলক্ষিত হোৱা হৈছে ৷ বিজ্ঞপ্তি খনৰ মতে মহিলা সবলীকৰণ (বেংক একাউন্ট থকা মহিলাসকলক ধৰি) ৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ বিকাস পৰিলক্ষিত হৈছে ৷

পঞ্চম ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা প্ৰকাশৰ এই দিনটোৰ উপলক্ষে স্বাস্থ্যমন্ত্ৰীয়ে এক বিশেষ অনুষ্ঠান আহ্বান কৰে ৷ এই উপলক্ষে তেওঁ কয় যে ক'ভিড-19 য়ে এক স্থিতিশীল স্বাস্থ্য প্ৰণালী গঢ়ি তোলাৰ প্ৰয়োজনীয়তা বুজাই দিছে ৷ আমি আজি আহি যি পৰ্যায়ত উপনীত হৈছে এই ধাৰা অক্ষুণ্ণ ৰাখি অদূৰ ভৱিষ্যতে আমি আৰু অধিক শক্তিশালী স্বাস্থ্য প্ৰণালী গঢ়ি তুলিব লাগিব বুলিও স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে ৷

আয়ুষ্মান ভাৰত পৰিচালনা কৰাৰ ক্ষেত্ৰত ভাৰত উল্লেখনীয়ভাৱে আগবাঢ়িছে বুলি মন্তব্য কৰি মন্ত্ৰী গৰাকীয়ে কয় যে বৰ্তমান কাৰ্যক্ষম অৱস্থাত থকা 51,500 টা কেন্দ্ৰৰ সৈতে লক্ষ্যৰ এক তৃতীয়াংশত ভাৰত ইতিমধ্যে উপনীত হৈছে ৷ বহুকেইটা তথ্য সম্বলিত এপ মুকলি কৰাৰ লগতে বিভিন্ন ধৰণৰ স্বাস্থ্য আঁচনি সমূহৰ ৰূপায়ন আৰু পৰিদৰ্শনৰ বাবে কিছু নিৰ্দেশনা মুকলি কৰি প্ৰাথমিক স্বাস্থ্য কৰ্মী সকলক সমুখৰ পৰা ক'ভিড-19 বিৰোধী যুঁজখনত অংশ লোৱাৰ বাবে মন্ত্ৰীগৰাকীয়ে ধন্যবাদ জ্ঞাপন কৰে ৷

লগতে পঢ়ক:২৭ খন ৰাজ্যৰ বাবে ৯,৮৭৯ কোটি টকাৰ প্ৰস্তাৱত অনুমোদন দিলে বিত্ত মন্ত্ৰালয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.