ETV Bharat / bharat

২ জুনত বিজেপিত যোগদান কৰিব হাৰ্ডিক পেটেলে

২ জুনৰ ভিতৰত গেৰুৱা বসন পিন্ধিব প্ৰাক্তন কংগ্ৰেছ নেতা হাৰ্ডিক পেটেলে (Hardik Patel to join BJP) । মঙলবাৰে তেওঁ স্পষ্ট কৰে এই কথা । কিছুদিন পূৰ্বে কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছিল পাতিদাৰ আন্দোলনৰ নেতাগৰাকীয়ে ।

author img

By

Published : May 31, 2022, 12:35 PM IST

Hardik Patel
২ জুনত বিজেপিত যোগদান কৰিব হাৰ্দিক পেটেলে

নেশ্যনেল ডেস্ক, ৩১ মে': অৱশেষত জল্পনা-কল্পনাৰ অন্ত পৰিল । বিজেপিত যোগদান কৰিব হাৰ্ডিক পেটেলে (Hardik Patel to join BJP) । ২ জুনৰ ভিতৰত বিজেপি দলত যোগদান কৰিব প্ৰাক্তন কংগ্ৰেছ নেতাগৰাকীয়ে ।

উল্লেখ্য যে, যোৱা ১৮ মে'ত কংগ্ৰেছৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰিছিল গুজৰাট প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি হাৰ্ডিক পেটেলে (Hardk Patel resigns from congress) । গুজৰাট বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত প্ৰভাৱশালী নেতাগৰাকীয়ে কংগ্ৰেছ ত্যাগ কৰাৰ লগে লগে বিভিন্ন মহলত চৰ্চা হৈছিল ।

হাৰ্ডিক পেটেলে শেহতীয়াকৈ গুজৰাট কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত ৰঘু শৰ্মা আৰু জিপিচিচিৰ প্ৰাক্তন সভাপতি ভাৰত সিংহ চোলাংকীক বিশেষভাৱে অনুসৰণ কৰি আহিছে । তেওঁ কৈছিল যে, এই নেতাসকলে মানুহৰ অনুভূতিক সন্মান নকৰে । ইফালে কংগ্ৰেছক পাতিদাৰ বিৰোধী আৰু গুজৰাট বিৰোধী বুলিও অভিহিত কৰিছিল ।

হাৰ্ডিক পেটেলে কোনটো দলত যোগদান কৰিব তাক লৈও বিভিন্ন মহলত চৰ্চা চলিছিল । অৱশেষত মঙলবাৰে নেতাগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে তেওঁ বিজেপিত যোগদান কৰিব ।

লগতে পঢ়ক : দিল্লীৰ স্বাস্থ্যমন্ত্ৰী সত্যেন্দ্ৰ জৈনক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.