ETV Bharat / bharat

প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বত জীৱনৰ এক নতুন অধ্যায় আৰম্ভ কৰিবলৈ গৈ আছো: হাৰ্দিক পেটেল

author img

By

Published : Jun 2, 2022, 10:37 AM IST

প্ৰায় তিনি বছৰ কংগ্ৰেছ দলৰ হৈ সেৱা আগবঢ়োৱাৰ পাছতে বিজেপিত দলত যোগদান কৰিব হাৰ্দিক পেটেলে (Hardik Patel to join BJP)। পাতিদাৰ সম্প্ৰদায়ৰ হৈ কৰা আন্দোলনৰ বাবে দেশজুৰি চৰ্চিত হৈ আহিছে হাৰ্দিক পেটেল । এইবাৰ বিজেপিত যোগদান কৰি দেশ আৰু ৰাইজৰ স্বাৰ্থত কাম কৰিব বিচাৰে হাৰ্দিক পেটেলে ।

Hardik Patel to join BJP
মোডীৰ নেতৃত্বত জীৱনৰ এক নতুন অধ্যায় আৰম্ভ কৰিবলৈ গৈ আছো

নেশ্যনেল ডেস্ক,২ জুন : প্ৰাক্তন কংগ্ৰেছ নেতা হাৰ্দিক পেটেলে ইতিমধ্যে বিজেপিত যোগদান কৰাৰ কথা ঘোষণা কৰিছে (Hardik Patel to join BJP)। এইবাৰ পুনৰ হাৰ্দিক পেটেলে টুইটযোগে উল্লেখ কৰে যে তেওঁ জীৱনৰ এক নতুন অধ্যায় আৰম্ভ কৰিবলৈ গৈ আছে (Hardik Patel tweet regarding BJP joining)। লগতে তেওঁ স্পষ্ট কৰি দিয়ে যে আগন্তুক দিনত তেওঁ দেশৰ ৰাষ্ট্ৰীয়, ৰাজ্যিক, ৰাজহুৱা আৰু সামাজিক স্বাৰ্থত কাম কৰিব বিচাৰে ।

হাৰ্দিক পেটেলে লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক এগৰাকী সফল প্ৰধানমন্ত্ৰী হিচাপে সম্বোধন কৰি কয় যে নৰেন্দ্ৰ মোডীৰ নেতৃত্বত দেশৰ সেৱাৰ কামত তেওঁ এজন ক্ষুদ্ৰ সৈনিক হিচাপে কাম কৰিবলৈ আগবাঢ়িছে । তেওঁৰ এই টুইটৰ পাছতে ৰাজ্যজুৰি বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখা গৈছে ।

  • राष्ट्रहित, प्रदेशहित, जनहित एवं समाज हित की भावनाओं के साथ आज से नए अध्याय का प्रारंभ करने जा रहा हूँ। भारत के यशस्वी प्रधानमंत्री श्री नरेन्द्र भाई मोदी जी के नेतृत्व में चल रहे राष्ट्र सेवा के भगीरथ कार्य में छोटा सा सिपाही बनकर काम करूँगा।

    — Hardik Patel (@HardikPatel_) June 2, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

২০১৯ চনত কংগ্ৰেছত যোগদান কৰা গুজৰাটৰ যুৱ নেতা পেটেলে পাতিদাৰ সম্প্ৰদায়ৰ অধিকাৰৰ বাবে বিভিন্ন ধৰণে কাম কৰি আহিছে (Patidar reservation agitation movement by Hardik Patel)। ২০১৫ চনত তেওঁৰ নেতৃত্বত পাতিদাৰ সংৰক্ষণ আন্দোলনে বিশেষ চৰ্চা লাভ কৰিছিল । এই আন্দোলনৰ পাছত প্ৰায় তিনি বছৰ কংগ্ৰেছত সেৱা আগবঢ়োৱাৰ পিছত, নেতাগৰাকীয়ে আহি থকা নিৰ্বাচনৰ পূৰ্বে যোৱা ১৮ মে'ত কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰে ।

কংগ্ৰেছৰ পৰা পদত্যাগ কৰাৰ পিছৰে পৰা হাৰ্দিক পেটেলে বিজেপিত যোগদান কৰাক লৈ জল্পনা-কল্পনা চলি আছিল । জল্পনা কল্পনাৰ মাজতে শেহতীয়াকৈ তেওঁ বিজেপিত যোগদান কৰিব বুলি ঘোষণা কৰিছে ।

লগতে পঢ়ক :২ জুনত বিজেপিত যোগদান কৰিব হাৰ্ডিক পেটেলে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.