ETV Bharat / bharat

PM Modi speech in Delhi : মণিপুৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ - Independence Day of India

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৭৭ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে । পতাকা উত্তোলনৰ পাছত তেওঁ ভাষণত মণিপুৰৰ হিংসাৰ কথা উল্লেখ কৰে । সমস্যা সমাধানৰ একমাত্ৰ উপায় শান্তি বুলি তেওঁ ঘোষণা কৰে ।

PM Modi speech in Delhi
মণিপুৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰধানমন্ত্ৰী মোডীৰ
author img

By

Published : Aug 15, 2023, 11:04 AM IST

নেশ্যনেল ডেস্ক, ১৫ আগষ্ট : স্বাধীনতা দিৱসত মণিপুৰৰ পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । লালকিল্লাত ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে কয় যে, মণিপুৰত মাতৃ আৰু কন্যাৰ মৰ্যাদাৰ সৈতে আপোচ কৰা হৈছে । তেওঁ মণিপুৰৰ জনসাধাৰণক শান্তিৰ বাবে আহ্বান জনায় কয় যে, সমগ্ৰ দেশ মণিপুৰৰ সৈতে আছে আৰু শান্তিয়ে সমাধানৰ উপায় উলিয়াব পাৰিব ।

লালকিল্লাৰ পৰা ৭৭ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে দেশবাসীক সম্বোধন কৰি মোদীয়ে কয় যে, উত্তৰ-পূবত আৰু ভাৰতৰ আন কিছু অংশতো বিশেষকৈ মণিপুৰত সংঘটিত হিংসাত্মক ঘটনাত বহু লোকে প্ৰাণ হেৰুৱাব লগা হৈছে । মহিলাৰ সন্মানৰ সৈতেও আপোচ কৰা হৈছে বুলি তেওঁ উদ্বেগ প্ৰকাশ কৰে ।

মোদীয়ে লগতে কয় যে, যোৱা কেইদিনমান ধৰি মণিপুৰৰ পৰা নিৰন্তৰ শান্তিৰ খবৰ পোৱা গৈছে । শান্তিৰ ফলত সকলো সমস্যা সমাধান হ'ব । আনহাতে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে তাত সমস্যা সমাধানৰ বাবে নিৰন্তৰভাৱে কাম অব্যাহত ৰাখিব বুলিও তেওঁ প্ৰতিশ্ৰুতি দিয়ে ।

তেওঁ লগতে কয় যে, যেতিয়াই অতীতলৈ চাও এনে কিছুমান স্মৃতি ওলাই আহে যিবোৰে ছাপ ৰাখি থৈ গৈছে । ইয়াৰ প্ৰভাৱ বহু বছৰ ধৰি দেখা যায় । প্ৰথমে এই ঘটনাবোৰ সৰু যেন লাগিছিল যদিও কেইবছৰমানৰ ভিতৰতে ই এই সমস্যাবোৰৰ মূল হৈ পৰিছে । প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে হাজাৰ-বাৰশ বছৰ পূৰ্বে ভাৰতত আক্ৰমণ হৈছিল কিন্তু তেতিয়া এই ঘটনাই দেশৰ ওপৰত এনে প্ৰভাৱ পেলাব বুলি কোনেও ভবা নাছিল ।

দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে চৰকাৰে যি সিদ্ধান্তই ল'ব ই আহিবলগীয়া হাজাৰ বছৰৰ বাবে ভাগ্য সলনি কৰিবলগীয়া হ'ব । তেওঁৰ মতে দেশৰ পুত্ৰ-কন্যাসকলে যি সৌভাগ্যৰ অধিকাৰী হৈছে সেই সৌভাগ্য কাৰো ওচৰত নাই । ইয়াক হেৰুৱাব নালাগে । প্ৰধানমন্ত্ৰী মোদীয়ে যুৱশক্তিত বিশ্বাস কৰে ।

আজি দেশৰ যুৱসকলে বিশ্বৰ শীৰ্ষ তিনিটা ষ্টাৰ্টআপত স্থান লাভ কৰিছে । প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতে কৰা এই আশ্চৰ্যজনক কাম কেবল দিল্লী-মুম্বাই, চেন্নাইতে সীমাবদ্ধ নহয় । টায়াৰ ২ আৰু টায়াৰ ৩ চহৰৰ যুৱকসকলেও এই কৃতিত্ব অৰ্জন কৰিছে । এয়াই দেশৰ শক্তি যিবোৰ সৰু চহৰৰ পৰা বিকাশ হৈছে বুলি তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক :77th Independence Day LIVE Update : ঐতিহাসিক লালকিল্লাত দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰী মোদীৰ ভাষণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.