ETV Bharat / bharat

জ্ঞানবাপী মছজিদ গোচৰৰ আজি শুনানী গ্ৰহণ কৰিব এলাহাবাদ উচ্চ ন্যায়ালয়ে ! - বাৰাণসী আদালত

(Gyanvapi Mosque Case) এলাহাবাদ উচ্চ ন্যায়ালয়ে আজি জ্ঞানবাপী মছজিদৰ সৈতে সম্পৰ্কিত পাঁচখন আবেদনৰ ওপৰত ৰায়দান দিয়াৰ সম্ভাৱনা আছে ৷ ইয়াৰ পূৰ্বৰ শুনানিত, আদালতে দুয়োপক্ষৰ যুক্তি শুনি ৰায় সংৰক্ষিত ৰাখিছিল ।

Etv BharatGyanvapi Mosque Case
Etv Bharat জ্ঞানবাপী মছজিদ গোচৰত ৰায়দান দিব এলাহাবাদ উচ্চ ন্যায়ালয়ে !
author img

By ETV Bharat Assamese Team

Published : Dec 19, 2023, 8:26 AM IST

Updated : Dec 19, 2023, 8:46 AM IST

নেশ্য়নেল ডেস্ক, 19 ডিচেম্বৰ : প্ৰসংগ জ্ঞানবাপী মছজিদ ৷ আজি অৰ্থাৎ মঙলবাৰে এলাহাবাদ উচ্চ ন্যায়ালয়ে জ্ঞানবাপী বিবাদ সম্পৰ্কীয় ৫ খন আবেদনৰ ৰায়দান কৰাৰ সম্ভাৱনা আছে ৷ যোৱা ৮ ডিচেম্বৰৰ শুনানিত, আদালতে দুয়োপক্ষৰ যুক্তি শুনি ৰায় সংৰক্ষিত ৰাখিছিল ৷

ইয়াৰে তিনিখন আবেদন 1991 চনত বাৰাণসী আদালতত দাখিল কৰা গোচৰৰ সৈতে সম্পৰ্কিত ৷ আনহাতে ভাৰতৰ প্ৰত্নতাত্ত্বিক জৰীপ বিভাগৰ(এ এছ আই) জৰীপ আদেশৰ বিৰুদ্ধে দুখন আবেদন দাখিল কৰা হৈছিল । 1991 চনৰ গোচৰটোত, বিতৰ্কিত চৌহদটো হিন্দুসকলক হস্তান্তৰ কৰিবলৈ দাবী জনোৱা হৈছিল । ইয়াৰ উপৰিও, ইয়াত উপাসনা কৰাৰ অনুমতিও বিচৰা হৈছিল ৷

জ্ঞানবাপী বিবাদ সম্পৰ্কীয় ৫ খন আবেদনৰ ওপৰত সিদ্ধান্ত:

এই গোচৰটো 1991 চনত বাৰাণসী জিলা আদালতত দাখিল কৰা হৈছিল। ইয়াৰ পিচতে বাৰাণসী আদালতে এই গোচৰটোৰ শুনানি দিব পাৰিব নে নোৱাৰে এই সন্দৰ্ভত এলাহাবাদ উচ্চ ন্যায়ালয়ে সিদ্ধান্ত গ্ৰহণ কৰে ৷ এই ক্ষেত্ৰত তিনিবাৰ ৰায় সংৰক্ষণ কৰাৰ পিচত, আদালতে পুনৰ আবেদনসমূহৰ ওপৰত দুয়োপক্ষৰ যুক্তি তৰ্ক শুনিছিল । যোৱা 8 ডিচেম্বৰত এই ৰায় সংৰক্ষিত ৰখা হৈছিল ৷ উত্তৰ প্ৰদেশ চুন্নী কেন্দ্ৰীয় ৱাকফ বোৰ্ড, হিন্দু পক্ষ আৰু অঞ্জুমান মছজিদ সমিতিয়ে এলাহাবাদ উচ্চ ন্যায়ালয়ত তেওঁলোকৰ যুক্তি উপস্থাপন কৰিছিল।

এ এছ আই জৰীপৰ প্ৰতিবেদন এতিয়াও দাখিল কৰা হোৱা নাই:

মুছলমান পক্ষৰ হৈ, 1936 চনত দীন মহম্মদ গোচৰৰ সিদ্ধান্তৰ বিষয়ে আদালতত তথ্য দিয়া হৈছিল। তিনিবাৰ ৰায় সংৰক্ষণ কৰাৰ পিচত, আদালতত বিষয়টোৰ পুনৰ শুনানি আছিল। শেহতীয়াকৈ, এ এছ আইয়ে জ্ঞানবাপী চৌহদৰ জৰীপ কৰিছিল। আনকি জৰীপ সম্পূৰ্ণ হোৱাৰ পাচতো, এ এছ আইয়ে প্ৰতিবেদনখন আদালতত দাখিল কৰা নাই ৷

লগতে পঢ়ক: জ্ঞানবাপী মছজিদ জৰীপৰ প্ৰতিবেদন দাখিল; ২১ ডিচেম্বৰত শুনানি

Last Updated : Dec 19, 2023, 8:46 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.