ETV Bharat / bharat

Rahul defamation case : গুজৰাট উচ্চ ন্যায়ালয়ত আজি ৰাহুল গান্ধীৰ আবেদনক লৈ শুনানি - Modi surname issue

আজি গুজৰাট উচ্চ ন্যায়ালয়ে ৰাহুল গান্ধীৰ আবেদনক লৈ শুনানি গ্ৰহণ কৰিব (Gujrat HC to hear Rahul Gandhis plea)। মানহানি গোচৰত স্থগিতাদেশ বিচাৰি কৰা আবেদন সম্পৰ্কে হ'ব শুনানি । চুৰাট আদালতে আবেদন নাকচ কৰাৰ পাচতে ইয়াক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ত ৰাহুল গান্ধীৰ অধিবক্তাই আবেদন দাখিল কৰিছিল ।

Rahul defamation case
গুজৰাট উচ্চ ন্যায়ালয়ত ৰাহুল গান্ধীৰ আবেদনক লৈ শুনানি
author img

By

Published : Apr 29, 2023, 11:33 AM IST

নেশ্যনেল ডেস্ক,২৯ এপ্ৰিল : গুজৰাট উচ্চ ন্যায়ালয়ত শনিবাৰে অৰ্থাৎ আজি ৰাহুল গান্ধীৰ মানহানি গোচৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ শুনানি গ্ৰহণ কৰিব (Rahul Gandhi plea at Gujarat HC)। কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ "মোডী উপাধি" মন্তব্যৰ ওপৰত অপৰাধমূলক মানহানিৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ ওপৰত স্থগিতাদেশ প্ৰদান কৰিবলৈ চুৰাট আদালতৰ অস্বীকাৰক প্ৰত্যাহ্বান জনোৱা আবেদনৰ শুনানি গ্ৰহণ কৰা হ'ব (Gujarat court to hear Rahul Gandhis plea)।

ইয়াৰ পূৰ্বে ২৬ এপ্ৰিলত, ৰাহুল গান্ধীৰ অধিবক্তা পি এছ চম্পানেৰীয়ে গুজৰাট উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ গীতা গোপীৰ সন্মুখত গোচৰটোৰ কথা উল্লেখ কৰিছিল যদিও ন্যায়াধীশগৰাকীয়ে শুনানিৰ পৰা নিজকে আঁতৰাই ৰাখিছিল । ৰাহুল গান্ধীৰ আবেদন সম্পৰ্কত এতিয়া ন্যায়াধীশ হেমন্ত প্ৰচ্ছকৰ আদালতে শুনানি ল'ব ।

অতিৰিক্ত সত্ৰ ন্যায়াধীশ ৰবীন মোগেৰাৰ চুৰাট আদালতে ২০ এপ্ৰিলত ৰাহুল গান্ধীৰ দোষী সাব্যস্ত হোৱাৰ ওপৰত স্থগিতাদেশ বিচাৰি কৰা আবেদন নাকচ কৰিছিল (Rahul Gandhi defamation case)। যদি এনে ক্ষমতা সাধাৰণ আৰু যান্ত্ৰিকভাৱে ব্যৱহাৰ কৰা হয়, তেন্তে ন্যায় প্ৰদান প্ৰণালীৰ ওপৰত জনসাধাৰণৰ বিশ্বাসত প্ৰভাৱ পৰিব । এনে আদেশে ন্যায়পালিকাৰ ওপৰত জনসাধাৰণৰ আস্থা হেৰুৱাব বুলিও ন্যায়ালয়ে কৈছিল ।

ৰাহুল গান্ধীয়ে উচ্চ ন্যায়ালয়ৰ সন্মুখত কৰা এই আবেদনত অসামঞ্জস্যপূৰ্ণ শাস্তিৰ ভিত্তিত তেওঁৰ দোষী সাব্যস্ত হোৱাৰ ওপৰত স্থগিতাদেশ বিচাৰিছে আৰু এনে ধৰণৰ দোষী সাব্যস্ত হোৱাৰ ফলত তেওঁৰ লোকসভাৰ সদস্যপদ হেৰুওৱাৰ ফলত তেওঁক ক্ষতি কৰিছে বুলিও উল্লেখ কৰা হৈছে (Rahul Gandhi plea at Gujarat HC)।

২৩ মাৰ্চত, চুৰাটৰ দণ্ডাধীশ আদালতে ২০১৯ চনত কৰ্ণাটকৰ কোলাৰত এক নিৰ্বাচনী জনসভাৰ সময়ত মোডী উপাধিক লৈ ৰাহুল গান্ধীয়ে কৰা মন্তব্যৰ বাবে তেওঁক দোষী সাব্যস্ত কৰিছিল (Modi surname issue)। অপৰাধমূলক মানহানিৰ অভিযোগত গান্ধীৰ বিৰুদ্ধে দুবছৰৰ কাৰাদণ্ডও ঘোষণা কৰা হৈছিল । অৱশ্যে তেওঁক তাৎক্ষণিকভাৱে জামিন প্ৰদানো কৰে ।

লগতে পঢ়ক :Delhi wrestler protest: ভাৰতীয় কুস্তি ফেডাৰেচনৰ অধ্যক্ষ ব্ৰীজ ভূষণৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.