ETV Bharat / bharat

EC press meet: 2022-2023 চনৰ নিৰ্বাচনত বিভিন্ন ৰাজ্যৰ পৰা জব্দ মুঠ 1028 কোটি টকা - মুখ্য নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰ

2022-2023 চনৰ নিৰ্বাচনৰ সময়ত মুঠ জব্দ কৰা হৈছে 1,028 কোটি টকা ৷ সৰ্বাধিক 81.85 কোটি টকা জব্দ কৰা হৈছে গুজৰাটত ৷ বুধবাৰে মুখ্য নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰে সংবাদমেলযোগে সদৰী কৰে এই কথা (Money seized during election) ৷

EC press meet
2022-2023 চনৰ নিৰ্বাচনত বিভিন্ন ৰাজ্যৰ পৰা জব্দ মুঠ 1028 কোটি টকা
author img

By

Published : Mar 29, 2023, 10:04 PM IST

নেশ্যনেল ডেস্ক, 29 মাৰ্চ: 2022-2023 চনত দেশৰ বিভিন্ন ৰাজ্যত অনুষ্ঠিত হোৱা নিৰ্বাচসমূহত জব্দ কৰা হয় বৃহৎ পৰিমাণৰ ধন ৷ এই জব্দকৃত ধনৰ পৰিমাণ পূৰ্বতকৈ বহু গুণে বৃদ্ধি পাইছে ৷ গুজৰাটত সৰ্বাধিক 81.85 কোটি টকা জব্দ কৰা হৈছে ৷ বুধবাৰে এক সংবাদমেলযোগে এই কথা সদৰী কৰে মুখ্য নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰে (Chief Election Commissioner Rajiv Kumar) ৷

তথ্য অনুসৰি গুজৰাট, হিমাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড আৰু ত্ৰিপুৰাকে ধৰি পাঁচখন ৰাজ্যত মুঠ 1,028 কোটি টকা জব্দ কৰা হৈছিল ৷ পূৰ্বৰ নিৰ্বাচনতকৈ এই পৰিমাণ প্ৰায় 23 গুণ বেছি ৷ গুজৰাটৰ পাচতেই হিমাচল প্ৰদেশ মুঠ 57.24 কোটি টকা জব্দ কৰা হৈছে ৷ আনহাতে মেঘালয়ত 74.18 কোটি টকা, নাগালেণ্ডে 50.02 কোটি কোটি টকা আৰু ত্ৰিপুৰাত 45.44 কোটি টকা জব্দ কৰা হৈছে ৷ মুখ্য নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰে পৰৱৰ্তী সময়তো এইদৰে অভিযান চলবালৈ অভিযানকাৰী দলসমূহ অধিক শক্তিশালী কৰি থকা বুলি সদৰী কৰিছে (Money seized during election) ৷

ধনৰ লগতে জব্দ কৰা হৈছে আন আন বৃহৎ সামগ্ৰীও ৷ জব্দকৃত সামগ্ৰীসমূহৰ ভিতৰত বিশেষকৈ আছে ড্ৰাগছ, সুৰা ইত্যাদি ৷ শান্তিপূৰ্ণভাৱে নিৰ্বাচনসমূহ অনুষ্ঠিত হোৱাত ব্যাঘাত জন্মাব পৰা যিকোনো সামগ্ৰীৰ সৰবৰাহ বন্ধ কৰিবলৈ প্ৰৱৰ্তনকাৰী সংস্থাসূমহক অধিক সতৰ্কতা অৱলম্বন কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে নিৰ্বাচন আয়োগে ৷

ইফালে, 10 মে’ত কৰ্ণাটকত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনত যাতে ধনৰ লেন-দেন বন্ধ কৰিব পৰা যায় তাৰ প্ৰতিও নিৰ্বাচন আয়োগ আৰু প্ৰৱৰ্তনকাৰী সংস্থাসমূহ তৎপৰ হৈ আছে বুলি সংবাদমেলত সদৰী কৰিছে মুখ্য নিৰ্বাচনী আয়ুক্তগৰাকীয়ে ৷ উল্লেখ্য যে, 2023 চনত বিভিন্ন প্ৰৱৰ্তনকাৰী সংস্থাসমূহৰ সংখ্যা 2400 লৈ বৃদ্ধি কৰিছে নিৰ্বাচন আয়োগে ৷ 2018 চনত ইয়াৰ সংখ্যা আছিল 1900 ৷ প্ৰৱৰ্তনকাৰী সংস্থাসমূহৰ ভিতৰত আছে ফ্লাইং স্কোৱাড, ব্যয় পৰ্যবেক্ষক আৰু সহকাৰী পৰ্যবেক্ষক (Karnataka assembly election) ৷

কৰ্ণাটকৰ নিৰ্বাচনত নিৰ্বাচন আয়োগে 19খন জিলাৰ 171 টা স্থাপন আন্তঃৰাজ্যিক নিৰীক্ষণ কেন্দ্ৰ স্থাপন কৰিব ৷ আন ৰাজ্যসমূহৰ পৰা নিৰ্বাচনৰ সময়ত যাতে ধনৰ লেন-দেন নহয় তাৰ ওপৰত তীক্ষ্ন দৃষ্টি ৰাখিব আয়োগে ৷ 13 মে’ত হ’ব কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ভোট গণনা ৷

লগতে পঢ়ক: Bypolls in Wayanad: ৰাহুল গান্ধীৰ সমষ্টিত উপ নিৰ্বাচন সন্দৰ্ভত মুখ্য নিৰ্বাচন আয়ুক্তই কৰিলে মন্তব্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.