নিউজ ডেস্ক, ২০ অক্টোবৰ : গুজৰাটত পুনৰ এবাৰ গুপ্তচৰ বৃত্তিৰ ঘটনা পোহৰলৈ আহিছে । গুজৰাট এটিএছে আনন্দৰ পৰা পাকিস্তানৰ হৈ কাম কৰা এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে । ব্যক্তিজনে কিছু সময়ৰ পৰা পাকিস্তানৰ এটা সংস্থাৰ বাবে কাম কৰি আছিল । গোচৰটোৰ পৰৱৰ্তী তদন্ত এটিএছৰ দ্বাৰা কৰা হৈছে । ইয়াৰ চৰকাৰী তথ্য এটিএছে শীঘ্ৰেই মুকলি কৰিব বুলিও জনাইছে ।
সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি, গুজৰাট এটিএছে দীৰ্ঘদিন ধৰি এই ব্যক্তিজনৰ ওপৰত নজৰ ৰাখিছিল । এই ব্যক্তিজনে ভাৰতীয় সেনা, নৌসেনা, বায়ু সেনাৰ পৰিয়ালৰ সদস্যসকলৰ মোবাইল ফোন হেক কৰিছিল আৰু তাৰ পৰা তেওঁলোকৰ ব্যক্তিগত তথ্য লাভ কৰিছিল । তাৰ পিছত পাকিস্তানৰ সৈন্যবাহিনীলৈ পৰিয়ালৰ সদস্যসকলৰ বিষয়ে উক্ত তথ্য প্ৰেৰণ কৰিছিল ।
এইটোও প্ৰকাশ পাইছে যে পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠনসমূহৰ সৈতেও তেওঁৰ সম্পৰ্ক আছে । লগতে জানিব পৰা গৈছে যে তেওঁ পাকিস্তানলৈ সেনাৰ গুৰুত্বপূৰ্ণ কাৰ্যকলাপৰ বিষয়ে তথ্য প্ৰেৰণ কৰিছিল । বৰ্তমানলৈকে অভিযুক্তই পাকিস্তানক কিমান তথ্য দিছে তাৰ তদন্ত আৰম্ভ হৈছে ।
উল্লেখ্য যে ইয়াৰ পূৰ্বেও দেশৰ প্ৰতিৰক্ষা খণ্ডত কাম কৰা কেইবাজনো ব্যক্তিক পাকিস্তানৰ হৈ চোৰাংচোৱা বৃত্তিত লিপ্ত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে । তেওঁলোকে ধনৰ বিনিময়ত বা বিভিন্ন প্ৰলোভনত পৰি দেশৰ সুৰক্ষাৰ ক্ষেত্ৰৰ বাবে বিপজ্জনক বহু তথ্য গোপনে পাকিস্তানলৈ সৰবৰাহ কৰিছিল ।
আনহাতে, পাকিস্তানী যুৱতীৰ প্ৰেমৰ জালত বন্দী হৈয়ো দেশৰ গুৰুত্বপূৰ্ণ তথ্য পাকিস্তানলৈ সৰবৰাহ কৰাৰ অভিযোগ আছে । তেনে ক্ষেত্ৰত পুনৰ পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিত লিপ্ত হোৱাৰ এই ঘটনা পোহৰলৈ আহিছে । নিশ্চিতভাৱে এই ঘটনাই পৰৱৰ্তী সময়ত আৰু কেনে ধৰণৰ তথ্য পোহৰলৈ আনে সেয়া লক্ষণীয় হ'ব ।
লগতে পঢ়ক :Actress Jayaprada's imprisonment: অভিনেত্ৰী জয়াপ্ৰদাক 6 মাহৰ কাৰাদণ্ড