ETV Bharat / bharat

গুজৰাট বিধানসভাত গৃহীত 'লাভ জেহাদ' বিধেয়ক - Gujarat Assembly passes 'Love Jihad' Bill

বাজেট অধিৱেশনৰ সমাপ্তিৰ দিনটোত 'ধৰ্ম স্বতন্ত্ৰতা' (ধৰ্মৰ স্বাধীনতা) আইন, ২০০৩ সংশোধনৰ বাবে এই বিধেয়ক গৃহীত কৰা হয় যাৰ লক্ষ্য হৈছে 'লাভ জেহাদ' বুলি অধিক পৰিচিত বলপূৰ্বক ধৰ্মীয় ৰূপান্তৰকৰণক বাধা দিয়া । বিয়াৰ জৰিয়তে উন্নত জীৱন ধাৰা প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়া, ঐশ্বৰিক আশীৰ্বাদ আৰু বিয়াৰ প্ৰলোভন দি ধৰ্মান্তকৰণ আদিৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা আৰু শাস্তি প্ৰদান কৰাৰ লক্ষ্যৰে এই আইন সংশোধনীৰ প্ৰস্তাৱ ৰাখিছে বিজেপিয়ে । বিধেয়কখন বিধানসভাৰ মজিয়াত বিধান পৰিক্ৰমা মন্ত্ৰী প্ৰদীপসিং জাদেজাই উত্থাপন কৰে ।

গুজৰাট বিধানসভাত গৃহীত 'লাভ জেহাদ' বিধেয়ক

author img

By

Published : Apr 2, 2021, 1:36 PM IST

নেশ্যনেল ডেস্ক,২ এপ্ৰিল: গুজৰাট বিধানসভাত বৃহস্পতিবাৰে লাভ জেহাদকলৈ এক বিশেষ বিধেয়ক গৃহীত কৰা হয় । বাজেট অধিৱেশনৰ সমাপ্তিৰ দিনটোত 'ধৰ্ম স্বতন্ত্ৰতা' (ধৰ্মৰ স্বাধীনতা) আইন, ২০০৩ সংশোধনৰ বাবে এই বিধেয়ক গৃহীত কৰা হয় যাৰ লক্ষ্য হৈছে 'লাভ জেহাদ' বুলি অধিক পৰিচিত বলপূৰ্বক ধৰ্মীয় ৰূপান্তৰকৰণক বাধা দিয়া ।

বিয়াৰ জৰিয়তে উন্নত জীৱন ধাৰা প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়া , ঐশ্বৰিক আশীৰ্বাদ আৰু বিয়াৰ প্ৰলোভন দি ধৰ্মান্তকৰণ আদিৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা আৰু শাস্তি প্ৰদান কৰাৰ লক্ষ্যৰে এই আইন সংশোধনীৰ প্ৰস্তাৱ ৰাখিছে বিজেপিয়ে । বিধেয়কখন বিধানসভাৰ মজিয়াত বিধান পৰিক্ৰমা মন্ত্ৰী প্ৰদীপসিং জাদেজাই উত্থাপন কৰে ।

গুজৰাট ধৰ্ম স্বাধীনতা আইন, ২০০৩ ত প্ৰলোভন, বল বা ভুল তথ্যৰ জৰিয়তে বা আন যিকোনো প্ৰৱঞ্চনাৰ দ্বাৰা ধৰ্মীয় ৰূপান্তৰৰ প্ৰত্যাহ্বান জনাবলৈ বিচাৰিছিল। অৱশ্যে, ৰাজ্য চৰকাৰে অনুভৱ কৰিছিল যে এক উন্নত জীৱনধাৰাৰ প্ৰতিশ্ৰুতি, ঐশ্বৰিক আশীৰ্বাদৰ প্ৰতিশ্ৰুতি আৰু ছদ্মবেশৰ জৰিয়তে ধৰ্মীয় ৰূপান্তৰৰ বিষয় ইয়াত সন্নিৱিষ্ট হৈ আছে ।

বিজেপিৰ মতে একাংশ মহিলাক বিয়াৰ প্ৰলোভন দি ধৰ্ম সলনি কৰা হয় সেয়ে তেওঁলোকে এই আইন সংশোধনীৰ প্ৰস্তাৱ আনিছে বুলি উল্লেখ কৰে ।

বিধেয়কৰ নীতি অনুসৰি যিজনে বিবাহৰ দ্বাৰা এনে ধৰ্ম সলনি কৰা বা এজন ব্যক্তিক বিয়া কৰোৱা বা এজন ব্যক্তিক বিয়া কৰিবলৈ সহায় কৰা বুলি পোৱা যাব তেওঁক তিনি বছৰৰ অধিক পাঁচ বছৰ পৰ্যন্ত কাৰাদণ্ডৰ শাস্তি দিয়া হ'ব আৰু সেই ব্যক্তি ২ লাখ টকাৰ জৰিমনা পৰিশোধ কৰিবলৈও দায়বদ্ধ হ'ব ।

যদি বিবাহ এজন নাবালক, এগৰাকী মহিলা বা এছচি বা এছটি সম্প্ৰদায়ৰ ব্যক্তিৰ ক্ষেত্ৰত হয় তেনেহ'লে শাস্তি নিম্নতম চাৰি বছৰৰ পৰা সৰ্বাধিক সাত বছৰৰ বাবে কাৰাদণ্ড আৰু ৩ লাখ টকাৰ জৰিমনা হ'ব ।

তদুপৰি, বিয়াৰ আগতে বা পিছত এজন ল'ৰা বা ছোৱালীয়ে ধৰ্মীয় ৰূপান্তৰৰ জৰিয়তে আন ধৰ্মৰ ব্যক্তিৰ সৈতে বে-আইনীভাৱে বিবাহপাশত আবদ্ধ হ'লে তেনে বিবাহক পাৰিবাৰিক আদালত বা আন একে ধৰণৰ আদালতৰ দ্বাৰা বিয়া বাতিল ঘোষণা কৰা হ'ব ।

প্ৰস্তাৱিত সংশোধনীৰ বিধানসমূহত আৰু কোৱা হৈছে যে যদি কোনো প্ৰতিষ্ঠান বা সংগঠন এনে বিবাহৰ দায়িত্বত থকা দেখা যায়, তেন্তে তেওঁলোকে নিম্নতম তিনি বছৰ আৰু ১০ বছৰলৈকে কাৰাদণ্ড আৰু ৫ লাখ টকালৈকে জৰিমনা ভৰিব লাগিব ।

তদুপৰি, এই আইনত কোৱা হৈছে ভুল তথ্য, বল প্ৰয়োগ, প্ৰলোভন আদিৰ জৰিয়তে বিয়া পাতি ধৰ্মীয় ৰূপান্তৰ হোৱা নাই বুলি অভিযুক্ত লোক বা পৰিয়ালে প্ৰমাণ কৰিব লাগিব ।

বিবাহৰ জৰিয়তে এনে ধৰ্মীয় ৰূপান্তৰৰ অপৰাধটো জ্ঞাতব্য আৰু জামিনবিহীন বুলি বিবেচনা কৰা হ'ব আৰু এজন উপ আৰক্ষী অধীক্ষক (ডিএছপি)ৰ দৰে শীৰ্ষ আৰক্ষী বিষয়াৰ দ্বাৰা এনে ঘটনা তদন্ত কৰা হ'ব ।

লগতে পঢ়ক:২.৬২ লাখ কোটি টকাতকৈও অধিক কৰ ঘূৰাই দিছে চি.বি.ডি.টি. এ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.