ETV Bharat / bharat

নৌ-সেনা প্ৰধানৰ আইএনএছ দ্বাৰকা ভ্ৰমণ, নিৰাপত্তাৰ দিশ নিৰীক্ষণ

author img

By

Published : Dec 31, 2020, 10:39 PM IST

ভাৰতীয় নৌ-সেনাৰ প্ৰধান এডমিৰেল কৰমবীৰ সিঙে বৃহস্পতিবাৰে নৌ-সেনা চাউনী আইএনএছ দ্বাৰকা ভ্ৰমণ কৰে ৷ গুজৰাটৰ ওখাস্থিত দমন-দিউ ফৰৱাৰ্ড বেছৰ চাউনীটোৰ নিৰাপত্তাৰ দিশটোৰ বুজ লয় শীৰ্ষ সামৰিক বিষয়াগৰাকীয়ে ৷

নৌ-সেনা প্ৰধানৰ আইএনএছ দ্বাৰকা ভ্ৰমণ, নিৰাপত্তাৰ দিশ নিৰীক্ষণ
নৌ-সেনা প্ৰধানৰ আইএনএছ দ্বাৰকা ভ্ৰমণ, নিৰাপত্তাৰ দিশ নিৰীক্ষণ

নিউজ ডেস্ক, 31 ডিচেম্বৰ : ভাৰতীয় নৌ-সেনাৰ ফৰৱাৰ্ড বেছৰ অপাৰেটিং চাউনী আইএনএছ দ্বাৰকাত উপস্থিত হয় শীৰ্ষ নৌ-সেনা বিষয়া, নৌ-সেনা প্ৰধান এডমিৰেল কৰমবীৰ সিং ৷ বৃহস্পতিবাৰে গুজৰাটৰ ওখাস্থিত নৌ-সেনাৰ ঘাটিটো পৰিদৰ্শন কৰি সামৰিক আৰু নিৰাপত্তাজনিত দিশৰ বুজ লয় এডমিৰেল গৰাকীয়ে ৷ ভাৰতীয় নৌ-সেনাৰ মুখপাত্ৰই এই কথা প্ৰকাশ কৰিছে ৷

গুজৰাট, দমন-দিউৰ ফ্লেগ অফিচাৰ কামাণ্ডিং বিষয়াই সমগ্ৰ চাউনীটোৰ নিৰাপত্তা আৰু সুৰক্ষাৰ লগতে সাগৰীয় অভিযানৰ সবিশেষ জনায় এডমিৰেল কৰমবীৰ সিঙক ৷ ভ্ৰমণকালত নৌ-সেনা প্ৰধানগৰাকীয়ে উপকূলীয় অঞ্চলটোত লোৱা নিৰীক্ষণকাৰী ব্যৱস্থাৱলীৰ বুজ লোৱাৰ লগতে নৌ-সেনা ঘাটি ওখা আৰু প্ৰতিৰক্ষা সুৰক্ষা ক’ৰৰ বিষয়া আৰু জোৱানসকলৰ সৈতে আলোচনাত মিলিত হয় ৷

  • CHIEF OF THE NAVAL STAFF (CNS) VISITS GUJARAT DAMAN AND DIU NAVAL AREA
    Admiral Karambir Singh, the Chief of the Naval Staff (CNS) visited INS Dwarka, Indian Navy's forward operating base at Okha, Gujarat, on New Year's Eve. https://t.co/mmEcXpvGwW pic.twitter.com/QMPMedUFK2

    — A. Bharat Bhushan Babu (@SpokespersonMoD) December 31, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

গুণগত কাম আৰু দেশৰ নিৰাপত্তা তথা সুৰক্ষাৰ হেতু 50 বৰ্ষত ভৰি দিয়া আইএনএছ দ্বাৰকাৰ সকলো বিষয়া কৰ্মচাৰীকে কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰাৰ লগতে যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সাজু থাকিবলৈ আহ্বান জনায় নৌ-সেনা প্ৰধানগৰাকীয়ে ৷ ইয়াৰ লগতে আইএনএছ দ্বাৰকাৰ সকলো বিষয়া কৰ্মচাৰী তথা তেওঁলোকৰ পৰিয়ালক ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছাও জ্ঞাপন কৰে নৌ-সেনা প্ৰধান এডমিৰেল কৰমবীৰ সিঙে ৷

লগতে পঢ়ক : জেন. নাৰাৱানেলৈ কোৰিয়ান আৰ্মিৰ গাৰ্ড অৱ অনাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.