নেশ্যনেল ডেস্ক,১ ফেব্ৰুৱাৰী : দেশত জিএছটি সংগ্ৰহে অভিলেখ গঢ়িলে (GST collection record) । ২০২২-২৩ বৰ্ষৰ বাজেট ভাষণত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে উল্লেখ কৰিলে এই কথা (#NirmalaSitharaman) । মন্ত্ৰীগৰাকীয়ে জনোৱা মতে জানুৱাৰীত সৰ্বাধিক জিএছটি সংগ্ৰহ হৈছে ১.৪০ লাখ কোটি টকা (Record collection of GST in the country)। মন্ত্ৰীগৰাকীয়ে কয় যে সামগ্ৰী আৰু সেৱা কৰ (জিএছটি) ব্যৱস্থাত এক উল্লেখযোগ্য অগ্ৰগতি হৈছে ।
অৱশ্যে এতিয়াও কেইটামান প্ৰত্যাহ্বান আছে বুলি উল্লেখ্য কৰে মন্ত্ৰীগৰাকীয়ে । উল্লেখ্য যে জানুৱাৰীত মুঠ জিএছটি সংগ্ৰহ হৈছে ১,৪০,৯৮৬ কোটি টকা । জানুৱাৰী হৈছে একেৰাহে জিএছটি সংগ্ৰহ ১ লাখ কোটি টকাৰ সীমা অতিক্ৰম কৰা সপ্তমটো মাহ । এপ্ৰিল আছিল দ্বিতীয় সৰ্বাধিক জিএছটি সংগ্ৰহ মাহ ।
২০২১ চনৰ এপ্ৰিলত জিএছটি সংগ্ৰহ হৈছিল ১,৩৯,৭০৮ কোটি টকা আৰু ডিচেম্বৰত আছিল ১.২৯ লাখ কোটি টকাতকৈও অধিক । ২০২০-২১ চনত ৬.৬ শতাংশ সংকোচনৰ পাছত ক'ভিড প্ৰতিষেধক অভিযান আৰু ক'ভিড সম্পৰ্কীয় নিষেধাজ্ঞা উঠাই লোৱাৰ পাছত দেশৰ অৰ্থনীতি ২০২২ চনৰ মাৰ্চত সমাপ্ত হোৱা চলিত বিত্তীয় বৰ্ষত আনুমানিক ৯.২ শতাংশ বৃদ্ধিৰ আশা কৰা হৈছে । ইফালে ক'ভিডৰ শেহতীয়া সংক্ৰমণে দেশৰ অৰ্থনীতিত বেছি প্ৰভাৱ পেলাব পৰা নাই কিয়নো অৰ্থনৈতিক আৰু ব্যৱসায়িক ক্ষেত্ৰত মাত্ৰ কিছুমানত হে নিষেধাজ্ঞা জাৰি কৰা হৈছে ।