ETV Bharat / bharat

Greater Earthquake Possibility : উত্তৰাখণ্ড আৰু হিমালয় অঞ্চলত ডাঙৰ ভূমিকম্পৰ সম্ভাৱনা

হায়দৰাবাদৰ ৰাষ্ট্ৰীয় ভূ-ভৌতিক গৱেষণা প্ৰতিষ্ঠানৰ বিজ্ঞানী ড৹ এন পূৰ্ণচন্দ্ৰ ৰাৱে উত্তৰাখণ্ড আৰু হিমাচলৰ লগতে পশ্চিম নেপালত তুৰ্কীতকৈও এটা ডাঙৰ ভূমিকম্পৰ ভৱিষ্যদ্বাণী কৰিছে (greater earthquake possibility in uttarakhand) । অৱশ্যে ইয়াৰ আঁৰৰ প্ৰকৃত কাৰণ কি ? উত্তৰাখণ্ডত সঁচাকৈয়ে 8 প্ৰাবল্যৰ ভূমিকম্প হ'ব পাৰে নেকি ? যদি এনে ৰিখটাৰ স্কেলৰ ভূমিকম্প হয় তেন্তে উত্তৰাখণ্ডৰ কি হ'ব ? এই বিষয়ে বিজ্ঞানীসকলৰ মতামত জানক ।

author img

By

Published : Feb 23, 2023, 10:58 PM IST

earth quake
earth quake

নিউজ ডেস্ক, ২৩ ফেব্ৰুৱাৰী : শেহতীয়াকৈ, তুৰস্ক আৰু চিৰিয়াত ভূমিকম্পৰ ফলত প্ৰচণ্ড ধ্বংসলীলাৰ সৃষ্টি হৈছে (Turkey and Syria earth quake) । এই ভয়ংকৰ ভূমিকম্পই বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে । এতিয়া বিজ্ঞানীসকলে উত্তৰাখণ্ড, হিমাচলৰ লগতে পশ্চিম নেপালত হ'বলগা ডাঙৰ ভূমিকম্পৰ বিষয়ে সতৰ্ক কৰি দিছে (greater earthquake possibility in uttarakhand) । এনজিআৰআই হায়দৰাবাদৰ বিজ্ঞানী ডঃ এন পূৰ্ণচন্দ্ৰ ৰাৱে হিমালয় অঞ্চলত ভূমিকম্প হোৱাৰ সম্ভাৱনাৰ ভৱিষ্যদ্বাণী কৰিছে (NGRI chief scientist forecasting greater quake) । এনে পৰিস্থিতিত, এক ডাঙৰ অদৃশ্য বিপদে যিকোনো সময়তে হিমালয়ক জোকাৰি যাব পাৰে । যাক লৈ এতিয়াৰে পৰা উদ্বেগৰ সৃষ্টি হৈছে ।

উত্তৰাখণ্ড, হিমাচল আৰু পশ্চিম নেপালত ডাঙৰ ভূমিকম্পৰ সম্ভাৱনা : দৰাচলতে হায়দৰাবাদৰ ৰাষ্ট্ৰীয় ভূ-ভৌতিক গৱেষণা প্ৰতিষ্ঠানৰ (National Geophysical Research Institute Hyderabad) বিজ্ঞানী ড৹ এন পূৰ্ণচন্দ্ৰ ৰাৱে উত্তৰাখণ্ড, হিমাচল আৰু পশ্চিম নেপালত ডাঙৰ ভূমিকম্প সংঘটিত হোৱাৰ সম্ভাৱনা আছে বুলি দাবী কৰাৰ পিচতে এক উদ্বেগৰ সৃষ্টি হৈছে (greater earthquake possibility in Nepal) । বিজ্ঞানী এন পূৰ্ণচন্দ্ৰ ৰাৱে দাবী কৰিছে যে টেকটনিক প্লেটখন প্ৰতি বছৰে প্ৰায় ৫ চেণ্টিমিটাৰকৈ গতি কৰি আছে ।

টেকটনিক প্লেটৰ গতি বৃদ্ধি হোৱাৰ বাবে হিমালয়ৰ বেল্টত উত্তেজনাৰ সৃষ্টি হৈছে । সেয়েহে চাপৰ ফলত উৎপন্ন শক্তি যিকোনো সময়তে ডাঙৰ ভূমিকম্পৰ ৰূপত ওলাই আহিব পাৰে । অৱশ্যে তেওঁ দাবী কৰিছে যে এই ভূমিকম্প বিশেষকৈ উত্তৰাখণ্ড, হিমাচল আৰু পশ্চিম নেপালত হোৱাৰ সম্ভাৱনা আছে । কেৱল এয়াই নহয়, ৰাৱে এক বৃহৎ ভূমিকম্পৰ সম্ভাৱনাৰ ভৱিষ্যদ্বাণী কৰিছে (greater earthquake possibility in himachal) ।

হিমালয় বেল্টটো যিকোনো সময়ত আহিব পাৰে ভূমিকম্প, ভৱিষ্যদ্বাণী কৰাটো সম্ভৱ নহয় : একে সময়তে ৱাদিয়াৰ অৱসৰপ্ৰাপ্ত বিজ্ঞানী ডঃ সুশীল কুমাৰ ৰুহেলাই কৈছে যে সমগ্ৰ হিমালয় বেল্টটো ভূমিকম্পৰ দ্বাৰা সক্ৰিয় । লগতে হিমালয়ৰ সমগ্ৰ বেল্টটো ভূকম্পন ক্ষেত্ৰত 4 আৰু 5-ত পৰে । সেয়েহে অতি সংবেদনশীল আৰু ভূকম্পন সক্ৰিয় অঞ্চলবোৰক ক্ষেত্ৰ 5-ত ৰখা হৈছে । এনে পৰিস্থিতিত সমগ্ৰ হিমালয় বেল্টৰ যিকোনো স্থানতে ভূমিকম্প হ'ব পাৰে ।

  • We've a strong network of 18 seismograph stations in Uttarakhand. The region referred to as the seismic gap between Himachal & western part of Nepal incl Uttarakhand is prone to earthquakes that might occur at any time: Dr N Purnachandra Rao, Chief Scientist & Seismologist, NGRI pic.twitter.com/N2xU1jZ53U

    — ANI (@ANI) February 21, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

অৱশ্যে ভূমিকম্পৰ পূৰ্বানুমান কৰিব নোৱাৰি । কাৰণ এতিয়ালৈকে তেনে কোনো সঁজুলি বা প্ৰযুক্তি আৱিষ্কাৰ হোৱা নাই, যাতে আহিবলগীয়া ভূমিকম্পৰ ভৱিষ্যদ্বাণী কৰিব পাৰি । অৱশ্যে ইয়াৰ প্ৰচেষ্টা বিশ্বজুৰি অব্যাহত আছে । এই ক্ষেত্ৰত ৱাদিয়া ইনষ্টিটিউট অব হিমালয়ান জিঅ'লজীয়ে (Wadia Institute of Himalayan Geology) গুট্টুত মাল্টি পেৰামেট্ৰিক জিঅ'ফিজিকেল অবজাৰ্ভেটৰী (Parametric Geophysical Observatory) স্থাপন কৰিছে ।

মাল্টি পেৰামেট্ৰিক জিঅ'ফিজিকেল অবজাৰ্ভেটৰী কি : পৃথিৱীৰ যিকোনো ঠাইত ভূমিকম্পৰ পূৰ্বানুমান কৰিবলৈ কোনো প্ৰযুক্তি উপলব্ধ নাই । অৱশ্যে সকলো তথ্যৰ জৰিয়তে ভূমিকম্প হোৱাৰ সম্ভাৱনাৰ কথা কৈ অহা হৈছে । এই ক্ষেত্ৰত ৱাদিয়া ইনষ্টিটিউট অব হিমালয়ান জিঅ'লজীয়ে গুট্টুত মাল্টি পেৰামেট্ৰিক জিঅ'ফিজিকেল অবজাৰ্ভেটৰী স্থাপন কৰিছে ।

এই অবজাৰ্ভেটৰীয়ে মাটিৰ চাপ, মাধ্যাকৰ্ষণৰ পৰিৱৰ্তন, স্থিৰতাৰ পৰিৱৰ্তন, ভূমিকম্পৰ গতিৰ পৰিৱৰ্তন আৰু লগতে অন্যান্য মাপকাঠিৰ জৰিয়তে সঠিক পৰিঘটনাবোৰ লক্ষ্য কৰে । যাৰ জৰিয়তে এই কথাবোৰৰ সম্ভেদ পোৱা যায় যে যিবোৰ পৰিৱৰ্তন হৈ আছে, সেই পৰিৱৰ্তনবোৰে আগন্তুক সময়ত ভূমিকম্পৰ ফালে আঙুলিয়াই দিছেনে নাই ?

কেইবাটাও প্ৰতিষ্ঠানৰ অধ্যয়নত এটা ডাঙৰ ভূমিকম্পৰ সম্ভাৱনাৰ ভৱিষ্যদ্বাণী কৰা হৈছে : ভাৰতীয় আৰু ইউৰেচিয়ান প্লেটবোৰৰ মাজত নিৰন্তৰ সংঘৰ্ষ হৈ আছে । যাৰ ফলত ভাৰতীয় প্লেটবোৰ প্ৰতি বছৰে ৪০-ৰ পৰা ৫০ মিলিমিটাৰলৈ গতি কৰি আছে । যিটোৱে মাটিত চাপ সৃষ্টি কৰিছে । সেয়েহে প্লেটবোৰৰ চলাচলৰ বাবে মাটিত উৎপন্ন হোৱা শক্তিৰ সম্ভাৱনা যথেষ্ট বেছি ।

অৱশ্যে এইটো ক'ব নোৱাৰি যে ই এটা ডাঙৰ ভূমিকম্পৰ ইংগিত দিছে । কিন্তু বহুতো প্ৰতিষ্ঠানৰ অধ্যয়ন অনুসৰি, যিকোনো সময়তে হিমালয়ৰ বেল্টত এটা ডাঙৰ ভূমিকম্প হ'ব পাৰে । ইয়াৰ বাবে এনজিআৰআইৰ এজন বিজ্ঞানীয়েও এটা জিপিএছ অধ্যয়ন কৰিছিল । তাত এইটো উল্লেখ কৰা হৈছে যে ডাঙৰ ভূমিকম্পৰ সম্ভাৱনা আছে ।

হিমালয়ত দৈনিক তিনি-চাৰিটা ভূমিকম্প আহে : আনহাতে, ৱাদিয়াৰ অৱসৰপ্ৰাপ্ত বিজ্ঞানী ডঃ সুশীল কুমাৰ ৰুহেলাই কয় যে, সমগ্ৰ হিমালয় বেল্ট ভূকম্পনৰ দ্বাৰা সক্ৰিয় । যাৰ ফলত দৈনিক তিনিৰ পৰা চাৰিটা মৃদু ভূমিকম্প হয়, যিবোৰ ব্ৰডবেণ্ড ছিছমোগ্ৰাফত নথিভুক্ত কৰা হয় । অৱশ্যে মানুহে ইয়াক অনুভৱ নকৰে । কাৰণ এইটো ৩ প্ৰাবল্যতকৈও কম প্ৰাবল্যৰ ভূমিকম্প ।

ৱাদিয়া ইনষ্টিটিউটে উত্তৰাখণ্ডত ১৭ টা ব্ৰডবেণ্ড ছিছমোগ্ৰাফ আৰু ৯-টা জিপিএছ ষ্টেচন স্থাপন কৰিছে । য'ত সৰুৰ পৰা ডাঙৰলৈকে সকলো ভূমিকম্প ৰেকৰ্ড কৰা হয় । তেওঁ কয় যে যেতিয়া চাৰি বা পাঁচ প্ৰাবল্যৰ ভূমিকম্প হয়, মানুহে ইয়াক অনুভৱ কৰে । মাটিত যি চলাচল হৈ থাকে সি ধীৰ ভূমিকম্পৰ ৰূপত লাহে লাহে মুকলি হৈ আহিছে ।

হিমালয় বেল্টত নিৰ্মাণকাৰ্যৰ পূৰ্বে ভিত্তি আৰু মাটিৰ পৰীক্ষা বাধ্যতামূলক : উত্তৰাখণ্ডৰ পাহাৰীয়া অঞ্চলবোৰ ইতিমধ্যে অতি সংবেদনশীল । ইয়াৰ লগতে হিমালয়ৰ বেল্টটো ভূমিকম্পৰ ক্ষেত্ৰত 4 আৰু 5 ভূকম্পন ক্ষেত্ৰত স্থাপিত কৰা হৈছে । বিজ্ঞানী ৰুহেলাই কয় যে, পাহাৰীয়া অঞ্চলত যিকোনো নিৰ্মাণকাৰ্য সম্পন্ন হোৱাৰ আগতে তাৰ ভিত্তি আৰু মাটি পৰীক্ষা কৰাটো বাধ্যতামূলক হ'ব লাগে ।

যি অট্টালিকায়েই নিৰ্মাণ কৰা হৈছে, সেইবোৰ ভূমিকম্প প্ৰতিৰোধী অট্টালিকা হ'ব লাগে । যাতে যদি ডাঙৰ প্ৰাবল্যৰ ভূমিকম্প সংঘটিত হ'লে নিম্নতম ক্ষতি হয় । সেয়েহে ভূমিকম্পৰ ফলত যাতে কোনো ব্যক্তিৰ মৃত্যু নহয় তাৰ বাবে অঞ্চলটো আৰু ভূমিকম্প-প্ৰতিৰোধী ভৱনৰ ওপৰত গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে । লগতে সকলোৱে ভূমিকম্পৰ সৈতে জীয়াই থাকিবলৈ শিকিব লাগিব ।

ডাঙৰ ভূমিকম্প আহিলে তছনছ হ'ব উত্তৰাখণ্ড : দৰাচলতে, উত্তৰাখণ্ডৰ পাহাৰীয়া অঞ্চলত নিৰ্মাণ কৰা বেছিভাগ ঘৰ ঢালত আৰচিচি লিণ্টাৰৰ জৰিয়তে নিৰ্মাণ কৰা হৈছে । এনে পৰিস্থিতিত যেতিয়া ডাঙৰ ভূমিকম্প হয়, লিণ্টাৰ পোনপটীয়াকৈ তললৈ বহি পৰিব । ৱাদিয়া ইনষ্টিটিউটৰ বিজ্ঞানী সুশীল কুমাৰে কয় যে উত্তৰাখণ্ডত এতিয়ালৈকে এনে কোনো ডাঙৰ ভূমিকম্প হোৱা নাই, যিটোৱে বৃহৎ ধ্বংসৰ সৃষ্টি কৰিছিল ।

তেওঁ কয় যে ১৯৯১ চনত উত্তৰকাশীত ৬.৫ প্ৰাবল্যৰ ভূমিকম্প, ১৯৯৯ চনত চামোলীত ৬.০ প্ৰাবল্যৰ ভূমিকম্পৰ লগতে ২০১৭ চনত প্ৰায় ৫.৮ প্ৰাবল্যৰ ভূমিকম্পৰ সময়ত হাজাৰ হাজাৰ লোকৰ মৃত্যু হৈছিল । এনে পৰিস্থিতিত যদি উত্তৰাখণ্ডৰ যিকোনো অংশত অধিক ভূমিকম্প হয়, তেন্তে ৰাজ্যখনত এক বৃহৎ ধ্বংসযজ্ঞ হ'ব ।

ডাঙৰ ভূমিকম্পত ৫৯ শতাংশ ঘৰত পৰিব প্ৰভাৱ : বিশ্ব বেংক প্ৰকল্পৰ এক অধ্যয়নত ইতিমধ্যে নিশ্চিত কৰা হৈছে যে উত্তৰাখণ্ডত এটা ডাঙৰ ভূমিকম্পই ৫৯ শতাংশ অট্টালিকা প্ৰভাৱিত কৰিব । দৰাচলতে, বিশ্ব বেংক প্ৰকল্পৰ অধ্যয়ন অনুসৰি, যদি ৰাজ্যখনত ডাঙৰ ভূমিকম্প হয় ই কেৱল বৃহৎ পৰিমাণৰ প্ৰাণহানিয়ে নকৰিব, ৰাজ্যখনে বছৰি প্ৰায় 2480 কোটি টকাৰ অৰ্থনৈতিক লোকচানৰ সন্মুখীন হ'বলগা হ'ব পাৰে ।

উত্তৰাখণ্ডত হোৱা ডাঙৰ ভূমিকম্পৰ ফলত কেৱল পৰিবহণৰ কামেই সম্পূৰ্ণৰূপে বন্ধ হৈ নাযাব । ইয়াৰ উপৰি ই বিদ্যুৎ প্ৰকল্পৰ ওপৰতো এক ডাঙৰ প্ৰভাৱ পেলাব । ইয়াৰ লগতে ৰাজ্যখনৰ প্ৰায় 59 শতাংশ আৱাসিক ভৱনো বৃহৎ মাত্ৰাৰ ভূমিকম্পৰ দ্বাৰা প্ৰভাৱিত হ'ব ।

উত্তৰাখণ্ডৰ হৰিদ্বাৰত কেইবা শ বছৰ পূৰ্বে হৈছিল দুটা ডাঙৰ ভূমিকম্প : বিজ্ঞানীসকলৰ মতে, শ শ বছৰ পূৰ্বে উত্তৰাখণ্ডত দুটা ডাঙৰ ভূমিকম্প সংঘটিত হৈছিল । সেই অনুসৰি হৰিদ্বাৰৰ লালগড়ৰ ওচৰত ১৫০৫ আৰু ১৩৪৪ চনত ৮ প্ৰাবল্যৰ ভূমিকম্প হৈছিল । ইয়াৰ পিচত অৱশ্যে উত্তৰাখণ্ডত কোনো ডাঙৰ ভূমিকম্প হোৱা নাই । যাৰবাবে বিজ্ঞানীসকলে ভৱিষ্যতে এটা ডাঙৰ ভূমিকম্পৰ ভৱিষ্যদ্বাণী কৰিছে ।

ইয়াৰ উপৰি দেশত বহুতো ডাঙৰ ভূমিকম্প হৈছে । ১৮৯৭ চনত অসমত, ১৯০৫ চনত কাংৰা, ১৯৩৪ চনত বিহাৰ-নেপাল আৰু ১৯৫০ চনত অসমত ৮-তকৈও অধিক প্ৰাবল্যৰ ভূমিকম্প হৈছিল । অৱশ্যে ইয়াৰ পিছত দেশত বিগত 73 বছৰত কোনো ডাঙৰ ভূমিকম্প সংঘটিত হোৱা নাই ।

দুৰ্যোগ বিভাগে তৈয়াৰ কৰি আছে আগতীয়া সতৰ্কতা এপৰ দ্বিতীয় সংস্কৰণ : উত্তৰাখণ্ডত ডাঙৰ ভূমিকম্পৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰৰ প্ৰস্তুতিৰ প্ৰশ্নত দুৰ্যোগ সচিব ৰঞ্জিত সিনহাই কয় যে, আগতীয়া সতৰ্কবাণী প্ৰণালীৰ ওপৰত কাম কৰা হৈছে । যাৰ বাবে পূৰ্বতেই এটা এপ সৃষ্টি কৰা হৈছিল । অৱশ্যে তাত কিছুমান ত্ৰুটি আছিল আৰু সেয়া সংশোধন কৰা হৈছে । ইয়াৰ লগতে ৰাজ্যজুৰি প্ৰায় 350 টা ছেন্সৰ স্থাপন কৰা হৈছে ।

ইয়াৰ উপৰি দুৰ্যোগ বিভাগে আগতীয়া সতৰ্কতা এপৰ দ্বিতীয় সংস্কৰণটো প্ৰস্তুত কৰি আছে । য'ত 5 প্ৰাবল্যতকৈ অধিক ভূমিকম্পৰ ওপৰত এপটোত বিপ ৰিং হ'ব আৰু যদি 6 প্ৰাবল্যৰ ওপৰত ভূমিকম্প হয়, ৰাজ্যজুৰি ইনষ্টল কৰা ছেন্সৰবোৰত ৰিং হ'ব । এই সকলোবোৰৰ উপৰি ভূমিকম্পৰ ক্ষেত্ৰত সাহায্য উদ্ধাৰৰ বাবে দলটো সাজু আছে । অৱশ্যে সঁজুলিৰ বাবে বিশ্ব বেংকৰ সন্মুখত 40 কোটি টকাৰ প্ৰস্তাৱ ৰখা হৈছে ।

লগতে পঢ়ক :Earthquake in Tajikistan : তুৰস্কৰ পাচত এইবাৰ তাজিকিস্তানত ভূমিকম্প

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.