ETV Bharat / bharat

The Great Khali: গ্ৰেট খালীৰ বিৰুদ্ধে টোল প্লাজাৰ কৰ্মচাৰীক প্ৰহাৰৰ অভিযোগ; ভাইৰেল হৈছে ভিডিঅ’

author img

By

Published : Jul 13, 2022, 9:56 AM IST

বিশ্বব্যাপী দ্য গ্ৰেট খালী নামেৰে পৰিচিত WWE-ৰ প্ৰাক্তন মল্লযুঁজাৰু ডালিপ সিং ৰানাই তেওঁৰ এজন সহকৰ্মীক প্ৰহাৰৰ অভিযোগ উত্থাপন কৰি এখন টোল প্লাজাৰ কৰ্মচাৰীৰ বিৰুদ্ধে আৰক্ষীক দাখিল কৰিলে এজাহাৰ (The Great Khali lodged a police complaint against toll plaza employees) ।

great-khali-lodges-police-complaint-against-toll-plaza-staff-accused-of-slapping-one-person
The Great Khali: গ্ৰেট খালীৰ বিৰুদ্ধে টোল প্লাজাৰ কৰ্মচাৰীক প্ৰহাৰৰ অভিযোগ; ভাইৰেল হৈছে ভিডিঅ’

নেশ্যনেল ডেস্ক, 13 জুলাই: বিশ্বব্যাপী দ্য গ্ৰেট খালী নামেৰে পৰিচিত WWE-ৰ প্ৰাক্তন মল্লযুঁজাৰু ডালিপ সিং ৰানাৰ বিৰুদ্ধে সোমবাৰে লুধিয়ানাৰ এখন টোল প্লাজাৰ কৰ্মচাৰীক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছিল টোল গেটখনৰ কৰ্মচাৰীসকলে (Former WWE wrestler Dalip Singh Rana popularly known as The Great Khali)৷ অৱশ্যে প্ৰাক্তন মল্লযুঁজাৰু গৰাকীয়ে নাকচ কৰিছে এই অভিযোগ ।

শেহতীয়াকৈ ভাইৰেল হোৱা এটা ভিডিঅ’ত দেখা গৈছে যে ৰানাই লাধোৱাল টোল প্লাজা (Ladhowal toll plaza)ৰ এদল কৰ্মচাৰীৰ সৈতে কাজিয়াত লিপ্ত হৈছিল আৰু ৰানাই এজন কৰ্মচাৰীক চৰ মাৰি দিয়াৰ অভিযোগ উত্থাপন কৰিছিল । অৱশ্যে ভিডিঅ’ ক্লিপটোত খালিয়ে কাকো প্ৰহাৰ কৰা দৃশ্য দেখা পোৱা নগ’ল । উল্লেখ্য যে, পঞ্জাৱৰ জলন্ধৰৰ পৰা হাৰিয়ানাৰ কৰ্ণাললৈ গৈ আছিল প্ৰাক্তন মল্লযুঁজাৰুগৰাকী ।

ইফালে ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতেই ৰানাই টোল প্লাজাৰ কৰ্মচাৰীসকলৰ বিৰুদ্ধে তেওঁক দুৰ্ব্যৱহাৰ আৰু ব্লেকমেইল কৰাৰ অভিযোগ উত্থাপন কৰে (video went viral on social media) । "সোমবাৰে টোল প্লাজাৰে পাৰ হৈ যোৱাৰ সময়ত গেটৰ কৰ্মচাৰীসকলে মোৰ লগত অভব্য আচৰণ কৰি বাহনৰ পৰা নামিবলৈ কোৱাৰ লগতে তেওঁলোকৰ সকলোৰে সৈতে এখন ফটো উঠাৰ বাবে কয়৷ ইয়াৰ পাছতহে তেওঁলোকে বাহনখন যাবলৈ দিব’ ৰানাই অভিযোগ কৰি এইদৰে কয় ।

আনহাতে ভিডিঅ’টোত টোল প্লাজাৰ কৰ্মচাৰীসকলে ৰানাক পৰিচয় পত্ৰ দেখুৱাবলৈ কোৱা কৰ্মচাৰীজনক কিয় ‘চৰ’ মাৰিলে বুলি প্ৰশ্ন কৰা শুনা গৈছে । "আপোনাক আইডি কাৰ্ড দেখুৱাবলৈ কোৱা হৈছে, আপুনি আইডি কাৰ্ড দেখুৱাওক" - টোল প্লাজাৰ কৰ্মচাৰীজনে ৰাণাক এইদৰে কোৱা শুনা গৈছে ৷ যাৰ উত্তৰত খালীয়ে কৈছে, "আপুনি মোক ব্লেকমেইল কৰি আছে ।"

ভিডিঅ’ বনাই থকা টোল প্লাজাৰ কৰ্মচাৰীজনে কয়, "আমি আপোনাক ব্লেকমেইল কৰা নাই । আপুনি তেওঁক কিয় চৰ মাৰিলে ? আইডি কাৰ্ড আছে যদি দেখুৱাওক ।" "মোৰ হাতত আইডি কাৰ্ড নাই"-ৰানাই ক'লে । ইয়াৰ পাছতেই ৰানাৰ বাহনখনৰ আগত বেৰিকেড লগাই ৰাণাক বাধা প্ৰদান কৰাৰ পাছত প্ৰাক্তন মল্লযুঁজাৰুগৰাকীয়ে গাড়ীৰ পৰা নামি গাড়ীখন এফালে ঠেলি দিয়া দেখা গৈছে ।

পৰৱৰ্তী সময়ত WWEৰ প্ৰাক্তন মল্লযুঁজাৰুগৰাকীয়ে আৰক্ষীক দাখিল কৰিলে এখন এজাহাৰ । এই সংক্ৰান্তত এ চি পি সুমিত ছুদে কয় যে ৰানাৰ অভিযোগৰ ভিত্তিত তদন্ত আৰম্ভ কৰা হৈছে আৰু আইন অনুসৰি পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।

লগতে পঢ়ক: দূৰ্বৃত্তই ভাঙিলে কংগ্ৰেছ নেতাৰ বাহন, বিজেপিলৈ অভিযোগৰ আঙুলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.