ETV Bharat / bharat

আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস উপলক্ষে ত্ৰিপুৰাত এদিনীয়া কৰ্মশালা - ত্ৰিপুৰাৰ মুক্তাধাৰা প্ৰেক্ষাগৃহ

ত্ৰিপুৰাত সম্প্ৰতি 98 শতাংশ গৰ্ভৱতী মহিলাই সন্তান জন্ম দিয়াৰ উদ্দেশ্যে চিকিৎসালয়ৰ কাষ চাপিছে ৷ যাৰ ফলত সন্তান আৰু মাতৃৰ মৃত্যৰ হাৰ ৰাজ্যখনত সম্প্ৰতি হ্ৰাস পাইছে বুলি আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস উপলক্ষে সোমবাৰে সাংবাদিকৰ আগত সদৰি কৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱে (Tripura Chief Minister Biplab Kumar Deb) ৷

govt-working-to-enhance-woman-participation-in-economy-says-tripura-chief-minister
আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস উপলক্ষে ত্ৰিপুৰাত এদিনীয়া কৰ্মশালা
author img

By

Published : Mar 7, 2022, 10:29 PM IST

আগৰতলা, 7 মাৰ্চ : কাইলৈ আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস (National Women’s Day) ৷ ‘ৰাজ্যখনক আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ মহিলাসকলক শক্তিশালী কৰাটো অতি গুৰুত্বপূৰ্ণ’ বুলি মহিলা দিৱসৰ প্ৰাকক্ষণত সোমবাৰে ত্ৰিপুৰাত আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস উপলক্ষে মুক্তাধাৰা প্ৰেক্ষাগৃহত (Muktadhara Auditorium in Tripura) অনুষ্ঠিত হোৱা "National Parliament for Women" শীৰ্ষক এখন এদিনীয়া কৰ্মশালা উদ্বোধন কৰি ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱে সাংবাদিকৰ আগত মন্তব্য কৰে (Tripura Chief Minister Biplab Kumar Deb) ৷

লগতে, নাৰীক অৰ্থনৈতিকভাৱে শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে৷ ইয়াৰোপৰি, সমাজত বৈষম্যতা দুৰ কৰি নাৰীক আৰ্থিকভাৱে শক্তিশালী কৰি ত্ৰিপুৰাক উন্নয়নৰ ক্ষেত্ৰত আগবঢ়াই নিব লাগিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

তদুপৰি, ত্ৰিপুৰাত ‘বেটি বচাও, বেটি পঢ়াও ’ (Beti Bachao Beti Padhao scheme) আঁচনি সফলভাৱে ৰূপায়ণ কৰাৰ ফলত ৰাজ্যখনত মহিলাসকল শিক্ষিত হৈ উঠাৰ লগতে শক্তিশালী হৈ পৰিছে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ লগতে ৰাজ্যখনত সম্প্ৰতি কন্যা শিশু হত্যাৰ ঘটনাৰ লগতে পাৰিবাৰিক উৎপীড়নৰ ঘটনাও বহু পৰিমাণে কমি আহিছে বুলি সাংবাদিকৰ আগত মন্তব্য কৰে মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱে ৷

শেহতীয়া তথ্য অনুসৰি, পুৰুষ আৰু মহিলাৰ মাজত জনসংখ্যাৰ ব্যৱধান হ্ৰাস পাইছে । ইয়াৰ লগতে ৰাজ্যখনত সম্প্ৰতি 98 শতাংশ গৰ্ভৱতী মহিলাই সন্তান জন্ম দিয়াৰ উদ্দেশ্যে চিকিৎসালয়ৰ কাষ চাপিছে ৷ যাৰ ফলত সন্তান আৰু মাতৃৰ মৃত্যৰ হাৰ ৰাজ্যখনত সম্প্ৰতি হ্ৰাস পাইছে বুলিও সদৰি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ ইফালে, ত্ৰিপুৰা চৰকাৰে মহিলা সৱলীকৰণৰ বাবে তথা ৰাজ্যখনক আগুৱাই নিয়াৰ উদ্দেশ্য বিভিন্ন ধৰণৰ পৰিকল্পনা হাতত লৈছে বুলিও জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক : অমিত শ্বাহৰ ভ্ৰমণক লৈ উৎসাহী ত্ৰিপুৰা বিজেপি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.