ETV Bharat / bharat

Union Budget 2023: আয়কৰ দাতাসকললৈ বিশেষ সকাহ ঘোষণা কেন্দ্ৰীয় বাজেটত

author img

By

Published : Feb 1, 2023, 2:54 PM IST

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি সদনত দাখিল কৰে ২০২৩ বৰ্ষৰ বাজেট (Finance Minister Nirmala Sitharaman) ৷ বাজেটৰ যোগেদি কৰৰ ক্ষেত্ৰত বিশেষ সকাহ ঘোষণা কৰা হয় (Govt will have to forgo 35000 crore for Income Tax relief) ৷

special relief for income tax payers
সদনত দাখিল হ’ল ২০২৩ বৰ্ষৰ কেন্দ্ৰীয় বাজেট

নেশ্যনেল ডেস্ক, 1 ফেব্ৰুৱাৰী : ক্ৰমাগত পঞ্চমবাৰৰ বাবে কেন্দ্ৰীয় বাজেট দাখিল কৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে । আয়কৰ দাতাসকললৈ বিশেষ সকাহ ঘোষণা কৰা হয় আজিৰ কেন্দ্ৰীয় বাজেটৰ জৰিয়তে ৷ বিশ্ব অৰ্থনীতিৰ গতি মন্থৰ হৈ পৰাৰ সময়তে তথা লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দি বাকী থকা সময়ত দাখিল কৰা এই কেন্দ্ৰীয় বাজেটখনে অনাগত সময়ত গ্ৰহণ কৰিব বিশেষ তাৎপৰ্য (Union Budget special relief for income tax payers)।

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি দাখিল কৰা ২০২৩ বৰ্ষৰ কেন্দ্ৰীয় বাজেটত ঘোষণা কৰা আয়কৰ ৰেহাইৰ ঘোষণাৰ যোগেদি চৰকাৰে ৰাজহ হেৰুৱাব মুঠ ৩৫০০০ কোটি টকা । ছুটী নগদ ধনৰ ক্ষেত্ৰত ৩ লাখ টকাৰ কৰ ৰেহাই থাকিব । আজি এই মন্তব্য আগবঢ়ায় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে (Govt will have to forgo 35000 crore for Income Tax relief)।

১৫.৫ লাখ টকা বা তাতকৈ অধিক আয়ৰ দৰমহাপ্ৰাপ্ত ব্যক্তি আৰু পেঞ্চনাৰসকলে ৫২,৫০০ টকাৰ ৰেহাই লাভ কৰিব । দেশৰ ভিতৰত সৰ্বাধিক কৰ হৈছে ৪২.৭ শতাংশ । কৰৰ হাৰ ৩২ শতাংশৰ পৰা ২৭ শতাংশলৈ হ্ৰাস কৰা হৈছে । ইয়াৰ ফলত সৰ্বোচ্চ কৰ হাৰ ৩৯ শতাংশলৈ হ্ৰাস পাব ।

৯ লাখ টকা পৰ্যন্ত উপাৰ্জন কৰা ব্যক্তি এগৰাকীয়ে নতুন বিত্তীয় বৰ্ষত কৰ দিব লাগিব ৪৫০০০ টকা ৷ অৰ্থাৎ আয়ৰ ৫ % ৷ পূৰ্বে ব্যক্তিগৰাকীয়ে আদায় দিব লাগিছিল ৬০,০০০ টকা । ১৫ লাখ টকা আয় কৰা ব্যক্তিসকলে ১.৫ লাখ টকা অৰ্থাৎ ব্যক্তিগৰাকীৰ মূল আয়ৰ ১০ শতাংশ দিব লাগিব । বৰ্তমান তেওঁলোকে ১,৮৭,৫০০ টকা কৰ আদায় দি আহিছে ৷

কৰ ৰেহাইৰ তালিকা

0-3 লাখ – শূণ্য

3-6 লাখ – 5 %

6- 9লাখ – 10 %

9-12 লাখ - 15 %

12- 15 লাখ 20 %

15 লাখৰ ওপৰৰ ব্যক্তিসকলে – 30 %

এক বৃহৎ ঘোষণাত বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে আয়কৰ ৰেহাইৰ সীমা ৭ লাখ টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । ইয়াৰ দ্বাৰা ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে কৰদাতাসকলে এক বৃহৎ সকাহ লাভ কৰিব (Loksabha election 2024)।

সোণ, ৰূপ, আৰু হীৰা ব্যয়বহুল বুলি উল্লেখ কৰি বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে ৪৫ শতাংশ ৰিটাৰ্ণ ২৪ ঘণ্টাত প্ৰক্ৰিয়াকৰণ কৰা হৈছে । এই বছৰ ৬.৫ কোটি ৰিটাৰ্ণ দাখিল কৰা হৈছে বুলিও কয় বিত্ত মন্ত্ৰীগৰাকীয়ে ।

২০২৪ বিত্তীয় বৰ্ষত ২৩.৩ লাখ কোটি মূল কৰ লাভ হোৱা দেখা গৈছে বুলি বিত্তমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি লগতে কয় যে এমএছএমই ক্ৰেডিটৰ বাবে কৰ্পাছত ৯ হাজাৰ কোটি টকাৰ বিনিয়োগ কৰা হৈছে । ৫ জি ব্যৱহাৰ কৰিবলৈ এপ উন্নীত কৰাৰ বাবে ১০০ টা পৰীক্ষাগাৰ স্থাপন কৰা হ’ব বুলিও কয় বিত্তমন্ত্ৰীগৰাকীয়ে ৷

লগতে বিত্তমন্ত্ৰীগৰাকীয়ে মোবাইল ফোন নিৰ্মাতাসকলৰ বাবে কিছুমান অংশ আমদানিৰ ক্ষেত্ৰত শুল্ক আৰোপ কৰা হ’ব বুলি সদনত উল্লেখ কৰে ।

লগতে পঢ়ক : Union Budget 2023: কেইমুহূৰ্তমানৰ পাছতে সদনত দাখিল হ’ব মোদী চৰকাৰৰ অন্তিমখন বিত্তীয় বাজেট

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.