নেশ্যনেল ডেস্ক,২৩ জুলাই : দেশৰ ২৮৪ খন চহৰৰ ৮০৮ টা এফএম ৰেডিঅ' ষ্টেচনৰ ই-নিলাম অনুষ্ঠিত কৰিবলৈ সাজু হৈছে ভাৰত চৰকাৰ । তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে দেওবাৰে কোৱা মতে ৰেডিঅ' যোগাযোগৰ পৰিসৰ যাতে আৰু অধিক বৃদ্ধি পায় সেইবাবে চৰকাৰে শীঘ্ৰে ৰেডিঅ' ষ্টেচনৰ ই-নিলাম অনুষ্ঠিত কৰিব ।
ৰিজ'নেল কমিউনিটী ৰেডিঅ' সন্মিলন (উত্তৰ) সম্বোধন কৰি ঠাকুৰে কয় যে চৰকাৰে অনুপালনৰ সংখ্যা হ্ৰাস কৰি ৰেডিঅ' ষ্টেচন, বিশেষকৈ সামূহিক ৰেডিঅ' পৰিচালনাৰ অনুজ্ঞাপত্ৰ লাভ কৰাৰ প্ৰক্ৰিয়াবোৰো সহজ কৰি তুলিছে ।
তেওঁ কয় যে ভাৰতত বৰ্তমান ২৬ খন ৰাজ্য আৰু ৫ খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১১৩ খন চহৰত ৩৮৮ টা এফএম ৰেডিঅ' ষ্টেচন আছে । ঠাকুৰে কয় যে চৰকাৰে এতিয়া ৰেডিঅ' সেৱা অধিক সম্প্ৰসাৰিত কৰাৰ বাবে শীঘ্ৰেই ২৮৪ খন চহৰত ৮০৮ টা ৰেডিঅ' ষ্টেচনৰ ই-নিলামৰ তৃতীয় পৰ্যায়ৰ পৰিকল্পনা কৰিছে । মন্ত্ৰীগৰাকীয়ে লগতে কয় যে চৰকাৰে দূৰৱৰ্তী অঞ্চলত ৰেডিঅ' টাৱাৰ স্থাপন কৰি আছে যাতে কভাৰেজ অধিক উন্নত হয় ।
চৰকাৰে উচ্চাকাংক্ষী আৰু বাওঁপন্থী উগ্ৰবাদ প্ৰভাৱিত জিলাসমূহৰ ওপৰত গুৰুত্ব দি টায়াৰ-২ আৰু টায়াৰ-৩ চহৰসমূহত এফএম নেটৱৰ্ক সম্প্ৰসাৰিত কৰাৰ পৰিকল্পনা কৰিছে । এই বছৰৰ আৰম্ভণিতে, চৰকাৰে ব্ৰোডকাষ্টিং ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড নেটৱৰ্ক ডেভেলপমেণ্ট আঁচনিত অনুমোদন জনাইছে যিয়ে ভৌগোলিক এলেকা অনুসৰি দেশত অল ইণ্ডিয়া ৰেডিঅ'(AIR) এফএম ট্ৰেন্সমিটাৰসমূহৰ আৱৰণ ৬৬ শতাংশলৈ আৰু জনসংখ্যাৰ ভিত্তিত ৮০ শতাংশলৈ ক্ৰমান্বয়ে ৫৯ শতাংশ আৰু ৬৮ শতাংশলৈ বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে ।
আঁচনিখনৰ জৰিয়তে দূৰৱৰ্তী, জনজাতীয়, উগ্ৰবাদ প্ৰভাৱিত আৰু সীমান্ত অঞ্চলত বাস কৰা লোকসকলক ৮ লাখতকৈও অধিক ডিডি ফ্ৰী ডিছ ছেট-টপ বাকচ বিনামূলীয়াকৈ বিতৰণ কৰাৰ পৰিকল্পনা কৰা হৈছে ।
লগতে পঢ়ক :Attack on Dalits : মধ্য প্ৰদেশত এজন দলিতৰ শৰীৰত সানিলে মানুহৰ মল-মূত্ৰ !