ETV Bharat / bharat

Mughal Garden Renamed: মোগল গাৰ্ডেনক এতিয়াৰে পৰা জনা যাব অমৃত উদ্যান হিচাপে

author img

By

Published : Jan 28, 2023, 10:33 PM IST

ঐতিহাসিক ‘মোগল গাৰ্ডেন’ৰ নাম সলনি কৰি নতুনকৈ নামকৰণ কৰা হ’ল ‘অমৃত উদ্যান’ হিচাবে ৷ ‘আজদী কা অমৃত মহোৎসৱ’ৰ লগত সংগতি ৰাখি সলনি কৰা হৈছে মোগল গাৰ্ডেনৰ নাম ৷ 29 জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব ‘অমৃত উদ্যান’ ৷

Mughal Garden Renamed
মোগল গাৰ্ডেনক এতিয়াৰে পৰা জনা যাব অমৃত উদ্যান হিচাপে

নেশ্যনেল ডেস্ক, 28 জানুৱাৰী: নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনস্থিত ‘মোগল গাৰ্ডেন’ক(Mughal Garden) এতিয়াৰে পৰা জনা যাব ‘অমৃত উদ্যান’(Amrit Udyan) হিচাবে ৷ কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত অনুসৰি শনিবাৰে পূৰ্বৰ মোগল গাৰ্ডেন নামৰ সলনি নতুনকৈ অমৃত উদ্যান হিচাবে নামকৰণ কৰা হয়(Mughal garden renamed) ৷ উল্লেখ্য যে, দেশৰ দেশৰ 75সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আয়োজিত অমৃত মহোৎসৱৰ(Amrit Mahotsav) অংশ স্বৰূপে সলনি কৰা হয় মোগল গাৰ্ডেনৰ নাম ৷

শনিবাৰে ৰাষ্ট্ৰপতি দৌপদী মুৰ্মুৰ প্ৰেছ উপদেষ্টা নভিকা গুপ্তাই কয় যে, দেশৰ 75 সংখ্যক স্বাধীনতা দিৱস ‘আজদী কা অমৃত মহোৎসৱ’(Azadi ka Amrit Mahotsav) হিচাবে উদযাপন কৰি থকা হৈছে আৰু সেয়েহে ইয়াৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰপতিগৰাকীয়ে ‘মোগল গাৰ্ডেন’ক ‘অমৃত উদ্যান’ হিচাবে নামকৰণ কৰিছে ৷

29 জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্বোধন কৰিব এই ‘অমৃত উদ্যান’(PM will inaugurate Mughal garden) ৷ আনহাতে, 31 জানুৱাৰীৰ পৰা 26 মাৰ্চলৈকে ৰাইজৰ বাবে মুকলি কৰি দিয়া হ’ব উদ্যানখন ৷ কিয়নো এই সময়চোৱাত উদ্যানখনৰ ফুলসমূহ ফুলিবলৈ আৰম্ভ কৰে ৷

অৱশ্যে বিশেষ ব্যক্তিয়ে আন সময়তো দৰ্শন কৰিব পাৰিব উদ্যানখন ৷ পূৰ্বে কেৱল এটা মাহহে ৰাইজৰ বাবে মুকলি কৰি দিয়া হৈছিল উদ্যানখন ৷ শনিবাৰে উদ্যানখনৰ চাৰিওকাষে থকা মোগল গাৰ্ডেন লিখা সকলো ফলত আঁতৰাই ‘অমৃত উদ্যান’ নাম ফলক লগোৱা হয় ৷

স্মৰ্তব্য যে, ছাৰ এডৱাৰ্ড লুটিয়েনে(Edwin Lutyen) নিৰ্মাণ কৰিছিল এই মোগল গাৰ্ডেন ৷ প্ৰায় 15 একৰ ভূমিক সাঙুৰি আছে এই কৰ্তব্য উদ্যান ৷ 1917 চনেতই মোগল গাৰ্ডেনৰ আৰ্হি ছাৰ এডৱাৰ্ড লুটিয়েনে প্ৰস্তুত কৰি সম্পূৰ্ণ কৰি উলিয়াইছিল যদিও 1928ৰ পৰা 1929 চনৰ ভিতৰতহে উদ্যানখনত ফুল ৰূপনৰ কাৰ্য সমাপন কৰা হৈছিল ৷ মূলতঃ বাগিচাখন মোগল আৰ্হি আৰু ইংলেণ্ডৰ আৰ্হিৰে নিৰ্মাণ কৰা হৈছিল ৷

লগতে পঢ়ক: Revolt within Tripura BJP: বিজেপিৰ প্ৰাৰ্থী তালিকা প্ৰকাশৰ পিচতেই ত্ৰিপুৰাত হিংসাত্মক পৰিৱেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.