ETV Bharat / bharat

চৰকাৰক সকলো স্থানতে ক‘ভিড প্ৰতিষেধকৰ ব্যৱস্থা কৰাৰ পৰামৰ্শ আইচিএমআৰৰ - টীকাকৰণ

ইটিভি ভাৰতৰ সৈতে হোৱা এক বাৰ্তালাপত এছিয়ান চ’ছাইটি ফৰ ইমাৰ্জেন্সি মেডিচিনৰ সভাপতি ডাঃ তামোৰীশ কোলেই কয় যে, লেহেমীয়া টীকাকৰণৰ মুখ্য কাৰণ হৈছে ভেকচিনৰ সংকোচন । অৱশ্যে দেশত ক’ভিড সংক্ৰমণৰ সংখ্যা যথেষ্ট পৰিমাণে বৃদ্ধি হোৱাৰ ফলত এই প্ৰক্ৰিয়াটোৱে এতিয়া গতি লাভ কৰা বুলি তেওঁ মন্তব্য কৰে ৷

vaccination
ক‘ভিড প্ৰতিষেধক
author img

By

Published : Apr 8, 2021, 11:20 AM IST

নেশ্যনেল ডেস্ক, 8 এপ্ৰিল : কেন্দ্ৰীয় চৰকাৰক চলিত ক’ভিড টীকাকৰণ প্ৰক্ৰিয়া তীব্ৰতৰ কৰি তুলিবলৈ বুধবাৰে সকলো সমল স্থান ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়ে ভাৰতৰ স্বাস্থ্য বিশেষজ্ঞসকলে ৷ বিশেষজ্ঞসকলে স্বীকাৰ কৰা অনুসৰি, প্ৰাৰম্ভিক পৰ্যায়ত টীকাকৰণ প্ৰক্ৰিয়াটো দুৰ্বল আছিল ।

বিগত 16 জানুৱাৰীত ক’ভিড-19 টীকাকৰণ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পাচৰে পৰা সমগ্ৰ দেশত প্ৰদান কৰা হৈছে প্ৰায় 8.83 কোটি প্ৰতিষেধক । এই ক্ষেত্ৰত ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ (আইচিএমআৰ)ৰ জ্যেষ্ঠ প্ৰৱক্তা ডাঃ সুনীলা গাৰ্গে কয় যে, তেওঁলোকে প্ৰতিষেধক প্ৰদানৰ বাবে অভিনৱ ৰণনীতি গ্ৰহণ কৰিব ৷ আইচিএমআৰৰ অন্তৰ্গত 580 খনতকৈও অধিক চিকিৎসা মহাবিদ্যালয় আৰু 60 খন স্নাতকোত্তৰ চিকিৎসা মহাবিদ্যালয় আছে ৷ প্ৰতিখন মহাবিদ্যালয়ৰে নিজা ক্ষমতা আছে ৷ সংশ্লিষ্ট বয়সৰ লোকসকলক টীকাকৰণৰ বাবে মহাবিদ্যালয়সমূহক অনুমতি প্ৰদান কৰা হৈছে ৷

লগতে তেওঁ কয় যে, যদিও প্ৰশাসনে প্ৰাৰম্ভিক পৰ্যায়ত কম পৰিমাণে ভেকচিন পঞ্জীয়ন কৰিছিল, কিন্তু সম্প্ৰতি ই এক গতি লাভ কৰিছে ৷ পূৰ্বতে মানুহৰ টীকাকৰণৰ প্ৰক্ৰিয়াটো অতি লেহেমীয়া আছিল ৷ কিয়নো মানুহে তেওঁলোকৰ সাম্ভাব্য পাৰ্শ্বক্ৰিয়াৰ হেতু ভেকচিন ল’বলৈ সংকোচবোধ কৰিছিল ৷

উল্লেখ্য যে, বুধবাৰেৰ দিনটোত হিতাধিকাৰীসকলক 13.14 লাখ ভেকচিন প্ৰদান কৰা হৈছে । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে কয় যে, মহাৰাষ্ট্ৰ, পঞ্জাৱ আৰু দিল্লীৰ দৰে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত টীকাকৰণৰ পৰিমাণ কম হোৱা পৰিলক্ষিত হৈছে ।

ইটিভি ভাৰতৰ সৈতে হোৱা এক বাৰ্তালাপত এছিয়ান চ’ছাইটি ফৰ ইমাৰ্জেঞ্চী মেডিচিনৰ সভাপতি ডাঃ তামোৰীশ কোলেই কয় যে, ভেকচিনৰ সংকোচন হৈছে লেহেমীয়া টীকাকৰণৰ মুখ্য কাৰণ । পঞ্জীয়ন কৰিবলৈ ডিজিটেল এপ থকা স্বত্বেও প্ৰাৰম্ভিক পৰ্যায়ত টীকাকৰণৰ গতি লেহেম আছিল । ক’ভিড বৃদ্ধিৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিগৰাকী যোগ্য নাগৰিকে এতিয়া টীকাকৰণৰ বাবে আহিব বুলি উল্লেখ কৰে সভাপতি গৰাকীয়ে ৷ ইয়াৰ লগতে সকলো লোককে ক’ভিড ভেকচিন ল’বলৈ আহ্বান জনায় ডাঃ তামোৰীশ কোলেই ৷

বিশেষজ্ঞসকলে সদৰি কৰে যে, ভাৰতত ক’ভিডৰ দ্বিতীয়টো ঢৌ দ্ৰুতগতিত বিয়পি পৰিছে । এইবাৰ যুৱক, শিশু আৰু গৰ্ভৱতী মহিলাও আক্ৰান্ত হৈছে ক’ভিড-19ত । কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ পত্ৰ প্ৰেৰণেৰে কৰ্মক্ষেত্ৰত টীকাকৰণ নিশ্চিত কৰাৰ আহ্বান জনায় ৷ ইফালে স্বাস্থ্য মন্ত্ৰালয়ে কৰ্মস্থানক ভেকচিন কেন্দ্ৰ হিচাপে ব্যৱহাৰ কৰাৰ বাবে নিৰ্দেশনাও প্ৰেৰণ কৰিছে ।

কিন্তু এই ভেকচিন কেৱল 45 বছৰ বা তাতকৈ অধিক বয়সৰ কৰ্মচাৰীৰ বাবেহে যোগ্য হ’ব । স্বাস্থ্য মন্ত্ৰালয়ে এই নিৰ্দেশনাৱলীত কয় যে, পৰিয়ালৰ যোগ্য সদস্যসহ কোনো বাহিৰা লোকক কৰ্মক্ষেত্ৰত টীকাকৰণৰ অনুমতি দিয়া নহ’ব ৷

লগতে পঢ়ক : ভাৰত আৰু চীনৰ মাজত শুকুৰবাৰে অনুষ্ঠিত হ'ব সামৰিক আলোচনা চক্ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.