ETV Bharat / bharat

All Parties Meeting Called by Govt: সংসদৰ বিশেষ অধিৱেশনৰ এদিন পূৰ্বে সৰ্বদলীয় বৈঠকৰ আহ্বান শাসকীয় দলৰ

author img

By ETV Bharat Assamese Team

Published : Sep 13, 2023, 10:46 PM IST

সংসদৰ বিশেষ অধিৱেশনৰ এদিন পূৰ্বে সৰ্বদলীয় বৈঠকৰ আহ্বান শাসকীয় দলৰ ৷ সংসদৰ এই অধিৱেশনৰ কাৰ্যসূচী কি হ’ব সেয়া এতিয়াও ৰাজহুৱা কৰা হোৱা নাই । এই বৈঠকত সংসদৰ অধিবেশনত অন্তৰ্ভুক্ত কাৰ্যসূচীসমূহ বিবেচনা কৰাৰ সম্ভাৱনা আছে ।

All Parties Meeting Called by Govt
সংসদৰ বিশেষ অধিৱেশনৰ এদিন পূৰ্বে সৰ্বদলীয় বৈঠকৰ আহ্বান শাসকীয় দলৰ

নিউজ ডেস্ক, ১৩ ছেপ্টেম্বৰ: ১৮ ছেপ্টেম্বৰৰ পৰা ২২ ছেপ্টেম্বৰলৈ সংসদৰ বিশেষ অধিৱেশন অনুষ্ঠিত হ’ব । সংসদৰ সুচাৰুৰূপে কাম-কাজ সুনিশ্চিত কৰিবলৈ শাসকীয় দলে এদিন পূৰ্বে অৰ্থাৎ ১৭ ছেপ্টেম্বৰত এখন সৰ্বদলীয় বৈঠকৰ আহ্বান কৰিছে । সংসদৰ এই অধিৱেশনৰ কাৰ্যসূচী কি হ’ব সেয়া এতিয়াও ৰাজহুৱা কৰা হোৱা নাই ।

সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে কয় যে ১৭ ছেপ্টেম্বৰৰ সন্ধিয়া ৪.৩০ বজাত সৰ্বদলীয় বৈঠকৰ আয়োজন কৰা হৈছে । ই-মেইলৰ জৰিয়তে সকলো নেতালৈ তথ্য প্ৰেৰণ কৰা হৈছে বুলিও তেওঁ কয় । সংসদৰ বিশেষ অধিৱেশন সন্দৰ্ভতো প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ ঘৰত এখন বৈঠক অনুষ্ঠিত হোৱাৰ খবৰ পোৱা গৈছে ।

এই বৈঠকত সংসদৰ অধিবেশনত অন্তৰ্ভুক্ত কাৰ্যসূচীসমূহ বিবেচনা কৰাৰ সম্ভাৱনা আছে । অৱশ্যে আনুষ্ঠানিকভাৱে এজেণ্ডাৰ বিষয়ে কোনেও নিশ্চিত কৰা নাই । গৃহমন্ত্ৰী অমিত শ্বাহ, ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰেও এই বৈঠকত অংশগ্ৰহণ কৰিব ।

এতিয়ালৈকে পোৱা তথ্য অনুসৰি পুৰণি সংসদ ভৱনত বিশেষ অধিৱেশন আৰম্ভ হ’ব যদিও পিছদিনাখনৰ পৰা নতুন সংসদ ভৱনত বৈঠক অনুষ্ঠিত হ’ব । চলিত বৰ্ষৰ ২৮ মে’ত সংসদৰ নতুন ভৱন উদ্বোধন কৰা হৈছিল ।

বিশেষ অধিৱেশনৰ কাৰ্যসূচী সন্দৰ্ভত এতিয়াও কোনো তথ্য নথকাৰ বাবে কংগ্ৰেছে মোদী চৰকাৰক লৈ প্ৰশ্ন উত্থাপন কৰিছে । কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে কয় যে এজন ব্যক্তিৰ বাহিৰে সংসদৰ এজেণ্ডাৰ বিষয়ে কোনো অৱগত নহয় । ৰমেশে কয় যে ইয়াৰ পূৰ্বে যেতিয়াই বিশেষ অধিৱেশন আহ্বান কৰা হৈছিল তেতিয়াই সকলোৱে ইয়াৰ এজেণ্ডাৰ বিষয়ে অৱগত হৈছিল ।

  • आज 13 सितंबर है। संसद का पांच दिवसीय विशेष सत्र आज से पांच दिन बाद शुरू होगा। सिर्फ़ एक व्यक्ति (शायद वो दूसरे को भी) को छोड़कर किसी को भी इस विशेष सत्र के एजेंडे की जानकारी नहीं है। पिछले प्रत्येक अवसर पर, जब विशेष सत्र या विशेष बैठकें आयोजित की जाती थीं, तो कार्य सूची पहले से…

    — Jairam Ramesh (@Jairam_Ramesh) September 13, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

টিএমচিৰ নেতা ডেৰেক অ’ব্ৰাইনে কয় যে সংসদৰ বিশেষ অধিৱেশনলৈ মাত্ৰ দুদিন সময় আছে যদিও তাত আমি কি বিষয়ত আলোচনা কৰিম সেই বিষয়ে কাৰো কোনো ধাৰণা নাই । ব্রায়ানে কয় যে হঠাতে কোনো এজেণ্ডা জাপি দিব নালাগে, ইয়াৰ ওপৰত বিস্তৃত আলোচনা হ’ব লাগে ৷ টিএমচিৰ নেতাগৰাকীয়ে কয় যে যদি আমি গণতন্ত্ৰত বাস কৰি আছো তেন্তে তথ্যসমূহ ৰাজহুৱা কৰা উচিত; দুজন ব্যক্তিৰ মাজত সীমাবদ্ধ থাকিব নেলাগে ।

  • TWO working days to go before the #SpecialParliamentSession begins and still not a word on the agenda

    Only TWO people know! And we still call ourselves a parliamentary democracy

    — Derek O'Brien | ডেরেক ও'ব্রায়েন (@derekobrienmp) September 13, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ইফালে চি পি আই নেতা ডি ৰাজাই কয় যে চৰকাৰে এজেণ্ডাৰ বিষয়ে তথ্য দিব লাগে যাতে ইয়াৰ ওপৰত গভীৰ চিন্তা কৰিব পৰা যায় ৷ এই এজেণ্ডাৰ বিষয়ে কোনো অৱগত নহয় সেয়া অতি আচৰিত কথা ।

  • #WATCH | Delhi: On the All-Party meeting called by the government before the special session of Parliament, CPI leader D Raja says, "That is a routine meeting called by the Parliamentary Affairs Minister. But before calling the special session the government should have consulted… pic.twitter.com/Eb3VEw3SDn

    — ANI (@ANI) September 13, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

লগতে পঢ়ক: New Uniform For Parliament Staff: মণিপুৰী পাগুৰি (Kokyet) হ’ব সংসদৰ মাৰ্শ্বালৰ ইউনিফৰ্মৰ অংশ হ’ব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.