ETV Bharat / bharat

Mayawati on Ambedkar's Death Anniversary: কেন্দ্ৰীয় চৰকাৰে দলিতক অধিকাৰ লাভৰ পৰা বঞ্চিত কৰিছে - mayawati

সোমবাৰে ড০ ভীমৰাও আম্বেদকাৰৰ ৬৬ সংখ্যক মৃত্যু বাৰ্ষিকীত সংবিধান প্ৰণেতাগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে বহুজন সমাজ পাৰ্টীৰ অধ্যক্ষা মায়াৱতীয়ে(Remembering Ambedkar on his 66th Death Anniversary)। বিজেপি আৰু সমাজবাদী পাৰ্টীক তীব্ৰ সমালোচনা কৰি তেওঁ কয় যে, চৰকাৰে দলিতসকলক তেওঁলোকৰ অধিকাৰ লাভৰ পৰা বঞ্চিত কৰি আহিছে(Mayawati's comment on Dalit's rights) ।

BSP chief Mayawati alleges govt depriving Dalits of their rights
কেন্দ্ৰীয় চৰকাৰে দলিতক অধিকাৰ লাভৰ পৰা বঞ্চিত কৰাৰ অভিযোগ মায়াৱতীৰ
author img

By

Published : Dec 6, 2021, 2:47 PM IST

নেশ্যনেল ডেস্ক, ৬ ডিচেম্বৰ: "এতিয়া দেশৰ সংবিধান সংকটত পৰিছে । ৰাজনৈতিক দলসমূহে কেৱল নিজৰ ৰাজনৈতিক স্বাৰ্থ পূৰণৰ বাবে ড০ ভীমৰাও আম্বেদকাৰৰ প্ৰতি মিছা সন্মান প্ৰদৰ্শন কৰিছে" । সোমবাৰে ৬৬ সংখ্যক মৃত্যু বাৰ্ষিকীত ড০ ভীমৰাও আম্বেদকাৰলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এই মন্তব্য কৰে বহুজন সমাজ পাৰ্টীৰ অধ্যক্ষা মায়াৱতীয়ে(Mayawati pays tribute to Dr. Bhimrao Ambedkar) । তেওঁ অভিযোগ তোলে যে, চৰকাৰে দলিতসকলক তেওঁলোকৰ অধিকাৰ লাভৰ পৰা বঞ্চিত কৰি আহিছে(Mayawati allegation against BJP, Samajwadi Party) ।

ৰাজনৈতিক দলসমূহে ড০ ভীমৰাও আম্বেদকাৰৰ অৱদানকো উপেক্ষা কৰিছে বুলি তেওঁ অভিযোগ তোলে । উত্তৰ প্ৰদেশৰ দলিত লোকসকলৰ প্ৰসংগ উত্থাপন কৰি তেওঁ কয় যে, দলিতসকলে উত্তৰ প্ৰদেশত বহু অত্যাচাৰৰ সন্মুখীন হৈছে । আনহাতে, সমাজবাদী পাৰ্টীক সমালোচনা কৰি তেওঁ কয় যে, এতিয়ালৈকে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কোনো বিশেষ নিৰ্দেশনাই জাৰি কৰা হোৱা নাই, কিন্তু দলটোৱে বিজয় সমদল উলিয়াই আছে । তেওঁ লগতে অভিযোগ তোলে যে, সমাজবাদী পাৰ্টীৰ কৰ্মীসকলে পুনৰ গুণ্ডামি আৰম্ভ কৰিছে ।

চান্দৌলিত সমাজবাদী পাৰ্টীৰ কৰ্মীয়ে এজন আৰক্ষী বিষয়াক প্ৰহাৰ কৰিছে বুলিও তেওঁ গুৰুতৰ অভিযোগ উত্থাপন কৰে । বহুজন সমাজ পাৰ্টীৰ অধ্যক্ষাগৰাকীয়ে দাবী কৰে যে, তেওঁৰ দলে উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডত নিজৰ দলীয় শক্তিৰে চৰকাৰ গঠন কৰিব । আনহাতে, তেওঁৰ দলে পঞ্জাৱত আকালি দলৰ সৈতে মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰিব বুলিও দাবী কৰে ।

লগতে পঢ়ক:Russian President Putin to arrive Delhi : ভাৰত-ৰাছিয়াৰ সম্পৰ্কত অনন্য মাত্ৰা প্ৰদান কৰিব ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ দিল্লী ভ্ৰমণে

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.