ETV Bharat / bharat

Gold Smuggling: বিমানবন্দৰত ভাৰতীয় পৰিয়ালৰ পৰা 1 কোটি টকাৰ 2 কিলোগ্ৰাম সোণৰ পাউডাৰ জব্দ

author img

By ETV Bharat Assamese Team

Published : Sep 14, 2023, 9:05 PM IST

এইবাৰ সোণ আৰু হীৰাৰ চোৰাং বেহাৰ ঘাটি হৈ পৰিছে বিমান বন্দৰ ৷ আগষ্টৰ পৰা এতিয়ালৈ মুম্বাইৰ দুটাকৈ বিমানবন্দৰত হীৰা আৰু সোণৰ চোৰাং বেহাৰ অপৰাধত এটা পৰিয়ালসহ তিনিজনকৈ লোকক গ্ৰেপ্তাৰ কৰিছে ৷

Gold powder worth one crore seized from family at Mumbai airport
ভাৰতীয় পৰিয়ালৰ পৰা 1 কোটি টকাৰ 2 কিলোগ্ৰাম সোণৰ পাউদাৰ জব্দ

নেশ্যনেল ডেস্ক, 14 ছেপ্টেম্বৰ : যোৱা 11 ছেপ্টেম্বৰত শুল্ক বিভাগৰ এয়াৰ ইণ্টেলিজেঞ্চ ইউনিটে (AIU) মুম্বাইৰ ছত্ৰপতি শিৱাজী মহাৰাজ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ছিংগাপুৰৰ ভ্ৰমণ কৰি অহা এটা ভাৰতীয় পৰিয়ালৰ পৰা প্ৰায় 1.05 কোটি টকাৰ 24 কেৰেট সোণৰ 2 কেজি সোণৰ পাউডাৰ জব্দ কৰিছে ৷ লগতে এআইইউ বিষয়াসকলে পৰিয়ালটোকো আটক কৰে ৷

ঘটনাৰ বিৱৰণী অনুসৰি 2023 চনৰ 11 ছেপ্টেম্বৰত, এআইইউ বিষয়াসকলে এক গোপন সূত্ৰৰ পম খেদি ছিংগাপুৰৰ পৰা মুম্বাইলৈ ইণ্ডিগ’ ফ্লাইট 6ই 1012-ত ভ্ৰমণ কৰা এটা পৰিয়ালক আটক কৰে ৷ এআইইউৰ বিষয়াসকলে এক খবৰ পাইছিল যে দুই সন্তানসহ ভাৰতলৈ আহি থকা পৰিয়ালটোৱে এক কোটি টকাৰ সোণ ক্ৰয় কৰিছিল ৷ এই খবৰৰ ভিত্তিতেই পৰিয়ালটোক বিমানবন্দৰত আটক কৰে ৷ পৰিয়ালটোৰ পৰা 2 কেজি ওজনৰ 24 কেৰেট সোণৰ পাউদাৰ থকা চাৰিটা পেকেট পোৱা গৈছে ৷

এআইইউ বিষয়াসকলে জনোৱা অনুসৰি এই সোণৰ পাউদাৰৰ মূল্য হৈছে 1 কোটি 5 লাখ 27 হাজাৰ 331 টকা ৷ ইতিমধ্যে দম্পতীটোক আদালতত হাজিৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে ৷

ইফালে এই ঘটনাৰ উত্তেজনা মাৰ নৌযাওঁতেই পুনেত দুজন ব্যক্তিয়ে গোপন অংগত 33 লাখ টকাৰ সোণ চোৰাংভাৱে লুকুৱাই অনাৰ খবৰ পোহৰলৈ আহিছে ৷ শুল্ক বিভাগে পুনেৰ বিমানবন্দৰত চলোৱা এক অভিযানত লোক দুজন ধৰা পৰে ৷ ডুবাইৰ পৰা অহা দুয়োজন লোকে তেওঁলোকৰ গোপন অংগত 33 লাখ টকাৰ সোণ থকা এটা কেপচুল লুকুৱাই ৰাখিছিল ৷ ইতিমধ্যে দুয়ো সোণৰ চোৰাং ব্যৱসায়ীক শুল্ক বিভাগে গ্ৰেপ্তাৰ কৰি বুজন পৰিমানৰ সোণখিনি জব্দ কৰা হৈছে ৷

ইফালে আগষ্ট মাহত, মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত এজন ব্যক্তিক চাহৰ বেগত 1.5 কোটি টকাৰ হীৰা লুকুৱাই আনোতে ধৰা পৰে ৷ শুল্ক বিভাগৰ এয়াৰ ইণ্টেলিজেঞ্চ ইউনিটৰ (এআইইউ) বিষয়াসকলে গ্ৰেপ্তাৰ কৰা অভিযুক্তটো মুক্কিম ৰাজা আশ্ৰাফ মনচুৰী বুলি চিনাক্ত কৰা হৈছিল ৷ সৰবৰাহকাৰীটো দক্ষিণ মুম্বাইৰ বাসিন্দা আছিল ৷ ডুবাইৰ পৰা মুম্বাইলৈ যোৱাৰ সময়ত হীৰা চোৰাংভাৱে আনিছিল অভিযুক্তটোৱে ৷ এটা চাহৰ মোনাত 34 টা হীৰা আনিছিল অভিযুক্তটোৱে ৷ জব্দকৃত 1559.68 কেৰেট হীৰাখিনিৰ মূল্য 1 কোটি 49 লাখ টকা আছিল ৷

লগতে পঢ়ক: Theft incident: একে নিশাতে দুটাকৈ মন্দিৰ আৰু মছজিদত চোৰৰ চাফাই অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.