ETV Bharat / bharat

RP Kalita on surgical strike : চাৰ্জিকেল ষ্ট্ৰাইক সন্দৰ্ভত কি ক'লে লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই ?

author img

By

Published : Jan 28, 2023, 10:59 AM IST

সেনাই অভিযান চলোৱাৰ সময়ত কোনো প্ৰমাণৰ কথা চিন্তা নকৰে । এই মন্তব্য কমাণ্ডিং-ইন-চীফ লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাৰ । চাৰ্জিকেল ষ্ট্ৰাইক সন্দৰ্ভত প্ৰমাণ বিচৰাক লৈ তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে (Lt Gen R P Kalita reacts on surgical strike)। লগতে ক’লে, উত্তৰ-পূবৰ নিৰাপত্তা পৰিস্থিতি যথেষ্ট উন্নত হৈছে ।

RP Kalita on surgical strike
চাৰ্জিকেল ষ্ট্ৰাইক সন্দৰ্ভত লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাৰ প্ৰতিক্ৰিয়া

নেশ্যনেল ডেস্ক,২৮ জানুৱাৰী : চাৰ্জিকেল ষ্ট্ৰাইক সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য সেনাৰ কমাণ্ডিং-ইন-চীফ লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা । তেওঁ কয় যে সেনাই যেতিয়া কোনো অভিযান চলাই তেতিয়া কোনো প্ৰমাণৰ কথা নাভাবে (Lt Gen R P Kalita reacts on surgical strike)। অৱশ্যে, তেওঁ কয় যে এইটো এটা ৰাজনৈতিক প্ৰশ্ন, সেয়েহে এই সন্দৰ্ভত তেওঁ মন্তব্য দিব নিবিচাৰে । শুকুৰবাৰে কলকাতাৰ প্ৰেছ ক্লাবত মিট দ্য প্ৰেছ অনুষ্ঠানত উপস্থিত থাকি এই মন্তব্য কৰে লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই ।

উল্লেখ্য যে শুকুৰবাৰে কলকাতাৰ প্ৰেছ ক্লাবত তেওঁ মিট দ্য প্ৰেছ অনুষ্ঠানত ভাষণ প্ৰদান কৰে (Meet the Press program at the Kolkata Press Club)। ভাষণ প্ৰসংগত উত্তৰ-পূবৰ নিৰাপত্তা ব্যৱস্থা সন্দৰ্ভত তেওঁ কয় যে শেহতীয়া বছৰবোৰত উত্তৰ-পূবৰ নিৰাপত্তা পৰিস্থিতি যথেষ্ট পৰিমাণে উন্নত হৈছে । একে সময়তে, উত্তৰ-পূবৰ ৰাজ্যসমূহৰ কিছুমান অঞ্চলৰ পৰা AFSPA প্ৰত্যাহাৰৰ ফলত সেনাৰ অভিযানত কোনো প্ৰভাৱ পৰা নাই বুলিও তেওঁ উল্লেখ কৰে ।

তেওঁ কয় যে উত্তৰ পূৰ্বাঞ্চলত জীৱিকৰ সন্ধানত যাতে কোনো ধৰণৰ প্ৰব্ৰজন নহয় তাৰ বাবে সেনাই গাঁওসমূহক আদৰ্শ হিচাপে স্থাপন কৰাৰ প্ৰয়াস কৰিছে । তেওঁৰ মতে শেহতীয়া বছৰবোৰত সমগ্ৰ উত্তৰ-পূবৰ আভ্যন্তৰীণ পৰিস্থিতি যথেষ্ট উন্নত হৈছে । অসম, নাগালেণ্ড আৰু মণিপুৰৰ কেইখনমান জিলাৰ পৰা সশস্ত্ৰ বাহিনীৰ (বিশেষ ক্ষমতা) আইন (AFSPA) প্ৰত্যাহাৰ কৰা হৈছে (AFSPA withdrawal in North East)।

AFSPA প্ৰত্যাহাৰে সেনাৰ অভিযানত কোনো ধৰণে বাধাৰ সৃষ্টি কৰা নাই । তেওঁৰ মতে ইয়াৰ প্ৰত্যাহ্বাৰ স্বেচ্ছাচাৰী নাছিল, ৰাজ্যসমূহৰ সৈতে আলোচনাৰ পাছতহে ইয়াক প্ৰত্যাহাৰ কৰা হৈছে । শিলিগুৰি কৰিডৰৰ সুৰক্ষাৰ বাবে লোৱা ব্যৱস্থা সন্দৰ্ভত লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই কয় যে শিলিগুৰি কৰিডৰ সেনাৰ বাবে ভূ-কৌশলগতভাৱে অতি গুৰুত্বপূৰ্ণ ।

উত্তৰ-পূবত যাতে যোগাযোগ ব্যৱস্থাত কোনো ব্যাঘাত নহয় তাৰ বাবেও সেনাৰ হাতত সকলো প্ৰণালী আছে । ভাৰত-চীন সীমান্ত বিবাদ সন্দৰ্ভত তেওঁ কয় যে ভাৰতে সীমান্তৰ সিপাৰে নিৰন্তৰ কাৰ্যকলাপ নিৰীক্ষণ কৰি আছে আৰু যিকোনো ধৰণৰ প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ সাজু ভাৰতীয় সেনা ।

উল্লেখ্য যে চাৰ্জিকেল ষ্ট্ৰাইক সন্দৰ্ভত দেশৰ ভিন্ন প্ৰান্তত প্ৰতিক্ৰিয়া অব্যাহত আছে (Surgical strike controversy)। শেহতীয়াকৈ জ্যেষ্ঠ কংগ্ৰেছ নেতা দিগ্বিজয় সিঙেও জম্মু আৰু কাশ্মীৰত ভাৰত জোডো যাত্ৰাত অংশ লৈ চাৰ্জিকেল ষ্ট্ৰাইক সন্দৰ্ভত পুনৰ এবাৰ প্ৰশ্ন উত্থাপন কৰিছিল । তেওঁ নিহত সন্ত্ৰাসবাদীসকলৰ প্ৰমাণ বিচাৰিছিল ।

লগতে পঢ়ক :Indus Waters Treaty: সিন্ধু জল চুক্তিৰ সংশোধন বিচাৰি পাকিস্তানলৈ ভাৰতৰ পত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.