ETV Bharat / bharat

Goa CM slams Rahul Gandhi: সাভাৰকাৰৰ নাম মুখত লৈ আকৌ সমালোচনাৰ সন্মুখীন ৰাহুল গান্ধী

author img

By

Published : Mar 26, 2023, 11:58 AM IST

কংগ্ৰেছ নেতা ৰাহুল গান্ধীক গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তৰ তীব্ৰ সমালোচনা ৷ ৰাহুল গান্ধীক আদালতে দুবছৰৰ কাৰাদণ্ড বিহাৰ নিৰ্দেশ শুদ্ধ বুলি ক’লে প্ৰমোদ সাৱন্ত ৷ বিদেশী ৰাষ্টত দেশৰ গণতন্ত্ৰক অপমান কৰাৰ লগতে সাভাৰকাৰকো ৰাহুল গান্ধীয়ে অসন্মান কৰিছে বুলি উল্লেখ কৰে গোৱাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে (Goa CM slams Rahul Gandhi) ৷

Goa CM slams Rahul Gandhi
ৰাহুল গান্ধীক তীব্ৰ সমালোচনা গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তৰ

নিউজ ডেস্ক, 26 মাৰ্চ: লোকসভাৰ পৰা অযোগ্য ঘোষণা কৰাৰ এদিন পিছতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তৰ তীব্ৰ সমালোচনা ৷ কংগ্ৰেছ নেতাগৰাকীক উদ্দেশ্যি প্ৰমোদ সাৱন্তে কয় যে, ৱায়ানাদৰ প্ৰাক্তন সাংসদ গৰাকীয়ে অ’বিচি সম্প্ৰদায়ক “অপমান” কৰিছে (Goa CM slams Rahul Gandhi) ৷

"ৰাহুল গান্ধীক দুবছৰৰ কাৰাদণ্ড বিহা হৈছিল আৰু লোকসভাৰ পৰা অযোগ্য ঘোষণা কৰা হৈছে ৷ তেওঁ মোডীজীৰ নাম লৈ অ'বিচি সম্প্ৰদায়ক অপমান কৰিছিল ।" সংবাদ মাধ্যমৰ আগত এনেদৰে কয় মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ তেওঁ আৰু কয় যে ৰাহুল গান্ধীক আদালতে দুবছৰৰ কাৰাদণ্ড বিহাৰ নিৰ্দেশ “শুদ্ধ” (Rahul Gandhi disqualification)।

"আদালতৰ নিৰ্দেশ শুদ্ধ ৷ তেওঁৰ মিছা কথা কোৱাৰ অভ্যাস আছে, তেওঁ বিদেশী ৰাষ্টত আমাৰ গণতন্ত্ৰক অপমান কৰাৰ লগতে সাভাৰকাৰকো অসন্মান কৰিছিল" ৷ গোৱাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় (Goa CM on Rahul Gandhi disqualification) ৷

ক্ষমা খোজা সন্দৰ্ভত ৰাহুল গান্ধীয়ে তেওঁ বীৰ সাৱৰকাৰ নহয় আৰু তেওঁ ক্ষমা খুজিব নোৱাৰে বুলি মন্তব্য কৰিছিল । মানহানিৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ এদিন পিছতে ৰাষ্ট্ৰীয় ৰাজধানীত সংবাদমেলত ভাষণ দি ৰাহুল গান্ধীয়ে কয়, "মোৰ নাম সাভাৰকাৰ নহয়, মোৰ নাম গান্ধী ৷ গান্ধীয়ে কাৰো ওচৰত ক্ষমা খুজিব নোৱাৰে ।"

ৰাহুল গান্ধীক ‘মোডী উপাধি’ৰ মন্তব্যক লৈ দাখিল কৰা মানহানিৰ গোচৰত চুৰাটৰ আদালতে দুবছৰৰ কাৰাদণ্ডৰ শাস্তি দিয়াৰ এদিন পিছতে শুকুৰবাৰে লোকসভাৰ সদস্য হিচাপে অযোগ্য ঘোষণা কৰা হয় (Rahul Gandhi Modi surname issue)৷

তেওঁ আৰু কয় যে, তেওঁ কাৰাগাৰলৈ যাবলৈ ভয় নকৰে আৰু সংসদৰ পদৰ পৰা তেওঁক অযোগ্য ঘোষণা কৰা পদক্ষেপ আদানী বিষয়টোৰ পৰা জনসাধাৰণক আতঁৰাই নিয়াৰ লক্ষ্যৰে কৰা হৈছিল ৷ ৰাহুল গান্ধীয়ে লগতে অভিযোগ কৰে যে, বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ষ্টক মেনিপুলেচনৰ অভিযোগত অভিযুক্ত ব্যৱসায়ী গৌতম আদানীক সুৰক্ষা প্ৰদান কৰিছে ৷ "কোনে আদানীৰ শ্বেল ফাৰ্মত ২০ হাজাৰ কোটি টকা বিনিয়োগ কৰিছিল ৷ এই প্ৰশ্নটো মই সুধি থাকিম," কংগ্ৰেছ নেতাগৰাকীয়ে এইদৰে কয় (BJP hits back at Rahul Gandhi) ৷

"বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ব্যৱসায়ী গৌতম আদানিক কিয় সুৰক্ষা দি আছে ? কিয়নো আপুনিয়েই আদানি" তেওঁ অভিযোগ কৰে ৷ গান্ধীয়ে লগতে কয়, "লোকসভাৰ পৰা অযোগ্য ঘোষণা কৰাৰ সম্পূৰ্ণ খেল তথা মন্ত্ৰীসকলৰ অভিযোগৰ উদ্দেশ্য হৈছে আদানি বিষয়টোৰ পৰা জনসাধাৰণক আতঁৰাই নিয়া ।" তেওঁ লগতে অভিযোগ কৰিছিল যে প্ৰধানমন্ত্ৰীয়ে "আদানিৰ ওপৰত দিবলগীয়া পৰৱৰ্তী ভাষণ"ক লৈ ভয় খাইছিল। "মই এইটো তেওঁৰ চকুত দেখিছোঁ। সেয়েহে, প্ৰথমে বিভ্ৰান্তি আৰু তাৰ পিছত অযোগ্যতাৰ খেল," ৰাহুল গান্ধীয়ে কয় ৷

বৃহস্পতিবাৰে চুৰাটৰ আদালতে ৰাহুল গান্ধীৰ বিৰুদ্ধে ‘মোডী উপাধি’ৰ মন্তব্যক লৈ দাখিল কৰা মানহানিৰ গোচৰত দুবছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল ৷ 2019 চনৰ এপ্ৰিল মাহত কৰ্ণাটকৰ কোলাৰত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত তেওঁ মন্তব্য কৰিছিল যে "কেনেকৈ সকলো চোৰে মোডীক উমৈহতীয়া উপাধি হিচাপে লৈছে"। আদালতে ৰাহুল গান্ধীৰ জামিনত অনুমোদন জনোৱাৰ লগতে উচ্চ ন্যায়ালয়ৰ কাষ চাপিব পৰাকৈ 30 দিনৰ বাবে তেওঁ শাস্তি স্থগিত ৰাখে ৷

উল্লেখযোগ্য যে, আদালতৰ ৰায়দানৰ পাচতেই কেৰালাৰ ৱায়নাদ সমষ্টিৰ লোকসভাৰ সাংসদ ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ হৈছিল ৷ শুকুৰবাৰে কংগ্ৰেছ দলে ৰাহুল গান্ধীক লোকসভাৰ সদস্য হিচাপে অযোগ্য ঘোষণা কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ইয়াক “গণতন্ত্ৰৰ ডিঙি চেপি ধৰা” বুলি অভিহিত কৰে আৰু লগতে উচ্চ আদালতৰ দ্বাৰা স্থগিতাদেশৰ জৰিয়তে সাংসদপদ খাৰিজৰ ঘোষণা বাতিল কৰা হ'ব বুলি আস্থা প্ৰকাশ কৰে (Plea in SC challenging automatic disqualification) ৷

শনিবাৰে ৰাহুল গান্ধীয়ে কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে আদানীক লৈ তেওঁ কৰা প্ৰশ্নত ভয় খাইছে ৷ ভাবুকি, অযোগ্যতা আৰু কাৰাদণ্ডৰ বাবে ভয় কৰা নাই বুলি উল্লেখ কৰি ৰাহুল গান্ধীয়ে কয় যে, আদানী ষ্টক বিষয়ত প্ৰশ্ন কৰাৰ পৰা তেওঁ কেতিয়াও পিছুৱাই নাযায় ৷

২০১৯ চনৰ অপৰাধমূলক মানহানিৰ গোচৰত চুৰাটৰ আদালতে তেওঁক দোষী সাব্যস্ত কৰাৰ পিচত, লোকসভাৰ পৰা অযোগ্য ঘোষণা কৰাৰ পাচত তেওঁ প্ৰথম সংবাদমেল সম্বোধন কৰিছিল (Rahul Gandhi reacts after disqualification) ৷

সংবাদ মাধ্যমক সম্বোধন কৰি গান্ধীয়ে কয়, "এই সমগ্ৰ নাটকখন প্ৰধানমন্ত্ৰীক এটা সাধাৰণ প্ৰশ্নৰ পৰা ৰক্ষা কৰিবলৈ আয়োজন কৰা হৈছে যে- আদানীৰ শ্বেল কোম্পানীলৈ কাৰ ২০ হাজাৰ কোটি টকা গ'ল ? এই ভাবুকি, অযোগ্যতা বা কাৰাগাৰলৈ মই ভয় কৰা নাই।"

তেওঁ উল্লেখ কৰে যে, "মই সত্যৰ বাহিৰে আন একোতে আগ্ৰহী নহয়। মই কেৱল সঁচা কথা কওঁ, সেয়া মোৰ কৰ্তব্য আৰু মই অযোগ্য হ'লেও বা গ্ৰেপ্তাৰ হ'লেও সেয়া কৰি যাম ৷ এই দেশে মোক সকলো দিছে আৰু সেইবাবেই মই এতিয়া মই মোৰ কৰ্তব্য কৰিছো ।"

কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে, "মই আদানী বিষয়ত প্ৰশ্ন কৰি থাকিম, তেওঁলোকে মোক অযোগ্য ঘোষণা বা জেলত সোমোৱাৰ ভয় খুৱাব নোৱাৰে। মই পিছুৱাই নাযাওঁ ।" তেওঁ অভিযোগ কৰিছিল যে সংসদত দিয়া তেওঁৰ ভাষণ প্ৰত্যাহাৰ কৰা হৈছিল, আৰু পিছত তেওঁ লোকসভাৰ অধ্যক্ষলৈ বিতংভাৱে এক উত্তৰ লিখিছিল (Adani-Hindenburg crisis) ৷

লগতে পঢ়ক:Rahul Gandhis disqualification: ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজক চৰকাৰৰ ৰাজনৈতিক ষড়যন্ত্ৰ আখ্যা হিমাচলৰ মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.