ETV Bharat / bharat

নিৰাপত্তাহীনতাত আফগানিস্তানৰ মহিলাসকল - ভাৰতে তেওঁলোকক সহায় কৰিব বুলি আশাবাদী মেৰী আক্ৰামী

আফগানিস্তানত মহিলাসকলৰ বাবে চৰম ভাবুকি আহিছে । তালিবানে সম্প্ৰতি মহিলাসকলৰ ওপৰত বিভিন্ন অত্যাচাৰ আৰু কঠোৰ অনুশাসন চলোৱাৰ অভিযোগ উত্থাপন হৈছে । ভাৰতক শান্তি আলোচনাৰ বাবে আহ্বান জনালে আফগানিস্তানৰ মহিলা নেটৱৰ্কৰ কাৰ্যবাহী সঞ্চালক মেৰী আক্ৰামীয়ে ।

Afghan Women
নিৰাপত্তাহীনতাত আফগানিস্তানৰ মহিলাসকল
author img

By

Published : Aug 17, 2021, 6:07 PM IST

নেশ্যনেল ডেস্ক,১৭ আগষ্ট : তালিবানে (Taliban) আফগানিস্তানৰ ৰাজধানী দখল কৰাৰ লগে লগে সমগ্ৰ বিশ্বতে তীব্ৰ আলোড়নৰ সৃষ্টি হৈছে । ইয়াৰ মাজতে আফগানিস্তানৰ মহিলা নেটৱৰ্কৰ কাৰ্যবাহী সঞ্চালক মেৰী আক্ৰামীয়ে (Afghan Women Network executive director Mary Akrami) সমগ্ৰ ঘটনা সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰি কয় যে, দেশৰখনৰ মহিলাসকলৰ পৰিস্থিতি অতি ভয়ানক হৈ পৰিছে । তেওঁৰ মতে আমেৰিকাই সেনা প্ৰত্যাহাৰ কৰি তালিবানক এক মঞ্চ প্ৰদান কৰিছে যাতে পুনৰ আফগানিস্তানত তালিবানে ৰাজত্ব কৰিব পাৰে ।

ইফালে দেশখনৰ নাগৰিক আৰু মহিলাসকলৰ এই বিপদৰ সময়ত ভাৰতে তেওঁলোকক সহায় কৰিব বুলি আশাবাদী মেৰী আক্ৰামী । এক ফোনযোগে হোৱা সাক্ষাৎকাৰত তেওঁ আশা প্ৰকাশ কৰি কয় যে তেওঁলোকৰ এই বিপদৰ সময়ত ভাৰতে শান্তি প্ৰতিষ্ঠাৰ বাবে অগ্ৰণী ভূমিকা পালন কৰিব আৰু তেওঁলোকৰ এই দুৰ্দশাৰ সময়ত ভাৰতে তেওঁলোকৰ লগত থিয় দিব বুলিও আশাবাদী মেৰী আক্ৰামী । তেওঁৰ মতে শান্তি আলোচনাত ভাৰতে এখন ভাল চুবুৰীয়া ৰাষ্ট্ৰ হিচাপে মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰিব ।

শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত ভাৰত চৰকাৰক আগবাঢ়ি আহিবলৈও আহ্বান জনাই মেৰী আক্ৰামীয়ে । অৱশ্যে ভাৰত আৰু পাকিস্তানে তেওঁলোকৰ মাজৰ সমস্যা প্ৰথমে সমাধান কৰিব লাগিব বুলিও তেওঁ উল্লেখ কৰে ৷ কিয়নো তেওঁৰ মতে দুয়োখন দেশৰ মাজৰ বিবাদৰ বাবে আফগানিস্তানে যথেষ্ট সমস্যাৰ সন্মুখীন হৈ আহিছে ।

ইফালে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনা প্ৰত্যাহাৰৰ সিদ্ধান্তকো সমালোচনা কৰি তেওঁ কয় যে তালিবানক এই সুবিধা দিয়াৰ বাবে আমেৰিকাই আটাইতকৈ ডাঙৰ ভুল কৰিছে । আনহাতে এই ক্ষেত্ৰত সমগ্ৰ পৃথিৱীয়ে মৌনতা অৱলম্বন কৰাকলৈও ক্ষোভ প্ৰকাশ কৰে মেৰী আক্ৰামীয়ে । আফগানিস্তানত সম্প্ৰতি মহিলাৰসকলৰ প্ৰতি চৰম ভাবুকি অহাৰ কথাও ব্যক্ত কৰে মেৰী আক্ৰামীয়ে । তেওঁৰ মতে মহিলাসকলক মহৰম (group of escorts) অবিহনে ঘৰৰ বাহিৰলৈ ওলোৱাত নিষিদ্ধ কৰা হৈছে ।

আনকি দোকানবোৰত মহৰম অবিহনে যোৱা মহিলাক সামগ্ৰী দিবলৈ বন্ধ কৰা হৈছে । মহৰম অবিহনে যোৱা মহিলাক ৰাজপথত প্ৰহাৰ কৰা হৈছে । কেৱল এয়াই নহয়, তালিবানৰ সদস্যসকলে বিয়া পাতিবলৈ গাঁৱৰ জ্যেষ্ঠ আৰু মোল্লাসকলক ১৫ বছৰ ওপৰৰ ৪৫ বছৰৰ তলৰ মহিলা বাছনি কৰিবলৈ নিৰ্দেশ দিছে । মুঠতে চৰম নিৰাপত্তাহীনতাত এতিয়া আফগানিস্তানৰ মহিলাসকল ।

আক্ৰামীয়ে কোৱা মতে বিভিন্ন কাৰ্যালয়ত কৰ্মৰত মহিলাসকলক কাৰ্যালয়লৈ যাবলৈ বন্ধ কৰি দিছে তালিবানে । এই ঘটনা কেৱল আফগানিস্তান বুলিয়ে নহয়, সমগ্ৰ বিশ্ববাসীৰ বাবেও চিন্তাৰ কাৰণ বুলি তেওঁ উল্লেখ কৰে । লগতে সমগ্ৰ বিশ্বৰ নিৰৱতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি তেওঁ কয় যে ই কেৱল আফগানিস্তানৰ বাবে নহয়, চুবুৰীয়া দেশসমূহৰ বাবেও চিন্তাৰ কাৰণ হ'ব পাৰে । সেয়ে সকলো দেশকে একত্ৰিত হ'বলৈ আহ্বান জনালে মেৰী আক্ৰামীয়ে ।

আনহাতে তালিবানৰ উত্থানৰ আঁৰত কেইবাখনো দেশক দোষাৰোপ কৰে আফগান মহিলা দক্ষতা বিকাশ কেন্দ্ৰৰ প্ৰাক্তন কাৰ্যবাহী সঞ্চালক আক্ৰামীয়ে । পাকিস্তানৰ বাহিৰেও য়েমেন, চিৰিয়া আৰু চুদানৰ দৰে দেশক ইয়াৰ বাবে দায়ী হিচাপে বিবেচনা কৰে আক্ৰামীয়ে । ইফালে তেওঁৰ মতে আফগানিস্তান দখল কৰা কাৰোৱে অধিকাৰ নাই । সেয়ে ৰাষ্ট্ৰসংঘৰ শান্তি বাহিনীক দেশখনলৈ আমন্ত্ৰণ জনায় মেৰী আক্ৰামীয়ে ।

লগতে পঢ়ক:আফগানিস্তানৰ পৰা নাটো সেনা প্ৰত্যাহাৰ সম্পৰ্কে কি ক'লে পাকিস্তানী ৰাষ্ট্ৰদূতে ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.