ETV Bharat / bharat

12 মাৰ্চৰ পৰা 19 মাৰ্চলৈ অনুষ্ঠিত হ'ব চতুৰ্থ বিশ্ব আয়ুৰ্বেদিক মহোৎসৱ

author img

By

Published : Jan 3, 2021, 9:28 PM IST

চতুৰ্থ সংখ্যক বিশ্ব আয়ুৰ্বেদিক মহোৎসৱ চমুকৈ (GAF 2021) 12 মাৰ্চৰ পৰা 19 মাৰ্চলৈ অনুষ্ঠিত কৰা হ'ব ৷ উক্ত মহোৎসৱত আয়ুৰ্বেদিক চিকিৎসাৰ প্ৰাসংগিকতা আৰু বিকাশৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হ'ব ৷ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী তথা আয়ুৰ্বেদিক মহোৎসৱৰ অধ্যক্ষ ভি মুৰলিধৰণে দেওবাৰে জানিবলৈ দিয়ে এই কথা ৷

Global ayurveda festival from March 12-19
12 মাৰ্চৰ পৰা 19 মাৰ্চলৈ অনুষ্ঠিত হ'ব চতুৰ্থ বিশ্ব আয়ুৰ্বেদিক মহোৎসৱ

নিউজ ডেস্ক, 3 জানুৱাৰী : চতুৰ্থ সংখ্যক বিশ্ব আয়ুৰ্বেদিক মহোৎসৱ (GAF 2021) 12 মাৰ্চৰ পৰা 19 মাৰ্চলৈ অনুষ্ঠিত হ'ব ৷ মহোৎসৱত আয়ুৰ্বেদিক চিকিৎসাৰ প্ৰাসংগিকতা আৰু বিকাশৰ বিষয়ত গুৰুত্ব প্ৰদান কৰা হ'ব ৷ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী তথা আয়ুৰ্বেদিক মহোৎসৱৰ অধ্যক্ষ ভি. মুৰলিধৰণে দেওবাৰে জানিবলৈ দিয়ে এই কথা ৷

তেওঁ আকৌ জনাই যে, 12 মাৰ্চৰ পৰা 19 মাৰ্চৰ ভিতৰত প্ৰতিদিনে 5 টা স্থানত 12 খন আলোচনা চক্ৰৰ জৰিয়তে আলোচনা কৰা হ'ব আয়ুৰ্বেদিক চিকিৎসাৰ বিষয়ত ৷ ইয়াৰোপৰি ক'ভিড মহামাৰীৰ সময়ত আয়ুৰ্বেদিক ঔষধৰ গুৰুত্ব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাৰ ওপৰতো আলোচনা কৰা হ'ব ৷ অধ্যক্ষ তথা মন্ত্ৰী গৰাকীয়ে এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে প্ৰকাশ কৰিছে এই কথা ৷

উল্লেখ্য যে, 2020 চনৰ 16 মে' ৰ পৰা 20 মে' ৰ ভিতৰত এই মহোৎসৱ অনুষ্ঠিত কৰাৰ কথা আছিল যদিও ক'ভিড মহামাৰীৰ বাবে স্থগিত কৰা হৈছিল মহোৎসৱখন ৷ এই মহোৎসৱখনত বিভিন্ন বিভাগৰ সৈতে আলোচনা কৰাৰ লগতে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ সৈতে মত বিনিময় কৰা হ'ব ৷ লগতে, বিশ্বৰ বিভিন্ন দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰি নিজৰ অনুভৱ ব্যক্ত কৰিব মহোৎসৱত ৷ জানিবলগীয়া যে, এই মহোৎসৱৰ সহযোগী প্ৰতিষ্ঠান হৈছে ' The Federation of Indian Chambers of Commerce and Industries.'

লগতে পঢ়ক : বছৰৰ আৰম্ভনিতে স্থলসেনাৰ শীৰ্ষ-পৰ্যায়ত ব্যাপক ৰদ-বদল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.