নেশ্যনেল ডেস্ক, ২২ জানুৱাৰী: ছ'চিয়েল মিডিয়াত খলকনি তুলিছে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা কোষৰ মুখ্য অৰ্থনীতিবিদ গীতা গোপীনাথে শ্বেয়াৰ কৰা এটা ভিডিঅ'ই । এই ভিডিঅ'টো বলীউডৰ প্ৰবীণ অভিনেতা অমিতাভ বচ্চনে আঁত ধৰা টেলিভিছন শ্ব' "কৌন বনেগা ক্ৰ'ড়পতি"ৰ । টেলিভিছন শ্ব'টোত অমিতাভ বচ্চনে গীতা গোপীনাথক লৈও এটা প্ৰশ্ন কৰিছিল । গীতা গোপীনাথৰ ফটো দেখুৱাই সেই তেওঁ কাম কৰা সংস্থাটোৰ নামটো সুধিছিল ।
-
Ok, I don't think I will ever get over this. As a HUGE fan of Big B @SrBachchan, the Greatest of All Time, this is special! pic.twitter.com/bXAeijceHE
— Gita Gopinath (@GitaGopinath) January 22, 2021 " class="align-text-top noRightClick twitterSection" data="
">Ok, I don't think I will ever get over this. As a HUGE fan of Big B @SrBachchan, the Greatest of All Time, this is special! pic.twitter.com/bXAeijceHE
— Gita Gopinath (@GitaGopinath) January 22, 2021Ok, I don't think I will ever get over this. As a HUGE fan of Big B @SrBachchan, the Greatest of All Time, this is special! pic.twitter.com/bXAeijceHE
— Gita Gopinath (@GitaGopinath) January 22, 2021
সেই সময়তে উত্তৰটোৰ কিঞ্চিৎ আভাস দিয়াৰ বাবে বিগ বিয়ে কৈছিল যে, এই মহিলাগৰাকী ইমানেই ধুনীয়া যে তেওঁক কোনেও অৰ্থনীতিৰে সম্পৰ্ক থকা বুলি ধাৰণা কৰিব নোৱাৰে । টুইটযোগে এই ভিডিঅ'টো শ্বেয়াৰ কৰি গীতা গোপীনাথে কৈছে যে, এই ভিডিঅ'টো তেওঁৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ । লগতে তেওঁ অমিতাভ বচ্চনক সৰ্বকালৰ মহান অভিনেতাও আখ্যা দিয়ে ।
বিগ বিয়ে প্ৰত্যুত্তৰত কয় যে, শ্ব'টোত অতি আন্তৰিকতাৰে অৰ্থনীতিবিদগৰাকীৰ বিষয়ে এনেদৰে কোৱা হৈছিল । আনহাতে, বচ্চনৰ মন্তব্যক লৈ অনুৰাগীয়ে যথেষ্ট চৰ্চা কৰা দেখা যায় । উল্লেখ্য যে, গীতা গোপীনাথ হৈছে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা কোষৰ মুখ্য অৰ্থনীতিবিদৰ আসন অলংকৃত কৰা প্ৰথম মহিলা । ২০১৯ চনৰ পৰা তেওঁ এই দায়িত্ব পালন কৰি আহিছে ।
লগতে পঢ়ক:প্ৰতিষেধক প্ৰেৰণৰ বাবে ভাৰতক ধন্য়বাদ নেপালৰ প্ৰধানমন্ত্ৰীৰ