ETV Bharat / bharat

Acid Attack: উত্তৰাখণ্ডত যুৱকৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ, ভুক্তভোগী যুৱতীক এচিডেৰে কৰিলে আক্ৰমণ

author img

By

Published : Mar 13, 2023, 1:49 PM IST

উত্তৰাখণ্ডৰ মাংগলৌৰ (Manglaur) আৰক্ষী থানাৰ অন্তৰ্গত কোটৱালি অঞ্চলৰ বাসিন্দা এগৰাকী যুৱতীয়ে তেওঁৰ ওপৰত এজন যুৱকে এচিড নিক্ষেপ কৰাৰ অভিযোগ উত্থাপন কৰিছে(Acid Attack in Manglaur Uttarakhand) ।

Acid Attack in Manglaur Uttarakhand
উত্তৰাখণ্ডৰ মাংগলোৰত যুৱকৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ যুৱতীৰ

নিউজ ডেস্ক, 13 মাৰ্চ: উত্তৰাখণ্ডৰ মাংগলৌৰ (Manglaur Uttarakhand) আৰক্ষী থানাৰ অন্তৰ্গত এটা অঞ্চলৰ বাসিন্দা এগৰাকী যুৱতীয়ে অভিযোগ কৰা অনুসৰি এজন যুৱকে তেওঁক শাৰিৰীকভাৱে অত্যাচাৰ চলোৱাৰ লগতে তেওঁলৈ এচিড নিক্ষেপ কৰিছিল । যুৱতীগৰাকীয়ে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহতে আৰক্ষীৰ কাষ চপাৰ লগতে অভিযুক্ত যুৱকজনে তেওঁক ধৰ্ষণ কৰা বুলি ৰুজু কৰিছিল গোচৰ ৷ আৰু ইয়াৰ পাছতে আৰক্ষীয়ে এই বিষয়টোৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে (Roorkee News) ৷

অভিযোগ অনুসৰি শনিবাৰে সন্ধিয়া যুৱতীগৰাকীয়ে চহৰৰ এখন দোকানৰ পৰা ঔষধ ক্ৰয় কৰি আহি থকাৰ সময়তে এচিড আক্ৰমণৰ ঘটনাটো সংঘটিত হৈছিল । যুৱতীগৰাকীয়ে অভিযোগ কৰিছিল যে চহৰখনৰ বাসিন্দা হায়দৰ নামৰ যুৱকজনে তেওঁৰ ওপৰত এচিড নিক্ষেপ কৰিছিল, য'ত তেওঁৰ হাতৰ কিছু অংশ জ্বলি গৈছিল (Youth Throwing Acid in Manglaur Uttarakhand)। যেতিয়া তেওঁ এটা এলাৰ্ম বজাইছিল আৰু অভিযুক্ত যুৱকজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰিছিল ।

ঘটনাটোৰ বিষয়ে অৱগত হোৱাৰ পিছতে যুৱতীগৰাকীৰ আত্মীয়সকল ঘটনাস্থলীত উপস্থিত হৈছিল । তেওঁলোকে ততাতৈয়াকৈ ভুক্তভোগী যুৱতীগৰাকীৰ চিকিৎসাৰ ব্যৱস্থা কৰিছিল । যুৱতীগৰাকীয়ে আৰক্ষীৰ আগত উল্লেখ কৰা অনুসৰি, 2015 চনৰ পৰাই হায়দৰ নামৰ যুৱকজনৰ সৈতে তেওঁৰ বন্ধুত্বৰ সম্পৰ্ক আছিল । 2020 চনত হায়দৰে বিবাহৰ অজুহাতত তেওঁক বহুবাৰ ধৰ্ষণ (Uttarakhands Manglaur Rape Case) কৰিছিল। এই সময়ছোৱাতে, যুৱতীগৰাকীৰ অশ্লীল ভিডিঅ' নিৰ্মাণ কৰিছিল হায়দৰে । ইয়াৰ পিছৰ পৰাই যুৱকজনে তেওঁক মানসিক হাৰাশাস্তি আৰু ব্লেকমেইলিং কৰিবলৈ আৰম্ভ কৰে (Uttarakhand News)।

যুৱতীগৰাকীয়ে যেতিয়া যুৱকজনৰ পৰা অহা শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ অস্বীকাৰ কৰিছিল, তেতিয়া ছচিয়েল মিডিয়াত ভিডিঅ' ভাইৰেল কৰাৰ ভাবুকি দিবলৈ আৰম্ভ কৰিছিল হায়দৰে । এই সন্দৰ্ভত তেওঁ ২০২৩ চনৰ ফেব্ৰুৱাৰীত হায়দৰৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছিল। শেহতীয়াকৈ যুৱতীগৰাকীয়ে আৰক্ষীক দিয়া অভিযোগ অনুসৰি, হায়দৰে তেওঁক বাটৰ পৰা আঁতৰাবলৈকে তেওঁৰ ওপৰত এচিড নিক্ষেপ কৰিছিল ।

মাংগলৌৰ (Manglaur) আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত পৰিদৰ্শক মনোজ মাইনৱালে কয় যে, আৰক্ষীয়ে যুৱতীগৰাকীৰ কিছু কাপোৰ ইতিমধ্যে ফৰেনচিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে । তাৰোপৰি ঘটনাটোৰ সত্যতা জানিবলৈ, আৰক্ষীয়ে ঘটনাস্থলীৰ চাৰিওফালে থকা চিচিটিভি কেমেৰাসমূহৰ ফুটেজ পৰীক্ষা কৰি আছে ।

লগতে পঢ়ক : Brutal Murder: ঘৰলৈ মাতি বান্ধৱীয়ে নৃশংসভাৱে হত্যা কৰিলে নাবালিকাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.