ETV Bharat / bharat

ঘৰ এৰিবলৈ বাধ্য কৰোৱা হৈছে বুলি মন্তব্য কৰিলে কংগ্ৰেছ ত্যাগী গোলাম নবী আজাদে

author img

By

Published : Aug 29, 2022, 4:26 PM IST

দেশৰ ৰাজধানী দিল্লীত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত গোলাম নবী আজাদৰ মন্তব্য, "মোক ঘৰ এৰিবলৈ বাধ্য কৰোৱা হৈছে (Ghulam Nabi Azad reaction after quitting Congress)" ।

Ghulam Nabi Azad
Ghulam Nabi Azad

নিউজ ডেস্ক, ২৯ আগষ্ট : সদ্য কংগ্ৰেছ ত্যাগী নেতা গোলাম নবী আজাদৰ শেহতীয়া মন্তব্য, তেওঁক দল এৰিবলৈ বাধ্য কৰোৱা হৈছে । ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত গোলাম নবী আজাদৰ মন্তব্য, "মোক ঘৰ এৰিবলৈ বাধ্য কৰোৱা হৈছে (Ghulam Nabi Azad reaction after quitting Congress)" ৷

তেওঁৰ পদত্যাগক লৈ কংগ্ৰেছক সমালোচনা কৰি কয় (Ghulam Nabi Azad criticized congress), "মোডী হৈছে অজুহাত । জি-২৩ পত্ৰ লিখাৰ পিছৰে পৰা তেওঁলোকৰ মোৰ সৈতে এটা সমস্যা হৈছে । তেওঁলোকে কেতিয়াও বিচৰা নাছিল যে কোনোবাই তেওঁলোকৰ বিৰুদ্ধে লিখিব, তেওঁলোকক প্ৰশ্ন কৰিব (G23 letter to congress) ।" "বহু বৈঠক (কংগ্ৰেছৰ) হ'ল, কিন্তু এটা মাত্ৰও পৰামৰ্শ গ্ৰহণ কৰা নহ'ল ।" তেওঁ লগতে কয় ।

উল্লেখ্য, ৰাহুল গান্ধীৰ অপৰিপক্বতাৰ অভিযোগ তুলি শুকুৰবাৰে গোলাম নবী আজাদে কংগ্ৰেছৰ সকলো সদস্যপদৰ পৰা পদত্যাগ কৰে । লগতে তেওঁ ৰাহুল গান্ধীয়ে 'দলৰ পৰামৰ্শদাতা প্ৰণালী ধ্বংস কৰা' বুলিও অভিযোগ কৰে (Ghulam Nabi Azad blamed Rahul Gandhi) ।

কংগ্ৰেছৰ অন্তৰ্ৱৰ্তীকালীন সভাপতি ছোনিয়া গান্ধীলৈ লিখা কঠোৰ পদত্যাগ-পত্ৰত আজাদে দাবী কৰে যে, কোৱল এজন ব্যক্তিৰ দ্বাৰা দলটো চলাই থকা হৈছে (Ghulam Nabi Azad resignation to Sonia Gandhi) । ছোনিয়া গান্ধী নামমাত্ৰ মুৰব্বীহে । সকলো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাহুল গান্ধীৰ দ্বাৰা লোৱা হৈছিল আনকি তেওঁৰ নিৰাপত্তাৰক্ষী আৰু ব্যক্তিগত সচিবসকলেও এই সিদ্ধান্ত লোৱাৰ বাবে পৰিস্থিতি অধিক বেয়া হৈছিল । গোলাম নবী আজাদে জম্মু-কাশ্মীৰৰ সাংগঠনিক পদ ত্যাগৰ পিছদিনাই এই বক্তব্য প্ৰকাশ কৰে ।

আনহাতে, ৰাহুল গান্ধীক আক্ৰমণ কৰি গোলাম নবী আজাদে লিখে (Ghulam Nabi Azad attacked Rahul Gandhi), "২০১৯ চনৰ নিৰ্বাচনৰ পিছৰ পৰা দলৰ অৱস্থা কেৱল বেয়াৰ ফালে ঢাল খাই গৈছে । ইয়াৰ পিছত ৰাহুল গান্ধীয়ে এক আশংকাত পদবীৰ পৰা পদত্যাগ কৰে আৰু দলটোৰ সকলো জ্যেষ্ঠ বিষয়ববীয়াক অপমান কৰে যিসকলে দলটোৰ বাবে নিজৰ জীৱন উছৰ্গা কৰিছে । ইয়াৰ পিছত এক বৰ্ধিত কাৰ্যনিৰ্বাহক সমিতিৰ বৈঠকত আপুনি দলটোৰ অন্তৰ্ৱৰ্তীকালীন সভাপতিৰ দায়িত্ব গ্ৰহণ কৰে (congress interim president Sonia Gandhi) । আৰু উক্ত পদত বৰ্তমানলৈকে তিনি বছৰ ধৰি আপুনি কাৰ্যনিৰ্বাহ কৰি আছে ।"

উল্লেখ্য, যোৱা শনিবাৰে জম্মু-কাশ্মীৰৰ বহুকেইগৰাকী কংগ্ৰেছ নেতাই বৰ্ষীয়ান ৰাজনীতিকজনক লগ ধৰে । কিয়নো তেওঁ পদত্যাগ-পত্ৰ দাখিলৰ এদিন পিছতেই এক নতুন ৰাষ্ট্ৰীয় ৰাজনৈতিক দল গঠনৰ পৰিকল্পনাৰ কথা ঘোষণা কৰে (Ghulam Nabi Azad declared new political party) ।

"জম্মু-কাশ্মীৰৰ বিধায়কসকল ইয়াত আছে । বহুকেইজন জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী বিয়লিলৈ আহিব । আজাদ চাহাবে কৈছে যে, এটা নতুন ৰাষ্ট্ৰীয় ৰাজনৈতিক দল খুলিব । আমি জম্মু-কাশ্মীৰৰ পৰাই ইয়াৰ যাত্ৰা আৰম্ভ কৰিম আৰু আগন্তুক নিৰ্বাচনত সৰ্বশক্তিৰে যুঁজিম । আমি মন্তব্যৰ প্ৰত্যুত্তৰ নহয়, আমি প্ৰত্যুত্তৰ দিম জয়েৰে ।" প্ৰাক্তন কংগ্ৰেছ নেতা ছলমান নিজামীয়ে এনেদৰে কয় ।

উল্লেখ্য, উক্ত বৈঠক গোলাম নবী আজাদে কংগ্ৰেছৰ সকলো সদস্য পদৰ পৰা ইস্তফা দিয়াৰ ২৪ ঘণ্টাৰ ভিতৰতে অনুষ্ঠিত হয় আৰু উপত্যকাটোত আগন্তুক বছৰত অনুষ্ঠিত হ'বলগা নিৰ্বাচনৰ পূৰ্বে এই বৈঠক গুৰুত্বপূৰ্ণ হিচাবে বিবেচিত হৈছে ।

লগতে পঢ়ক :কংগ্ৰেছৰ সভাপতি পদৰ নিৰ্বাচনৰ দিন ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.