ETV Bharat / bharat

Ghulam Nabi Azad biography: বৰ্তমানৰ কংগ্ৰেছত জীয়াই থাকিবলৈ হ’লে নেতাসকল হ’ব লাগিব মেৰুদণ্ডহীন: আজাদ

বুধবাৰে উন্মোচন কৰা হ’ল প্ৰাক্তন কংগ্ৰেছ নেতা গোলাম নবী আজাদৰ ‘আজাদ’ শীৰ্ষক আত্মজীৱনীখন ৷ এই আত্মজীৱনীখনত উল্লেখ আছে কংগ্ৰেছৰ বহু অকথিত দস্তাবেজ ৷ আত্মজীৱনীখন উন্মোচন কৰি কংগ্ৰেছৰ বৰ্তমানৰ অৱস্থাৰ বাবে ৰাহুল গান্ধীক দোষাৰোপ কৰে গোলাম নবী আজাদে (Ghulam Nabi Azad Biography) ৷

author img

By

Published : Apr 6, 2023, 10:44 AM IST

Etv Bharat
Etv Bharat

নেশ্যনেল ডেস্ক, 6 এপ্ৰিল: ‘‘বৰ্তমানৰ কংগ্ৰেছত জীয়াই থাকিবলৈ হ’লে নেতাসকল হ’ব লাগিব মেৰুদণ্ডহীন ৷’’ এই মন্তব্য কংগ্ৰেছৰ প্ৰাক্তন জ্যেষ্ঠ নেতা গোলাম নবী আজাদৰ ৷ বুধবাৰে কংগ্ৰেছৰ এসময়ত অতি গুৰুত্বপূৰ্ণ নেতাগৰাকী সৰৱ হৈ পৰিল কংগ্ৰেছৰ বিৰুদ্ধে (Ghulam Nabi Azad Biography) ৷

উল্লেখ্য যে, বুধবাৰে নতুন দিল্লীৰ নেহৰু মেম'ৰিয়েল মিউজিয়াম এণ্ড লাইব্ৰেৰীত (Nehru Memorial Museum and Library) উন্মোচন কৰা হয় গোলাম নবী আজাদৰ 'আজাদ’ শীৰ্ষক আত্মজীৱনীখন (Azaad an autobiography) ৷ আত্মজীৱনী উন্মোচনী অনুষ্ঠানতেই কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈ পৰিল গোলাম নবী আজাদ ৷ উল্লেখ্য যে, বিগত বৰ্ষত কংগ্ৰেছ দল ত্যাগ কৰে গোলাম নবী আজাদে ৷ ‘আজাদ’ শীৰ্ষক এই আত্মজীৱনীখনত কংগ্ৰেছৰ সাম্প্ৰতিক অৱস্থাৰ বাবে দোষাৰোপ কৰা হৈছে ৰাহুল গান্ধীক (Ghulam Nabi Azad blames Rahul for exit congress) ৷

‘আজাদ’ নামৰ এই আত্মজীৱনীখনে এতিয়া দেশৰ ৰাজনীতিত লগাইছে ব্যাপক তোলপাৰ ৷ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ ত্যাগ কৰাৰ আঁৰৰ কাৰণ ৰাহুল গান্ধী বুলি উল্লেখ কৰা হৈছে এই আত্মজীৱনীখনত (Why Himanta left congress) ৷

  • I am thrilled to announce the launch of my book #Azaad today. Through this book, I offer a personal account of my political journey spanning five decades, tracing the remarkable evolution of India's political landscape. With candid reflections on my life and career alongside 1/2 pic.twitter.com/cfZYDTWoGT

    — Ghulam Nabi Azad (@ghulamnazad) April 5, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ইফালে, কাৰ্যকাল সমাপ্ত হোৱাৰ পাচতো কিয় আজাদক চৰকাৰী আবাসগৃহ খালি কৰিবলৈ কোৱা হোৱা নাই বুলি সোধা এক প্ৰশ্নৰ উত্তৰ তেওঁ কয়, ‘‘কংগ্ৰেছৰ সাধাৰণ সম্পাদক হৈ থকা অৱস্থাত মোক পঞ্জাৱত 26 বাৰ আৰু মুখ্যমন্ত্ৰী হৈ থকা অৱস্থাত কাশ্মীৰত 16 বাৰ সন্ত্ৰাসবাদীয়ে হত্যাৰ চেষ্টা কৰিছিল ৷’’

তেওঁ লগতে কয়, ‘‘মোৰ জীৱনৰ প্ৰতি থকা ভাবুকিৰ কথা লক্ষ্য ৰাখি গৃহ মন্ত্ৰালয়ৰ তৰফৰ পৰা মোক চৰকাৰী আবাসগৃহ প্ৰদান কৰা হৈছে ৷ কিন্তু এই আবাসত মই বিনামূলীয়াকৈ থকা নাই ৷ ইয়াৰ বাবে মই সম্পূৰ্ণ ভাৰা পৰিশোধ কৰোঁ ৷’’

লক্ষ্যনীয়ভাৱে, তেওঁ কংগ্ৰেছ ত্যাগ কৰাৰ বাবে সম্পূৰ্ণৰোপে জগৰীয়া কৰে ৰাহুল গান্ধীক ৷ তেওঁ কয় যে মই ৰাহুল গান্ধীৰ বাবেই বৰ্তমান কংগ্ৰেছত নাই ৷ কংগ্ৰেছৰ আভ্যন্তৰীণ সংস্কাৰৰ বাবে জি-23 ৰ সদস্যই দলৰ হাইকমাণ্ডক আহ্বান জনোৱাৰ পাচতো কোনো গুৰুত্ব প্ৰদান নকৰিলে বুলি তেওঁ উল্লেখ কৰে ৷ কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াও (Union Minister Jyotiraditya Scindia) এইবোৰ কাৰণতে 2020 চনত কংগ্ৰেছ ত্যাগ কৰি বিজেপিলৈ গমন কৰা বুলি উল্লেখ কৰে ৷ মুঠৰ ওপৰত গোলাম নবী আজাদাৰ আত্মজীৱনীত উল্লেখ আছে কংগ্ৰেছৰ ভিতৰ চ’ৰাত চলা বহু অকথিত দস্তাবেজ ৷

লগতে পঢ়ক: Ghulam Nabi Azad autobiography: ৰাহুল গান্ধীৰ বাবেই কংগ্ৰেছ ত্যাগ কৰিছিল নেকি হিমন্ত বিশ্ব শৰ্মাই ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.