ETV Bharat / bharat

Ghaziabad conversion case : ধৃত শ্বাহনাৱাজৰ ফোনত ৩০ টা পাকিস্তানী নম্বৰ উদ্ধাৰ

author img

By

Published : Jun 14, 2023, 5:09 PM IST

গাজিয়াবাদ ধৰ্মান্তৰকৰণ গোচৰ সন্দৰ্ভত চলি থকা তদন্তত প্ৰকাশ পাইছে যে অভিযুক্ত শ্বাহনাৱাজৰ মোবাইল ফোনত পাকিস্তানৰ ৩০ টাৰো অধিক নম্বৰ আছে । জেৰাৰ সময়ত অভিযুক্তই বিষয়াসকলক কয় যে উক্ত পাকিস্তানী নম্বৰবোৰ গুগল এপৰ সৈতে সংযুক্ত কৰাৰ পিছত তেওঁলোকৰ ফোনত প্ৰৱেশ কৰিব পাৰে ।

Ghaziabad conversion case
Ghaziabad conversion case

নিউজ ডেস্ক, ১৪ জুন : গেমিং এপ্লিকেচনৰ সৈতে জড়িত গাজিয়াবাদ ধৰ্মান্তৰকৰণ গোচৰৰ তদন্ত চলি থকাৰ সময়তে এক নতুন আশ্চৰ্যকৰ তথ্য উন্মোচন হৈছে । আৰক্ষী সূত্ৰই জনোৱা অনুসৰি, মূল অভিযুক্ত শ্বাহনাৱাজ খান ওৰফে বাডোৰ জব্দ কৰা মোবাইল ফোনত ৩০ টা পাকিস্তানী নম্বৰ পোৱা গৈছে । অভিযুক্তজনে এই ফোন নম্বৰবোৰ পাকিস্তানৰ সৈতে নিয়মীয়াকৈ কথা পাতিবলৈ ব্যৱহাৰ কৰিছিল বুলি সূত্ৰত লগতে প্ৰকাশ ।

আনহাতে, আৰক্ষীয়ে এই পাকিস্তানী নম্বৰবোৰৰ বিষয়ে সোধাত অভিযুক্তই এক অপ্ৰত্যাশিত উত্তৰ দিযে । যাৰ ফলত তদন্তকাৰী বিষয়াসকলৰ সন্দেহ আৰু বৃদ্ধি পায় । উল্লেখ্য যে এই সমগ্ৰ বিষয়টো যোৱা ৩০ মে'ত পোহৰলৈ আহে । গাজিয়াবাদৰ কবি নগৰ আৰক্ষীয়ে এটা অভিযোগ লাভ কৰাৰ পিছত ঘটনাটো পোহৰলৈ আহে । আৰক্ষীয়ে এটা গেমিং এপৰ জৰিয়তে জৈন পৰিয়ালৰ এটা শিশুক প্ৰৰোচিত কৰি ধৰ্মান্তৰকৰণৰ চেষ্টা কৰাৰ অভিযোগটো লাভ কৰিছিল ।

প্ৰথমতে আৰক্ষীয়ে এই গোচৰটোত আব্দুল ৰেহমান নামৰ এজন মৌলবীক গ্ৰেপ্তাৰ কৰে । আনহাতে, সোমবাৰে আৰক্ষীয়ে মহাৰাষ্ট্ৰৰ থানেত মুখ্য অভিযুক্তজনক গ্ৰেপ্তাৰ কৰি মঙলবাৰে গাজিয়াবাদলৈ লৈ যায় । তেওঁক জেৰাৰ সময়ত বহুতো আশ্চৰ্যকৰ কথা ওলাই আহে । আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে, তেওঁৰ লেপটপত কিছুমান ই-মেইল আইডিৰ বিৱৰণ পোৱা গৈছে আৰু সেইবোৰ পাকিস্তানত বাস কৰা কিছুমান ব্যক্তিৰ সৈতে সম্পৰ্কিত ।

তথ্য অনুসৰি, পাকিস্তানৰ পৰা প্ৰায় ৩০ টা ফোন নম্বৰ ব্যৱহাৰ কৰি শ্বাহনৱাজৰ লগত বহুবাৰ কথোপকথন হৈছে । ইয়াৰ বাহিৰেও তেওঁৰ গেজেটত বহুতো ই-মেইল আইডি পোৱা গৈছে । আনহাতে, পাকিস্তানৰ লোকসকলৰ সৈতে বহুতো ভিডিঅ' লিংক শ্বেয়াৰ কৰাৰ তথ্যও লাভ কৰা গৈছে । অৱশ্যে সূত্ৰটোৱে লগতে জনোৱা মতে, অভিযুক্তই তেওঁৰ মোবাইল ফোনৰ বেছিভাগ তথ্য মচি পেলাইছে । ইয়াৰ উপৰি কম্পিউটাৰটোৰ হাৰ্ড ডিস্কত থকা ডাটাও ডিলিট কৰা হৈছে ।

আনহাতে, চাইবাৰ চেলৰ পৰা লাভ কৰা তথ্য অনুসৰি, মচি পেলোৱা তথ্যবোৰ উদ্ধাৰ কৰা হৈছে । আৰক্ষী সূত্ৰই জনোৱা মতে, অভিযুক্তক ধৰ্মান্তৰকৰণত জড়িত থকাৰ বিষয়ে সোধাত কয় যে তেওঁ কাকো ধৰ্মান্তৰিত কৰা নাছিল । কিন্তু পাকিস্তানী মোবাইল নম্বৰৰ বিষয়ে সোধাত তেওঁ উত্তৰ দিয়ে যে গুগলৰ সৈতে লিংক হোৱাৰ পিছত সেই নম্বৰবোৰ হয়তো তেওঁৰ মোবাইললৈ আহিছে ।

ইফালে পাকিস্তানৰ পৰা চলি থকা ইউটিউব চেনেলটোৰ বিষয়ে সোধাত শ্বাহনাৱাজে কয় যে যিয়ে তেওঁক ভিডিঅ' লিংক বিচাৰিছিল তেওঁলোকক তেওঁ সেই লিংক শ্বেয়াৰ কৰিছিল । উল্লেখ্য যে আৰক্ষীয়ে এটা ইউটিউব চেনেলৰ বিষয়ে তথ্য লাভ কৰিছে, য'ত আপত্তিজনক ভিডিঅ' আপলোড কৰা হৈছে আৰু এই ইউটিউব চেনেলটোৰ পাকিস্তানৰ সৈতে সম্পৰ্ক আছে ।

আৰক্ষীৰ সূত্ৰই লগতে জনায় যে প্ৰয়োজন হ'লে অভিযুক্তজনক পুনৰ জিম্মাত লোৱা হ'ব । উল্লেখ্য যে মঙলবাৰে ট্ৰেঞ্জিট ৰিমাণ্ড শেষ হোৱাৰ পূৰ্বেই আৰক্ষীয়ে শ্বাহনাৱাজক গাজিয়াবাদ আদালতত হাজিৰ কৰায় আৰু তেওঁক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয় । অভিযুক্ত শ্বাহনাৱাজ বৰ্তমান গাজিয়াবাদৰ দাসনা কাৰাগাৰত বন্দী হৈ আছে ।

লগতে পঢ়কSenthil Balaji case: চেন্থিল বালাজীৰ বাইপাছ ছাৰ্জাৰীৰ পৰামৰ্শ চিকিৎসকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.