ETV Bharat / bharat

Milestone in India US defence cooperation : যুঁজাৰু বিমান ইঞ্জিন উৎপাদনৰ বাবে ভাৰত আমেৰিকাৰ মাজত বিশেষ চুক্তি

author img

By

Published : Jun 22, 2023, 5:52 PM IST

আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিমান ইঞ্জিন যোগানকৰ্তা জিই এৰ'স্পেছ আৰু হিন্দুস্তান এৰ'নটিক্স লিমিটেডৰ মাজত হৈছে এই চুক্তি । চুক্তি অনুসৰি ভাৰতত জিই এৰ'স্পেচে এফ ৪১৪ ইঞ্জিনৰ যুটীয়া উৎপাদন কৰিব । এৰ'স্পেচ কোম্পানীটোৱে প্ৰয়োজনীয় ৰপ্তানি অনুমোদনৰ বাবে আমেৰিকা চৰকাৰৰ সৈতে কাম কৰি আছে ।

Milestone in India US defence cooperation
যুঁজাৰু বিমান ইঞ্জিন উৎপাদনৰ বাবে ভাৰত আমেৰিকাৰ মাজত বিশেষ চুক্তি

নেশ্যনেল ডেস্ক,২২ জুন : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰী ভ্ৰমণৰ মাজত ভাৰত আৰু আমেৰিকাৰ প্ৰতিৰক্ষা সহযোগিতাৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে । কিয়নো বৃহস্পতিবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিমান ইঞ্জিন যোগানকৰ্তা জিই এৰ'স্পেছে ভাৰতীয় বায়ু সেনাৰ লাইট কমবেট এয়াৰক্ৰাফ্ট (এলচিএ)-এমকে-২ তেজছৰ বাবে যুটীয়াভাৱে যুঁজাৰু বিমান ইঞ্জিন প্ৰস্তুত কৰাৰ বাবে হিন্দুস্তান এৰ'নটিক্স লিমিটেডৰ (এইচএএল) সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ কৰাৰ কথা ঘোষণা কৰে ।

এই চুক্তিত ভাৰতত জিই এৰ'স্পেচৰ এফ-৪১৪ ইঞ্জিনৰ সম্ভাৱ্য যুটীয়া উৎপাদন অন্তৰ্ভুক্ত আছে । এৰ'স্পেচ কোম্পানীটোৰ মুখ্য কাৰ্যালয়ে কয় যে ইয়াৰ বাবে প্ৰয়োজনীয় ৰপ্তানি অনুমোদন লাভ কৰিবলৈ আমেৰিকা চৰকাৰৰ সৈতে কাম কৰি আছে । কোম্পানীটোৱে লগতে কয় যে এই প্ৰচেষ্টাটো আইএএফৰ লাইট কমবেট এয়াৰক্ৰাফ্ট (এলএচি) এমকে-২ কাৰ্যসূচীৰ অংশ ।

কোম্পানীটোৱে হিন্দুস্তান এৰ'নটিক্স লিমিটেডৰ সৈতে এই বুজাবুজি চুক্তিক ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত প্ৰতিৰক্ষা সহযোগিতা শক্তিশালী কৰাৰ এক মুখ্য উপাদান হিচাপে বৰ্ণনা কৰিছে । জিইৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া এইচ লৰেন্স কুল্প জুনিয়ৰে কয় যে ভাৰত আৰু হিন্দুস্তান এৰ'নটিক্স লিমিটেডৰ সৈতে তেওঁলোকৰ দীৰ্ঘদিনীয়া অংশীদাৰিত্বৰ এয়া এক ঐতিহাসিক চুক্তি ।

তেওঁ কয় যে এফ ৪১৪ ইঞ্জিনসমূহ অতুলনীয় আৰু ই দুয়োখন দেশৰ বাবে গুৰুত্বপূৰ্ণ অৰ্থনৈতিক আৰু ৰাষ্ট্ৰীয় সুৰক্ষা সুবিধা প্ৰদান কৰিব কিয়নো তেওঁলোকে গ্ৰাহকসকলক তেওঁলোকৰ সামৰিক প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ সৰ্বোচ্চ মানদণ্ডৰ ইঞ্জিন প্ৰস্তুত কৰাত সহায় কৰি আহিছে ।

জিই এৰ'স্পেচ ৪ দশকৰো অধিক সময় ধৰি ভাৰতত চলি আছে । ১৯৮৬ চনত জিই এৰ'স্পেচে এফ৪০৪ ইঞ্জিনৰ সৈতে এলচিএ নিৰ্মাণত সহায় কৰিবলৈ ভাৰতৰ এৰ'নটিকেল ডেভেলপমেণ্ট এজেন্সি আৰু এইচ.এ.এল.ৰ সৈতে কাম কৰা আৰম্ভ কৰে । কোম্পানীটোৰ এফ ৪০৪ আৰু এফ৪১৪ ইঞ্জিনসমূহ বৰ্তমান এলচিএ এমকে ১ আৰু এলচিএ এমকে ২ কাৰ্যসূচীৰ অংশ । মুঠতে, ৭৫টা এফ৪০৪ ইঞ্জিন বিতৰণ কৰা হৈছে আৰু আন ৯৯ টা এলচিএ এমকে১ৰ বাবে অৰ্ডাৰ কৰা হৈছে ।

লগতে পঢ়ক :PM Modi US Visit : ভাৰত আৰু আমেৰিকাক প্ৰতিভাৰ পাইপলাইনৰ প্ৰয়োজন; প্ৰধানমন্ত্ৰী মোদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.